Logo
image

দললৈ আনিব বিৰোধী সাংসদো!অসম অভিযানৰ পূৰ্বে কৌশল চূড়ান্ত বিজেপিৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১১ জানুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্ধাৰণ কৰি দিয়া লক্ষ্য পূৰণৰ বাবে বিজেপিৰ নেতাগণ এনেদৰে উদগ্ৰীৱ হৈ পৰিছে যে, প্ৰয়োজনত দললৈ বিৰোধী দলৰ সাংসদক আনিবলৈও কৌশল গ্ৰহণ কৰিছে৷ যি সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়লাভৰ সম্ভাৱনা নাই, তেনে সমষ্টিত বিজেপিয়ে আন দলৰ সাংসদকে নিজৰ দললৈ আনি টিকট প্ৰদান কৰিবলৈ সিদ্ধান্ত লৈছে৷ অৱশ্যে তেনে সাম্প্ৰতিক সাংসদৰ সেই সমষ্টিত প্ৰভাৱ থাকিব লাগিব আৰু বিজয় নিশ্চিত হ’ব লাগিব৷ এনে ক্ষেত্ৰত বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীয়ে তেনে সমষ্টিত প্ৰাৰ্থিত্ব লাভ নকৰিব৷ মঙলবাৰে নতুন দিল্লীত ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ সৈতে বিজেপিৰ সাধাৰণ সম্পাদকৰ বৈঠকত শীৰ্ষ নেতৃত্বই সকলোকে ৪০০ আসনৰ কথা সোঁৱৰাই এই কৌশল স্থিৰ কৰি দিছে৷ 

বুধবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি ডে পি নড্ডাৰ অসম অভিযানৰ পূৰ্বেই দেশৰ সৰ্ববৃহৎ ৰাজনৈতিক  দলটোৱে এই ৰণকৌশল চূড়ান্ত কৰে৷ উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়া দলীয় বৈঠকত ভাগ লৈ এইবাৰৰ সাধাৰণ নিৰ্বাচনত ৪০০ৰ অধিক আসন লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল৷ নৰেন্দ্ৰ মোদীয়ে কৈছিল, যদিহে দলৰ সকলো কাৰ্যকৰ্তাই ‘একচন মুড’ত জঁপিয়াই পৰে, তেন্তে এই লক্ষ্যপূৰণ সম্ভৱ৷ তেওঁ সকলোকে কৈছিল, এইবাৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে ৫০ শতাংশ ভোট লাভ কৰাৰ লক্ষ্য ল’ব লাগে আৰু ৪০০ৰ অধিক আসন দখল কৰিব লাগে৷ তেতিয়াই বিজেপিয়ে ‘অৱ কি কি বাৰ, ৪০০ পাৰ’ শ্ল’গান চূড়ান্ত কৰে আৰু লক্ষ্যপূৰণৰ বাবে বিভিন্ন ৰণকৌশল গ্ৰহণৰ সিদ্ধান্ত লয়৷ 

মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত বৈঠকত ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই দলৰ সাধাৰণ সম্পাদকসকলক ভিন ভিন দায়িত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীৰ লক্ষ্যৰ কথা সোঁৱৰাই দিয়ে৷ কেৱল নিজৰ প্ৰাৰ্থীৰে বিজেপিয়ে যে ৫৪৩ লোকসভা আসনৰ ৪০০ আসন লাভ কৰিব নোৱাৰে, সেই সন্দৰ্ভত দলটোৰ ধাৰণা পৰিষ্কাৰ৷ কিন্তু মোদীৰ লক্ষ্য পূৰণ কৰিব লাগিব আৰু তাৰ বাবে কৌশল অৱলম্বন কৰিব লাগিব৷ সভাপতি জে পি নড্ডাই শীৰ্ষ নেতৃত্বই লোৱা সেই কৌশলকে বুজাই দিলে সাধাৰণ সম্পাদকসকলক৷ কেনেদৰে দেশৰ বিভিন্ন সমষ্টিত প্ৰভাৱ থকা বিৰোধী দলৰ সাংসদসকলক বিচাৰি উলিয়াব লাগিব আৰু সেই সন্দৰ্ভত আগবাঢ়িব লাগিব, সেই বিষয়ে সকলোকে সবিশেষ বুজাই দিয়া হয়৷ তেনে সাংসদক দলত যোগদান কৰোৱাৰ  বাবে ‘যোগদান কমিটী’ৰ দায়িত্ব অৰ্পণ কৰা হয় সাধাৰণ সম্পাদক বিনোদ তাওড়েক৷ এই কমিটীখনে দেশজুৰি প্ৰভাৱশালী বিৰোধী দলৰ সাংসদসকলক বিচাৰি উলিয়াব৷ তেনে সাংসদক প্ৰলোভিত কৰি পৰৱৰ্তী চৰকাৰ গঢ়াৰ নিশ্চিত সম্ভাৱনা থকা দল বিজেপিলৈ আনিব লাগিব কমিটীখনে৷ তেনে ক্ষেত্ৰত ইমানদিনে প্ৰাৰ্থিত্ব লাভৰ আশাত থকা আৰু এতিয়া বিজেপিৰ সাংসদ হৈ থাকিও প্ৰভাৱহীন হৈ পৰা নেতাৰ এইবাৰ বিজেপিৰ প্ৰাৰ্থিত্ব অৰ্জনৰ আশা মুদা মাৰিব৷ 

প্ৰসংগতঃ, বিজেপিয়ে বিগত সাধাৰণ নিৰ্বাচনত এককভাৱে ৩০৪খন আসন লাভ কৰিছিল৷ তেতিয়া দেশজুৰি পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত পাকিস্তান বিৰোধী আৰু জাতীয়তাবাদী ঢৌ উঠিছিল৷ এইবাৰ ৰাম মন্দিৰক বাদ দি তেনে ঢৌ নাই৷ সেয়ে নিজৰ শক্তি উপলব্ধি কৰা বিজেপিৰ হাতত বিৰোধীৰ নেতা ‘হাইজেক’ কৰাৰ বাহিৰে আন বিকল্প নাই৷ উল্লেখ্য, দেশত ৪০০ৰ অধিক আসন এবাৰেই  কংগ্ৰেছ দলে লাভ কৰিছিল ১৯৮৪ চনত ৰাজীৱ গান্ধীৰ নেতৃত্বত৷ তাৰ পাছত কোনো দলে একক সংখ্যাগৰিষ্ঠ হৈ লোকসভাত বিজয়ী হ’ব পৰা নাছিল ২০১৪ পৰ্যন্ত৷ সেইবাৰ প্ৰবল মোদী ঢৌৰ মাজত বিজেপিয়ে এককভাৱে ২৮২খন আসন লাভ কৰিছিল৷