Logo
image

উচ্ছতা বঢ়াবলৈ শিশুক এইবোৰ খাদ্য খুৱাওক

শিশুটি ওখ হ’বনে নহয় বা হ’লেও কিমান ওখ হ’ব তাক লৈ প্ৰায়ভাগ  পিতৃ-মাতৃৰ চিন্তা হয়৷  শিশুটিক কেনেদৰে হূষ্টপুষ্ট কৰিব পাৰি, কিমান সোনকালে ডাঙৰ কৰিব পাৰি তাক লৈয়েই দিনে-নিশাই মাতৃসকলৰ চিন্তা৷ জানি থোৱা ভাল যে এটি শিশু কিমান ওখ হ’ব সেয়া নিৰ্ভৰ কৰে জিনৰ ওপৰত৷ সাধাৰণতে কিছুমান শিশু ওখ হোৱাত পলম হয়৷ শিশুৱে যদি সঠিক খাদ্য নাখায়, তেন্তে তাৰ বিকাশত পলম হয়৷ চিকিৎসকৰ মতে সৰুৰে পৰা শিশুক সঠিক আৰু পুষ্টিকৰ খাদ্য খুৱালে তাৰ বিকাশ দ্ৰুত হয়৷ কিছুমান পাচলি আছে যিবোৰ খুৱালে শিশুৰ উচ্ছতা সোনকালে বাঢ়ে৷ উল্লেখ কৰা হ’ল তেনে পাচলিসমূহৰ বিষয়ে–

[১] মটৰ গুটিঃ মটৰ গুটি বিভিন্ন ধৰণে খোৱা হয়৷ নুডলছ, পাস্তা, চালাড আদিত মটৰ গুটি মিহলাই শিশুক খাবলৈ দিব পাৰে৷ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন, লুটেন, প্ৰটিন আৰু ফাইবাৰ থাকে৷ এইবোৰে শিশুৰ স্বাভাৱিক বৃদ্ধিত সহায় কৰে৷ শিশুক নিয়মীয়াকৈ মটৰ গুটি খুৱালেও উচ্ছতা সোনকালে বাঢ়ে৷

[২] ছয়াবিনঃ ছয়াবিনে শিশুৰ উচ্ছতা বৃদ্ধিত সহায় কৰে৷ ইয়াত থকা প্ৰচুৰ পৰিমাণৰ প্ৰটিনে শিশুৰ হাড় মজবুত কৰে৷ হাড়ৰ গঠন মজবুত হ’লে শিশুটি শক্তিশালী হয়৷

[৩] পালেংঃ পালেং শাকত বিভিন্ন পুষ্টিগুণ থাকে৷ তদুপৰি পালেঙত থাকে প্ৰচুৰ পৰিমাণৰ ভিটামিন, ফাইবাৰ আৰু খনিজ উপাদান৷ এই উপাদানসমূহে শিশুৰ উচ্ছতা বৃদ্ধিত সহায় কৰে৷ পালেং শাক খাব নুখুজিলে পকৰা, ছুপ, চালাড আদি প্ৰস্তুত কৰি খুৱাব পাৰি৷

[৪] ছালগমঃ উচ্ছতা বৃদ্ধিৰ ক্ষেত্ৰত আন এবিধ কাৰ্যকৰী পাচলি হৈছে ছালগম৷ এইবিধ পাচলিত প্ৰচুৰ পৰিমাণে মিনাৰেল, ফাইবাৰ, প্ৰটিন, ভিটামিন আৰু ফেটছ থাকে৷ সেয়ে উচ্ছতা বৃদ্ধিৰ বাবে শিশুটিক ছালগম খুৱাব পাৰে৷

[৫] ভেণ্ডিঃ ভেণ্ডি বজাৰত সহজলভ্য পাচলি৷ ইয়াত থকা কাৰ্বহাইড্ৰেট, ভিটামিন, ফাইবাৰ আৰু খনিজ উপাদানসমূহে শিশুৰ উচ্ছতা বৃদ্ধিত সহায় কৰে৷ ভেণ্ডিত থকা ফাইবাৰে গ্ৰথ হৰমনক  সক্ৰিয় কৰি তোলে৷ সেয়ে শিশুটিৰ উচ্ছতা বৃদ্ধিৰ বাবে ভেণ্ডি খুৱাব পাৰি৷