Logo
image

কাজিৰঙাত অগপৰ ৰণডংকা, লোকসভা নিৰ্বাচনত নিঃচিহ্ন হ’ব কংগ্ৰেছঃ অতুল বৰা

ডিজিটেল সংবাদ, কলিয়াবৰঃ কাজিৰঙা সংসদীয় সমষ্টিত বুধবাৰে অসম গণ পৰিষদ দলৰ এখনি বিশাল বুথ কৰ্মী সন্মিলন কলিয়াবৰৰ কুঁৱৰীটোলস্থিত কলিয়াবৰ শিক্ষন মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয়। প্ৰায় ২০ সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত এই বুথ সন্মিলনৰ আৰম্ভণিতে দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তসহ কেন্দ্ৰীয় নেতৃত্বক কুঁৱৰীটোলৰ পৰা সন্মিলনস্থলীলৈ সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি অনা হয়। সন্মিলনত আদৰণি ভাষণ প্ৰদান কৰে সম্পাদক তথ্য প্ৰযুক্তি মণিমাধৱ মহন্ত আৰু উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক তথা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। 

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কলিয়াবৰত অনুষ্ঠিত অগপৰ কাজিৰঙা সংসদীয় সমষ্টিৰ বুথ কৰ্মী সন্মিলনত অংশগ্ৰহণ কৰি  অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে সংগ্ৰামী ইতিহাসৰ মাজেৰে আহি দুবাৰকৈ ৰাজ্যত চৰকাৰ গঠন কৰা ৰাজনৈতিক দল হৈছে অগপ। ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তত অগপৰ শিপা আছে আৰু এই শিপাডাল এতিয়া অধিক মজবুত তথা বিস্তাৰিত কৰাৰ প্ৰয়োজন বুলি কৈ সভাপতি বৰাই অগপৰ ভৱিষ্যৎ অতি উজ্জ্বল বুলি মন্তব্য কৰে। দলীয় সদস্যসকলক নিজ নিজ বুথত কৰ্মকৰ্তাৰ সংখ্যা বৃদ্ধিৰে দলৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত নিষ্ঠাৰে কাম কৰি যাবলৈ আহ্বান জনায়। সন্মিলনত সভাপতি অতুল বৰাই উল্লেখ কৰে যে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ পিছত কংগ্ৰেছে দেশৰ ৫ ৰাজ্যৰ শেহতীয়া নিৰ্বাচনত পৰাজয়ৰ প্ৰথম পৰ্যায় দেখিলে আৰু এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে পৰাজয়ৰ দ্বিতীয় পৰ্যায় দেখাৰ লগতে পৰাজয়ৰ এক নতুন ইতিহাসো ৰচিব। সভাপতি বৰাই ৰাহুল গান্ধীক অসমলৈ স্বাগতম জনাইছোঁ বুলি কটাক্ষ কৰি কয় যে উত্তৰ-পূবৰ দুৱাৰমুখত ভৰি দিয়েই ৰাহুল গান্ধীয়ে ৰাজ্যখনৰ বিকাশৰ এক নতুন প্ৰতিচ্ছবি দেখিবলৈ পাব। কংগ্ৰেছে মনত ৰখা ভাল যে বিকশিত অসমৰ জনসাধাৰণে এতিয়া আৰু কংগ্ৰেছক গ্ৰহণ নকৰে। 

বৰাই আৰু কয় যে কংগ্ৰেছ- এআইইউডিএফ কথাৰে সংখ্যালঘুৰ ত্ৰাণকৰ্তা, কিন্তু কামত ঘোৰ শত্ৰু। স্বাধীনতাৰ পাছত বহু বছৰ শাসনত থকা কংগ্ৰেছে সংখ্যালঘুৰ সৰ্বাংগীণ বিকাশ ত্বৰান্বিত কৰা নাই বৰঞ্চ এতিয়াহে সংখ্যালঘুসকলৰ বিকাশ আৰু প্ৰগতি ত্বৰান্বিত হৈছে বুলি কোৱাৰ লগতে কাজিৰঙা সংসদীয় সমষ্টিতো এইবাৰ কংগ্ৰেছৰ সূৰ্য অস্তমিত হ'ব বুলি মন্তব্য কৰে। সন্মিলনত সভাপতিয়ে আগন্তুক লোকসভা তথা আগন্তুক নিৰ্বাচনসমূহত কাজিৰঙা সংসদীয় সমষ্টিৰ অধীনস্থ প্ৰতিটো বুথত অগপই যাতে শক্তি প্ৰদৰ্শন কৰিব পাৰে, তাৰ বাবে নিজ নিজ বুথবোৰত সাংগঠনিক ভেটি মজবুত কৰি নিষ্ঠাৰে কাম কৰি যাবলৈ দলীয় সদস্যসকলক আহ্বান জনায়। 

সন্মিলনত দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কাজিৰঙা সংসদীয় সমষ্টিৰ অৰ্ন্তগত বুথ সমিতিসমূহৰ কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰি সন্মিলনখনত সমবেত হোৱা সতীৰ্থসকলৰ অভূতপূৰ্ব উৎসাহ-উদ্দীপনা প্ৰত্যক্ষ কৰি কয় যে জনসমাগমেই প্ৰতীয়মান কৰিলে অসম গণ পৰিষদৰ প্ৰতিগৰাকী সদস্যই সভাপতি অতুল বৰাৰ নেতৃত্বত ন-সাজেৰে সমন্বয়ৰ ধাৰাৰে প্ৰাণৱন্ত হৈ উঠিছে ৷ আঞ্চলিক ৰাজনৈতিক দল হিচাপে অসম গণ পৰিষদে আঞ্চলিক দায়িত্ব পালন কৰি গৈছে আৰু জাতীয় স্বাৰ্থ সুৰক্ষিত কৰি ৰাজ্যখনক সৰ্বাংগসুন্দৰ ৰূপ দিয়াত অসম গণ পৰিষদ দল বদ্ধপৰিকৰ। মহন্তই লগতে কয় যে সমাগত লোকসভা নিৰ্বাচনত বিৰোধীক সমুলঞ্চে নস্যাৎ কৰি মিত্ৰজোঁটক আদৰি লোৱাৰ বাবে ৰাইজ ইতিমধ্যে প্ৰস্তুত হৈছে আৰু পূৰ্ণোদ্যমে ৰাইজৰ তৃণমূল স্তৰত সম্পৰ্ক স্থাপন কৰি বুথ সমূহ সক্ৰিয় কৰিবলৈ দলীয় কৰ্মীসকলক আহ্বান জনায় ৷ সন্মিলনত জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডা০ কমলাকান্ত কলিতা, ভূপেন ৰায়, প্ৰবীন হাজৰিকা, উপ-সভাপতি ভৱেন ভৰালী, ড০ নৃপেন বৰুৱা, সম্পাদক নুৰুল চুলতান, অতুল মেধি, সম্পাদক তথ্য প্ৰযুক্তি মণিমাধৱ মহন্ত, সম্পাদক প্ৰচাৰ ড০ তপন দাসকে প্ৰমুখ্য কৰি কেন্দ্ৰীয় নেতৃত্ব, কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত সমূহ জিলা সমিতি আৰু বিধান সভা সমষ্টি সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকল, দলৰ ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি, সাধাৰণ সম্পাদকসকলৰ লগতে বুথ সমিতিসমূহ সভাপতি, সম্পাদকৰ লগতে সদস্যসকল উপস্থিত থাকে।