Logo
image

মাৰ্চতহে ভোটৰ দিন ঘোষণাৰ ইংগিত মোদীৰ

◾চিলাপথাৰৰ জনসভাত ৩ পেট্ৰ’কেমিকেল প্ৰকল্প ঘোষণা
◾‘কা’, ষষ্ঠ দফাক লৈ শব্দ খৰচ নকৰিলে প্ৰধানমন্ত্ৰীয়ে

আমাৰ অসম, ২৩ ফেব্ৰুৱাৰীঃ মুখত জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাৰ দৰে বৰেণ্য অসমীয়াৰ প্ৰশস্তি৷ দুষাৰিমান কথাও ক’লে অসমীয়াত৷ গুণগুণালে ভূপেন হাজৰিকাৰ গান৷ বন্দনা কৰিলে অসমীয়া যুৱ-প্ৰজন্মৰ৷ ভুৰি ভুৰি প্ৰশংসা কৰিলে অসমৰ৷ কিন্তু এইবোৰ গতানুগতিক কথা৷ ৰাইজে আশা কৰিছিল যে তেওঁ অসমৰ বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে স্বীকৃতি দিয়াৰ কথা ক’ব, অসমৰ ৰাইজে নিবিচৰা ‘কা’ বাতিল কৰাৰ কথা ক’ব নতুবা অসমত ‘কা’ প্ৰযোজ্য নোহোৱাৰ কথা ক’ব, বৃহৎ নদীবান্ধৰ কথা ক’ব, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা ক’ব...৷ ছয় নং দফাৰ কথা ক’ব৷ কিয়নো তেওঁ এলাপেচা মানুহ নহয়৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ নিৰ্বাচনৰ আগে আগে অসমলৈ বৰকৈ মনত পৰে দিল্লীৰ নেতাসকলৰ৷ বিজেপি দল বা নৰেন্দ্ৰ মোদী চৰকাৰো ইয়াৰ ব্যতিক্ৰম নহয়৷ সেইবাবে এতিয়া ঘনে ঘনে অসমলৈ আহিছে দিল্লীৰ প্ৰভূসকল৷ আজি চিলাপথাৰত এখন বিশাল জনসভাত ভাষণ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে৷ ভাষণ প্ৰসংগত মোদীয়ে কয় যে মাৰ্চৰ প্ৰথম সপ্তাহৰ ভিতৰত নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা আছে৷ সেয়া নিৰ্বাচন আয়োগৰ কাম৷ যদি সম্ভৱ হয় তেন্তে নিৰ্বাচনৰ দিন ঘোষণাৰ আগতে তেওঁ আকৌ এবাৰ অসমলৈ আহিব৷ চিলাপথাৰত মোদীয়ে তিনিটাকৈ পেট্ৰ’কেমিকেল প্ৰকল্প উপহাৰ দিলে অসমক৷ এখন অভিযান্ত্ৰিক মহাবিদ্যালয় উদ্বোধন কৰিলে, এখনৰ আধাৰশিলা স্থাপন কৰিলে৷ এইবোৰৰ বাবে অসমৰ ৰাইজে নিশ্চয় মোদী, তেওঁৰ দল আৰু চৰকাৰক ধন্যবাদ-কৃতজ্ঞতা জনাবই৷ কিন্তু যিবোৰ জ্বলন্ত সমস্যাই অসমক দীৰ্ঘদিনে জুৰুলা কৰি আহিছে সেইবোৰ সমস্যাৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীয়ে একোৱে নক’লে৷ মোদীয়ে ক’লে–আপোনালোকে মোক আৰ্শীবাদ কৰক, যাতে মই আকৌ আপোনালোকৰ সৈতে ঠিয় হৈ অসমৰ উন্নয়ন আৰু অধিক আগুৱাই নিব পাৰোঁ৷ আজি তৃতীয়বাৰৰ বাবে ধেমাজি জিলাৰ কুলাজানত উপস্থিত হ’বলৈ পাই মই পৰম সৌভাগ্য বুলি ভাবিছোঁ৷ মোদীয়ে প্ৰায় ৩০ মিনিট সময় ভাষণ দিয়ে৷ দিনৰ প্ৰায় ১১.৩০ বজাত বায়ু সেনাৰ বাহিনীৰ এখন বিশেষ বিমানেৰে উপস্থিত হোৱা মোদীয়ে ভাষণ আৰম্ভ কৰিয়েই ভাৰত ৰত্ন ড॰ ভূপেন হাজৰিকা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, জয়মতী আদিক স্মৰণ কৰি অসমীয়াতেই ভূপেন হাজৰিকাৰ কালজয়ী এটি গীতৰ কলি আঁওৰাই তাত উপস্থিত পাঁচ লক্ষাধিক জনগণৰ অন্তৰ জয় কৰিবলৈ চেষ্টা কৰে৷  উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ধেমাজি জিলাৰ চিলাপথাৰৰ পৰা ৩,২০৪ কোটি টকা ব্যয়েৰে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা অসমৰ পে’ট্ৰলিয়ামখণ্ডৰ তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্প দেশবাসীৰ বাবে উৎসৰ্গা  কৰে৷ ইয়াৰ উপৰি তেওঁ ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শুভ উদ্বোধন কৰাৰ লগতে¸ কামৰূপ জিলাৰ শুৱালকুছিত স্থাপন হ’বলগীয়া এখন নতুন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰে৷ উল্লেখযোগ্য যে, বঙাইগাঁও শোধনাগাৰত আজি ২,৫৮২ কোটি টকা