Logo
image

ভাল খবৰ! ইউনিক’ডত অসমীয়া ‘ফণ্ট’

আমাৰ অসম, ২২ ফেব্ৰুৱাৰীঃ অসম প্ৰকাশন পৰিষদৰ এলানি অভিলাষী প্ৰকল্পৰ ভিতৰত দুটা ভাষা প্ৰযুক্তি ভিত্তিক গুৰুত্বপূৰ্ণ প্ৰকল্প ছপাযোগ্য ‘বাণীকান্ত অসমীয়া ইউনিক’ড ফণ্ট’ আৰু ‘ৰসৰাজ ৰূপান্তৰক’ দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷ পৰিষদৰ বামুণীমৈদামস্থিত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এটা অনুষ্ঠানত এই প্ৰকল্প দুটা মুকলি কৰে ক্ৰমে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা আৰু অসম সাহিত্য সভাৰ সভাপতি ড॰ কুলধৰ শইকীয়াই৷ আজি এই প্ৰকল্প দুটা মুকলি অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় অসম প্ৰকাশন পৰিষদৰ উদ্যোগত ভাষা প্ৰযুক্তি বিকাশ পৰিষদৰ সহযোগিতাত অসমীয়া লিপি ইউনিক’ড সমৰ্থিত ছপা উপযোগী এটা ফণ্ট পৰিয়াল নিৰ্মাণ কৰি উলিওৱা হৈছে৷ অসমীয়া ভাষা কম্পিউটাৰত লিখাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি অহা প্ৰায়ভাগ ফণ্টেই বাংলাদেশত নিৰ্মিত, যিসমূহ আচলতে বাংলাভাষাত লিখিবলৈহে প্ৰস্তুত কৰা হৈছিল৷ সেই বাংলা ফণ্টবোৰত মাত্ৰ অসমীয়া ‘ৱ’ আৰু ‘ৰ’ বৰ্ণ দুটা সংযোগ কৰি অসমীয়া ভাষাৰ ফণ্টৰূপে ব্যৱহাৰ কৰা হৈ আহিছে৷ অসমীয়া ভাষাত কিছুমান যুক্তাক্ষৰ এই ফণ্টবোৰৰ দ্বাৰা আজিও প্ৰকাশ কৰিব পৰা নাযায়৷ বৰ্তমান ইউনিক’ডৰ সৰ্বত্ৰ প্ৰয়োগলৈ লক্ষ্য কৰি অসমীয়া ভাষা সুৰক্ষাৰ বাবে অসমীয়া ভাষা ডিজিটেল মাধ্যমত লিখিবলৈ অসমীয়া ইউনিক’ড ফণ্টৰ অতি প্ৰয়োজন৷ ছপাযোগ্য বাণীকান্ত অসমীয়া ইউনিক’ড ফণ্ট মুকলি কৰি অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই কয়–‘অসম প্ৰকাশন পৰিষদৰ  এই পদক্ষেপে অসমীয়া ভাষা তথা লিপিৰ উত্তৰণৰ ক্ষেত্ৰত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব৷’ অসমীয়া ভাষা জননীৰ বাবে আজি এটা ঐতিহাসিক দিন হিচাপে বিবেচিত হ’ব৷ ইফালে অনুষ্ঠানতে নন্‌ ইউনিক’ড ফণ্টৰ আখৰ ইউনিক’ডলৈ ৰূপান্তৰ কৰিব পৰা ‘ৰসৰাজ ৰূপান্তৰক’  মুকলি কৰে অসম সাহিত্য সভাৰ সভাপতি ড॰ কুলধৰ শইকীয়াই৷ ভাষণ প্ৰসংগত ড॰ শইকীয়াই কয়–‘অসম প্ৰকাশন পৰিষদৰ উদ্যোগে অসম সাহিত্য সভাৰ ‘মোৰ ভাষা মোৰ গৌৰৱ’ ধ্বনিক  আজি অধিক শক্তিশালী কৰিলে৷’ ভাষণ প্ৰসংগত ড॰ শইকীয়াই অসমীয়া ভাষা তথা লিপিৰ বিকাশ-বিস্তৃতিৰ বাবে অসম প্ৰকাশন পৰিষদে গ্ৰহণ কৰা এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে আৰু সকলোকে এনে পদক্ষেপৰ প্ৰতি সঁহাৰি জনাবলৈ মুকলি আহ্বান জনায়৷ উল্লেখ্য, অসম চৰকাৰৰ উচ্ছশিক্ষা বিভাগৰ অন্তৰ্গত অসম প্ৰকাশন পৰিষদে যোৱা ডেৰ বছৰীয়া প্ৰচেষ্টাৰ অন্তত অসমীয়া ভাষাৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে ‘ভাষা প্ৰযুক্তি বিকাশ পৰিষদ’ৰ সহযোগত অসমীয়া ‘ফণ্ট ফেমিলি’ নিৰ্মাণ কৰি উলিয়াইছে৷ প্ৰণিধানযোগ্য অসমীয়া ভাষাৰ ভেটি গঢ়োঁতা, গৱেষক ড॰ বাণীকান্ত কাকতিৰ নামত উৎসৰ্গিত এই ফণ্ট নিৰ্মাণৰ প্ৰকল্পত অসম প্ৰকাশন পৰিষদৰ উদ্যোগত ভাষা প্ৰযুক্তি বিকাশ পৰিষদৰ গুণদীপ চেতিয়া, ৰাজু গোহাঁই আৰু ড॰ ভাস্কৰজ্যোতি শৰ্মাই আগভাগ লৈছিল৷ আজিৰ সভাতে এই প্ৰকল্প দুটাৰ মূল চৰিওজন ব্যক্তি ক্ৰমে গুণদীপ চেতিয়া, ৰাজু গোহাঁই,¸ ড॰ ভাস্কৰজ্যোতি শৰ্মা আৰু নৱ বুজৰবৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ আজি ‘বিশ্ব মাতৃভাষা দিৱস’ৰ লগত সংগতি ৰাখি অসম প্ৰকাশন পৰিষদে এই ফণ্ট অসমীয়া ছপা মাধ্যমত ইউনিক’ডত প্ৰয়োগৰ বাবে মুকলি কৰি দিয়ে৷ অসমীয়া ভাষাৰ বাবে কাৰিকৰী দিশত এক যুগান্তকাৰী সংযোজন হিচাপে চিহ্নিত হোৱা এই ছপাযোগ্য ‘বাণীকান্ত অসমীয়া ইউনিক’ড ফণ্ট’ আৰু ‘ৰসৰাজ ৰূপান্তৰক’ অসম প্ৰকাশন পৰিষদৰ www.publicationboardassam. com  ৱেৱছাইটত বিনামূলীয়াকৈ উপলব্ধ হ’ব৷