Logo
image

হে ভগৱান!

আমাৰ অসম, ২৩ ফেব্ৰুৱাৰীঃ ভেকচিন ল’লেই ভাঙৰ পুৰিয়া৷ ভাঙৰ পুৰিয়া পোৱাৰ আশাত এতিয়া আমেৰিকাৰ মিচিগানত কৰ’না ভাইৰাছৰ প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে৷ আমেৰিকাৰ বিভিন্ন প্ৰদেশ আৰু চহৰৰ লগতে মিচিগানৰ বাসিন্দায়ো প্ৰথমে ক’ভিডৰ প্ৰতিষেধক গ্ৰহণৰ ক্ষেত্ৰত বেচ অনীহা প্ৰকাশ কৰিছিল৷ আমেৰিকাৰ চৰকাৰে এতিয়ালৈকে বিনামূলীয়াকৈ তিনিবিধ প্ৰতিষেধক ক্ৰমে ফাইজাৰ, মডেৰ্ণা, ক’ভিশ্বিল্ড প্ৰদান কৰি আছে৷ পিছে অতি খেয়ালী মনোবৃত্তিৰ বহু আমেৰিকানে প্ৰতিষেধকক মুঠেই গুৰুত্ব আৰোপ কৰা নাই৷ কিছুদিন আগলৈকে মিচিগানৰ দশাও একেই আছিল৷ কিন্তু স্থানীয় এখন মাৰিজুৱানা অৰ্থাৎ ভাঙৰ বিখ্যাত দোকানে প্ৰতিষেধক গ্ৰহণ কৰিলেই ভাং অথবা গাঞ্জাৰ পুৰিয়া বিনামূলীয়াকৈ দিব বুলি ঘোষণা কৰাৰ লগে লগে মিচিগানৰ স্থানীয় যুৱক-যুৱতীৰ প্ৰতিষেধক লোৱাৰ মাত্ৰা চৰিছে৷  মিচিগানৰ ৱাল্ড লেক অঞ্চলৰ  ‘দ্য গ্ৰীণহাউছ’ নামৰ মাৰিজুৱানাৰ দোকানখনে ‘পট ফৰ শ্বটছ’ নামৰ এটা অভিযান আৰম্ভ কৰে৷ এই অভিযান অনুসৰি প্ৰতিষেধক গ্ৰহণ কৰা যিকোনো লোকেই গ্ৰীণ হাউছলৈ আহি ভাং বা গাঞ্জাৰ পুৰিয়া বিনামূলীয়াকৈ লৈ যাব পাৰে৷ তাৰ বাবে তেওঁলোকে কেৱল প্ৰতিষেধক গ্ৰহণ কৰা চৰকাৰী প্ৰমাণ-পত্ৰখন দেখুৱালেই হয়৷ গ্ৰীণ হাউছৰ স্বত্ত্বাধিকাৰী জেৰী মিলেনে কয়– মোৰ লক্ষ্য হৈছে যিমান পাৰি সিমান বেছিকৈ স্থানীয় লোকক প্ৰতিষেধক ল’বলৈ আকৰ্ষণ বঢ়োৱা৷ প্ৰথমে আমাৰ অঞ্চলত বহুতেই প্ৰতিষেধকক গুৰুত্ব দিয়া নাছিল৷ যুৱক-যুৱতীসকলে একেবাৰেই মনা নাছিল৷ কিন্তু মই প্ৰতিষেধক গ্ৰহণ কৰাৰ পুৰস্কাৰ হিচাপে ভাঙৰ পুৰিয়া দিবলৈ লোৱাৰ পৰা আমাৰ সমগ্ৰ অঞ্চলটোত প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ মাৰিজুৱানাৰ প্ৰতি বহুতৰে আকৰ্ষণ আছে৷ নিচা হিচাপে মই মাৰিজুৱানা বা ভাং বৈধভাৱে বিক্ৰী কৰো৷ সেয়ে ভাং উপহাৰ হিচাপে দিয়াটো কোনো দোষণীয় কথা নহয়৷ মই বিচাৰিছো ভয়ংকৰ কৰ’না অতিমাৰী পৃথিৱীৰ পৰা নোহোৱা হওক৷ তাৰ বাবে লাগিলে মোৰ যিমান ভাং খৰচ হয় হওক৷