ব্যয়েৰে মুকলি কৰা ভাৰতীয় তেল নিগমৰ ‘ইণ্ডমেক্স’ প্ৰকল্পই শোধনাগাৰটোৰ ৰন্ধন গেছৰ উৎপাদনক্ষমতা বৃদ্ধি কৰিব৷ পে’ট্ৰল উৎপাদন, খাৰুৱা তেল শোধনৰ সামৰ্থ বৃদ্ধি কৰিব৷ ডিব্ৰুগড় জিলাৰ মধুবনত ৪৯০ কোটি টকা ব্যয়েৰে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা অইল ইণ্ডিয়া লিমিটেডৰ ‘ছেকেণ্ডাৰী টেংক ফাৰ্ম’ প্ৰকল্পই  প্ৰতিষ্ঠানটোৰ দ্বাৰা উৎপাদিত খাৰুৱা তেলৰ মজুতকৰণৰ সামৰ্থ বহুগুণে বৃদ্ধি কৰিব৷ তিনিচুকীয়া জিলাৰ মাকুমৰ হেবেদা গাঁৱত ১৩২ কোটি টকা ব্যয়েৰে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা অইল ইণ্ডিয়া লিমিটেডৰ ‘গেছ কম্প্ৰেছৰ ষ্টেশ্যন’ প্ৰকল্পই তেল খাদসমূহলৈ উচ্ছ চাপযুক্ত গেছৰ যোগান সুনিশ্চিত কৰি তৈল উত্তোলনত সহায় কৰিব, ফলত প্ৰতিষ্ঠানটোৰ খনিজ তেল খননৰ সামৰ্থ বছৰি ১৬,৫০০ মেট্ৰিকটন বৃদ্ধি কৰিবলৈ সক্ষম হ’ব৷ ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়খন ৪৪.৯৮ কোটি টকা প্ৰকল্প ব্যয়েৰে ২৭৬ বিঘা মাটিত নিৰ্মাণ কৰা হৈছে৷  এই মহাবিদ্যালয়খন অসমৰ সপ্তমখন চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় হিচাপে পৰিগণিত হ’ব৷ কামৰূপ জিলাৰ শুৱালকুছিত আজি আধাৰশিলা স্থাপন কৰা নতুন অভিযান্ত্ৰিক মহাবিদ্যালয়খন ৫৪.৭১ কোটি টকা প্ৰকল্প ব্যয়েৰে ১১৬ বিঘা মাটিত  নিৰ্মাণ কৰা হ’ব৷ চিলাপথাৰৰ পিয়াং চাপৰি-চিতলমাৰীত আজি আয়োজিত বিশাল জনসভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে, দেশৰ নিৰ্মাণত অসমৰ অংশগ্ৰহণৰ বাবে, আজি দেশবাসীলৈ উৎসৰ্গিত কৰা আৰু আধাৰশিলা স্থাপন কৰা ইমানবোৰ উন্নয়নমূলক আঁচনিৰ বাবে ধেমাজিৰ সাৰুৱা ভূমিৰ পৰা অসমবাসী ৰাইজক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে– উত্তৰ পূৰ্বাঞ্চল এদিন ভাৰতৰ বিকাশৰ নতুন ইঞ্জিনৰূপে পৰিগণিত হ’ব বুলি তেওঁ এদিন যি কথা কৈছিল, আজি আমি সকলোৱে এয়া বাস্তৱত পৰিণত হোৱা লক্ষ্য কৰিছোঁ৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত আজিৰ পৰা আঠদশকৰ পূৰ্বেই ‘জয়মতী’ ছবিৰ মাধ্যমেৰে অসমীয়া চিনেমাই যাত্ৰা আৰম্ভ কৰিছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে  কয় যে– এই অঞ্চলটোৱে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ দৰে কেইবাজনো মহান ব্যক্তিত্বৰ জন্ম দিছে, যিয়ে অসমৰ সংস্কৃতিৰ গৌৰৱ বৃদ্ধি কৰিছে৷ বৃহৎ সম্ভাৱনাৰে পূৰ্ণ অঞ্চল হোৱা সত্ত্বেও, পূৰ্বৰ চৰকাৰে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰটোক মাহীআইৰ চকুৰে চাইছিল বুলি আক্ষেপ কৰি তেওঁ কয় যে– এই অঞ্চলটোৰ বাবে যাতায়াত-যোগাযোগ, চিকিৎসালয়, শিক্ষা প্ৰতিষ্ঠান, উদ্যোগ স্থাপনৰ প্ৰয়োজনীয়তাৰ ওপৰত পূৰ্বৰ চৰকাৰসমূহে কোনো গুৰুত্ব আৰোপ কৰা নাছিল৷ বৰ্তমানৰ চৰকাৰে উত্তৰ পাৰৰ উন্নয়নৰ ক্ষেত্ৰত পূৰ্বৰ চৰকাৰসমূহে প্ৰদৰ্শন কৰা বৈষম্য আঁতৰ কৰিছে৷ আজি অসমে তিনি হাজাৰ কোটি টকাৰো অধিক পুঁজিৰ শক্তি আৰু শিক্ষা আন্তঃগাঁথনি প্ৰকল্পৰ এক বৃহৎ উপহাৰ লাভ কৰিছে৷ ই এই অঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ সুযোগো বৃদ্ধি কৰিব৷ আজি সমগ্ৰ বিশ্বই ভাৰতৰ অভিযন্তাসকলক স্বীকৃতি প্ৰদান কৰিছে৷ অসমৰ যুৱকসকলৰ এক আ(ৰ্যকৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে– ৰাজ্য চৰকাৰে এই ক্ষমতা বৃদ্ধি কৰাত ব্যস্ত হৈ আছে৷ অসম চৰকাৰে নতুন শিক্ষানীতি ৰূপায়ণ কৰিবলৈ ‘অভাৰটাইম’ কাম কৰি আছে৷ শিক্ষাৰ মাধ্যম স্থানীয় ভাষা হোৱাৰ বাবে  চাহ বাগিচাৰ শ্ৰমিক আৰু অনুসূচিত জনজাতিৰ শিশুসকল এই নীতিৰ দ্বাৰা বিশেষভাৱে উপকৃত হ’ব৷ আঞ্চলিক ভাষাত চিকিৎসা শিক্ষাৰ সূচনাই সমাজৰ আটাইতকৈ দৰিদ্ৰ লোক এজনো যে চিকিৎসক হ’ব পাৰে, সেয়া নিশ্চিত কৰি তুলিব৷ অসম চাহ, হস্ততাঁত আৰু পৰ্যটনৰ বাবে বিশ্বত জনাজাত৷ আত্মনিৰ্ভৰশীলতাই অসমৰ জনসাধাৰণৰ শক্তি আৰু ক্ষমতা বৃদ্ধি কৰিব৷ ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ কাম আৰম্ভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক উচ্ছ প্ৰশংসা কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে– যিসকলে দশক দশক ধৰি দেশ শাসন কৰিছিল, তেওঁলোকে দিছপুৰক দিল্লীৰ পৰা বহু আঁতৰত বুলি ধৰি লৈছিল৷ এই মানসিকতাই অসমৰ যথেষ্ট ক্ষতি কৰিছিল৷ কিন্তু এতিয়া দিল্লী দূৰত নাই, দিল্লী এতিয়া অসমবাসীৰ দুৱাৰদলিত থিয় হৈ আছে৷ সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়–আজিৰ দিনটো অসমৰ বাবে এক স্মৰণীয় দিন৷ কংগ্ৰেছৰ কাৰ্যকালত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰক সম্পূৰ্ণৰূপে অৱহেলা কৰা হৈছিল৷ ২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ লোৱাৰ পাছৰে পৰা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে  অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষিপ্ৰ বিকাশৰ বাবে যিবোৰ দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিলে ইয়াৰ ফলত আজি অসমে দোপতদোপে আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ৷ অসম চৰকাৰে ২০১৬ চনৰ পৰাই দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলাই আহিছে আৰু এইক্ষেত্ৰত সফলতা লাভ কৰিছে৷  মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কেন্দ্ৰীয় তেল আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানকো ধন্যবাদ জ্ঞাপন কৰে৷  সভাত ভাষণ প্ৰদান কৰি তেল আৰু প্ৰাকৃতিক গেছ, তীখা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৰাজ্যখনৰ বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰা বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ছোৱাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীজনে কয়– কংগ্ৰেছৰ শাসনকালত গুজৰাটৰ তেল আৰু গেছৰ ৰয়েল্টী বন্ধ কৰি দিছিল৷ গুজৰাটৰ জনতাৰ লগতে অসমৰ জনতাকো শাস্তি দিছিল৷ অসমৰ ৬হাজাৰ কোটি টকাতকৈও অধিক প্ৰাপ্য ধনৰ পৰা বঞ্চিত কৰি ৰাখিছিল৷ সভাত আদৰণি ভাষণ প্ৰদান কৰি বিত্ত, স্বাস্থ্য ইত্যাদি বিভাগৰ মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে– আজিৰ দিনটো অসমৰ বিকাশৰ ক্ষেত্ৰত এক উল্লেখযোগ্য দিন৷ ২০১৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ সন্মুখত বিকশিত অসমৰ সপোন প্ৰকাশ কৰিছিল৷ সেই সপোনৰ পম খেদি আজি ৰাজ্য চৰকাৰৰ উদ্যোগত ধেমাজি আৰু গোলাঘাটত নতুন অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰা হৈছে৷ অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখি, কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, কৃষিমন্ত্ৰী অতুল বৰা, জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তকে ধৰি কেইবাজনো মন্ত্ৰী, সাংসদ, বিধায়ক আৰু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷

আশাহত কুলাজানবাসী ৰাইজ

পূৰ্বপ্ৰস্তুতি অনুযায়ী ধেমাজি জিলাৰ কুলাজানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈ এক বিশাল জনসভা সম্বোধন কৰি পুনৰ নতুন দিল্লীলৈ উৰা মাৰে৷ আজি তৃতীয়বাৰলৈ একেখন ঠাইত উপস্থিত হ’বলৈ পাই নিজকে অতি সৌভাগ্যবান বুলি ভাবিছোঁ বুলি নিজেই ভাষণ প্ৰসংগত উল্লেখ কৰা মোদীয়ে বৃহত্তৰ অঞ্চলটোৰ বাবে একো এটা ঘোষণা নকৰাত ৰাইজে বাৰুকৈয়ে অসন্তুষ্ট হৈছে৷ তৃতীয়বাৰলৈ অঞ্চলটোত মোদীৰ সভা আয়োজনৰ খবৰ পাই আজিৰ দিনটোত অন্তত মোদীয়ে অঞ্চলটোৰ বাবে কিবা এটা ঘোষণা কৰিব বুলি ৰাইজে অধীৰ আগ্ৰহেৰে প্ৰধানমন্ত্ৰীৰ মুখলৈ চাই আছিল যদিও ৰাইজৰ আশাত চেঁচাপানী ঢালি মোদীয়ে উৰা মাৰিল বুলি অঞ্চলটোৰ ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ আশাহত ৰাইজে এইবাৰৰ নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ পাব বুলি ক্ষোভ প্ৰকাশ কৰিছে৷

মোদীৰ জনসভাত ক’ভিড প্ৰট’কল ভংগ

দেশৰ চৌদিশে কৰ’না আতংক অব্যাহত থকাৰ মাজতে ধেমাজি জিলাৰ কুলাজানত অনুষ্ঠিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভাত কৰ’না প্ৰট’কল সামান্যতমো মনা পৰিলক্ষিত নহ’ল৷ লক্ষ্য লক্ষ্য জনগণ ঠাহখাই পৰা সভাস্থলীত ১০০ শতাংশই মাস্ক পৰিধান কৰা দেখা নগ’ল৷ আনকি সভাস্থলীলৈ ৰাইজৰ প্ৰবেশ পথটো নূ্যনতম ছেনিটাইজাৰৰ ব্যৱস্থাৰো সৌজন্যবোধ কৰা নহ’ল৷ সাম্প্ৰতিক জটিল পৰিস্থিতিত এনে দায়িত্বহীন কাৰ্যক সচেতন মহলে সমালোচনা কৰিছে৷

শুৱালকুছিত ভাৰ্ছুৱেল আধাৰশিলা

ধেমাজি জিলাৰ পিয়াং চাপৰিত আজি অনুষ্ঠিত জনসভাৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল মাধ্যমৰ জৰিয়তে বস্ত্ৰনগৰী শুৱালকুছিত স্থাপন হ’বলগীয়া ৰাজ্যখনৰ অষ্টমখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে৷ মহাবিদ্যালয়খনত তিনিটা বিটেক পাঠ্যক্ৰমৰ লগতে প্ৰতিটো বিভাগত ৬০ জন শিক্ষাৰ্থীয়ে নামভত্তিৰ্ কৰিব পৰাকৈ চিভিল, ইলেকট্ৰিকেল আৰু কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং আদিৰ কাৰিকৰী আৰু দক্ষতাসম্পন্ন মানৱ শক্তিৰ জৰিয়তে দীৰ্ঘস্থায়ী বিকাশৰ ব্যৱস্থা থাকিব৷ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে খেলপথাৰ, হোষ্টেলকে আদি কৰি প্ৰয়োজনীয় বিভিন্ন অত্যাধুনিক সা-সুবিধা থাকিব৷ শুৱালকুছি উন্নয়ন খণ্ডৰ চৌহদত অনুষ্ঠিত ভাৰ্চুৱেল আধাৰশিলা স্থাপনৰ অনুষ্ঠানত উপস্থিত থাকি কামৰূপ জিলা উপায়ুক্ত কৈলাস কাৰ্তিক এনে কয়– শুৱালকুছিৰ অভিযান্ত্ৰিক মহাবিদ্যালয়খন ৰাজ্যৰ ভিতৰতে শ্ৰেষ্ঠতম আৰু অত্যাধুনিক হ’ব৷ অনুষ্ঠানত উপস্থিত থাকে শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, হাজোৰ ৰাজহ চক্ৰ বিষয়া সুকন্যা বৰা, খণ্ড উন্নয়ন বিষয়া, শুৱালকুছি জিলা পৰিষদৰ সদস্য, পঞ্চায়ত প্ৰতিনিধিৰ লগতে বিশিষ্ট ব্যক্তিসকল৷

বঙাইগাঁও শোধনাগাৰত নাৰিকল ভাঙিলে কাৰ্যবাহী সঞ্চালকে

ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও শোধনাগাৰত নতুনকৈ নিৰ্মিত ইণ্ডমেক্স ইউনিটটো আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল প্ৰক্ৰিয়াৰে শুভ উদ্বোধন কৰে৷ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত ব্যৱহৃত ৰন্ধন গেছৰ চাহিদা পূৰণৰ প্ৰতি লক্ষ্য ৰাখি মুঠ ২, ৫৮২ কোটি টকা ব্যয়েৰে বিগত পাঁচবছৰে নিৰ্মাণ কৰি উলিওৱা উক্ত প্ৰকল্পটোৱে বছৰি পূৰ্বৰ ২.৩৫ মিলিয়ন মেট্ৰিকটনৰ পৰা ২.৭০ মিলিয়ন মেট্ৰিকটনলৈ বৃদ্ধি পাব আৰু ইয়াক অহা ২০৩০ বৰ্ষৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ সম্পূৰ্ণ ৰন্ধন গেছৰ চাহিদা পূৰণ কৰিব পৰাকৈ বৃদ্ধি কৰা হ’ব বুলি শোধনাগাৰ কতৃৰ্পক্ষই জানিবলৈ দিয়ে৷ প্ৰধানমন্ত্ৰীয়ে চিলাপথাৰত বুটাম টিপি আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগে লগে বঙাইগাঁও শোধনাগাৰৰ ইণ্ডমেক্স ইউনিটত কাৰ্যবাহী সঞ্চালক এছ পি বৰুৱাই নাৰিকল ভাঙি কাৰ্যসূচী পালন কৰে৷ উক্ত উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী ফণীভূষণ চৌধুৰী, সাংসদ নৱ কুমাৰ শৰণীয়া, বিটিচিৰ ডেপুটী চীফ গোবিন্দ বসুমতাৰী, চিৰাঙৰ উপায়ুক্ত গৌতম তালুকদাৰ, আৰক্ষী অধীক্ষক সুধাকৰ সিং, বঙাইগাঁৱৰ উপায়ুক্ত ড॰ এম এছ লক্ষ্মীপ্ৰিয়া আৰু কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ 

পশ্চিমবংগৰ দক্ষিনেশ্বৰ মেট্ৰ’ ৰে’লপথ উদ্বোধন মোদীৰ

নিৰ্বাচনলৈকে বাৰে বাৰে পশ্চিমবংগলৈ আহিব বুলি ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ সোমবাৰে চৰকাৰী কৰ্মসূচী হাতত লৈ পশ্চিমবংগলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হুগলি জিলাৰ সাহাগঞ্জত কেইবাটাও চৰকাৰী প্ৰকল্পৰ সূচনা কৰে৷ সাহাগঞ্জৰ ডানলপৰ ফিল্ডৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণেশ্বৰ মেট্ৰ’ ৰে’লপথ উদ্বোধন কৰে৷ প্ৰধানমন্ত্ৰীয়ে এই মেট্ৰ’ প্ৰকল্প তেওঁৰ চৰকাৰে পশ্চিমবংগক উপহাৰ দিয়া বুলি সভাত মন্তব্য কৰে৷ প্ৰধানমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে ৰাজ্যত বিতৰ্কৰ সৃষ্টি হৈছে৷ কিয়নো চহৰৰ উপকণ্ঠ অঞ্চলৰ দক্ষিণেশ্বৰ-নোৱাপাৰা মেট্ৰ’ প্ৰকল্প ২০১১ চনত মমতা বেনাৰ্জীয়ে ৰে’লমন্ত্ৰী হিচাপে পশ্চিমবংগক দিছিল৷ এই প্ৰকল্পৰ সূচনা মোদী চৰকাৰৰ দিনত হোৱা নাই৷ তৃণমূল কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোদীৰ ‘উপহাৰ দিয়া’ বুলি কোৱা বক্তব্যৰ বিৰোধিতা কৰিছে৷ তেওঁলোকৰ মতে মমতা বেনাৰ্জীৰ স্বপ্নৰ প্ৰকল্প উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজহুৱাকৈ মিছা মাতিছে৷ সোমবাৰে প্ৰধানমন্ত্ৰীয়ে দক্ষিণেশ্বৰ মেট্ৰ’ৰ উদ্বোধন কৰাৰ উপৰি একাধিক ৰে’ল প্ৰকল্পলৈ সেউজ সংকেত দিয়ে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগত বিজেপি চৰকাৰ আহিলে সোনাৰ বাংলা তৈয়াৰ কৰিব বুলি জনসভাত মন্তব্য কৰে৷ মমতা বেনাৰ্জীৰ শাসনত পশ্চিমবংগ ছিণ্ডিকেটৰ পীঠস্থানত পৰিণত হোৱা বুলি মন্তব্য কৰে৷