Logo
image

ম্যানমাৰৰ অৰণ্যত পণবন্দী, আলফাৰ দাবী ১০ কোটিলৈ কমিল

মধ্যস্থতাকাৰীৰ ৰূপত ৰেৱতী-পুত্ৰ

আমাৰ অসম, ২৩ ফেব্ৰুৱাৰীঃ ক’ত আহিছে কুইপ্প’ৰ অপহূত দুই বিষয়া৷ তৈল খননকাৰী প্ৰতিষ্ঠানটোৰ অপহূত দুই বিষয়াক মুক্তি দিয়াৰ বাবে ৰাজ্যবাসীয়ে কাতৰ আহ৩ান জনাইছে যদিও অপহূতদ্বয়ক আলফাই ক’ত বন্দী কৰি ৰাখিছে কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই চোৰাংচোৱা তথা সেনা বাহিনীয়ে৷ সেনা-চোৰাংচোৱা বাহিনীয়ে শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰামকুমাৰক আলফা আৰু এনএছচিএনে অপহৰণ কৰি সুদীৰ্ঘ দুমাহে ক’ত লুকুৱাই ৰাখিছে কোনো ক্লু’ৱেই লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ ইপিনে উত্তৰ-পূব বিদ্ৰোহী সংগঠনৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে কুইপ্প’ৰ অপহৃত দুয়োজন বিষয়াকে ভাৰত-ম্যানমাৰ সীমান্তৰ অত্যন্ত দুৰ্গম অঞ্চলত লুকুৱাই ৰাখিছে৷ এটা নিৰ্দিষ্ট স্থানত নহয়, সেনাৰ অপাৰেচনৰ আশংকাত অপহৃতদ্বয়ক লৈ সঘনে স্থান সলনি কৰিছে অপহৰণকাৰী উগ্ৰপন্থী দলটোৱে৷ অৱশ্যে, আলফা আৰু এনএছচিএনে যুটীয়াভাৱে অৰুণাচলৰ চাংলাং জিলাৰ ড্ৰিলিং ছাইটৰ পৰা ২১ ডিচেম্বৰত দুয়োজন বিষয়াকে অপহৰণ কৰি নিলেও বৰ্তমান বিষয়াদ্বয় এনএছচিএনৰ কেডাৰৰ নিৰাপত্তাত আছে৷ এনএছচিএনৰ সশস্ত্ৰ কেডাৰৰ দলটোৰ সৈতে আলফা সদস্য আছে যদিও বিষয়াদ্বয়ৰ চোৱা-চিতা আৰু নিৰাপত্তাৰ সমস্ত দায়িত্ব এনএছ চিএনৰ ওপৰত অৰ্পণ কৰিছে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই৷ ইপিনে বিশেষ এটা সূত্ৰৰ পৰা লাভ কৰা তথ্যমতে অপহূত দুয়োজন বিষয়াক ম্যানমাৰ সীমান্তৰ ইমান গভীৰ অৰণ্যৰ মাজত ৰাখিছে যে চোৰাংচোৱাৰ ছেটেলাইট অৰ্থাৎ উপগ্ৰহৰ ছবিতো কোনো গতি-বিধি স্থাৱৰ কৰিব পৰা নাই৷ বিশেষকৈ ঘন জংঘলত ছাঁয়া থকাৰ বাবেই ছেটেলাইটৰ ছাৰ্ভিলেন্সত সন্দেহজনক উপস্থিতিৰ কোনো চিগ্‌নেল লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ লক্ষণীয়ভাৱে অপহৃতদ্বয়ৰ জীৱন ক্ষতি কৰাৰ আলফাৰ ভাবুকিৰ বাবেই সেনা-আৰক্ষীৰ ফালৰ পৰা ম্যানমাৰ সীমান্তত অভিযান চলাবলৈ সাজু হৈও থমকিব লগা হৈছে৷ অৱশ্যে, সংবাদ মাধ্যমৰ আগত আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই চৰম শাস্তি স্থগিত ৰাখি আলোচনাৰ বাট খোলা ৰখা বুলি ঘোষণা কৰাত অপহৃত বিষয়াদ্বয়ৰ দুৰ্ভগীয়া পৰিয়াল দুটাই কিছু হ’লেও আশাৰ মুখ দেখা পাইছে৷ ইপিনে অপহৰণ কাণ্ডক লৈ আলফা আৰু কুইপ্প’ৰ হৈ মধ্যস্থতাকাৰী হিচাপে ভুমুকি মাৰিছে কৌশিক ফুকন নামৰ এজন ব্যক্তিয়ে৷ অপহৰণকাৰী আলফা আৰু কুইপ্প’ কতৃৰ্পক্ষৰ হৈ মধ্যস্থতাকাৰীৰ দায়িত্ব লৈ দুয়োপক্ষৰ মাজত বিষয়টো বুজা-বুজিৰ মাজলৈ অনাৰ চেষ্টা চলাইছে পূৰ্বৰ পি চি জিৰ সদস্য তথা নিৰুদ্দিষ্ট ৰেৱতী ফুকনৰ পুত্ৰ তথা ব্যৱসায়ী কৌশিক ফুকনে৷ উল্লেখ্য, ৰেৱতী ফুকন হৈছে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাল্যকালৰ বন্ধু আৰু আলফা-চৰকাৰৰে আলোচনাৰ বাবে পূৰ্বে গঠন কৰা পি চি জিৰ এজন অন্যতম সদস্য৷ প্ৰায় দুবছৰ পূৰ্বে গুৱাহাটীৰ জু-ৰোডৰ পৰা নিৰুদ্দিষ্ট হৈছিল ৰেৱতী ফুকন৷ এই ৰেৱতী ফুকনৰে পুত্ৰ তথা চাহ ব্যৱসায়ী কৌশিক ফুকনে বিগত ২৫ জানুৱাৰীৰ পৰা দুয়ো পক্ষৰে মধ্যস্থতাকাৰী হিচাপে আলোচনা চলাই আছে৷ বিশেষ সূত্ৰই ‘আমাৰ অসম’ক সদৰী কৰা অনুসৰি অৰুণাচলৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা অপহৰণ কাণ্ডৰ মধ্যস্থতাকাৰী হিচাপে নিয়োগ হোৱাৰ বাবে প্ৰথমে কৌশিক ফুকনক প্ৰস্তাৱ দিয়া হৈছিল৷ এই কথা পোনপটীয়াকৈ স্বীকাৰ কৰা নাই যদিও ‘আমাৰ অসম’ৰ আগত কৌশিক ফুকনে কয়– ‘অৰুণাচলৰ এটা চৰকাৰী বিভাগে প্ৰথমে অপহৰণ কাণ্ডৰ মধ্যস্থতাকাৰী হিচাপে যোগ্য বিবেচিত কৰিছিল৷ ভাৰত চৰকাৰৰ এটা চোৰাংচোৱা এজেন্সী আৰু অসম চৰকাৰৰ এটা বিভাগেও মোক মধ্যস্থতাকাৰী নিয়োগ কৰা বিষয়টো সম্পূৰ্ণভাৱে জ্ঞাত৷ এই ক্ষেত্ৰত সেনাৰ চোৰাংচোৱাৰো সেউজ সংকেত আছে৷ অপহৃত বিষয়াদ্বয়ৰ মুক্তি তথা মুক্তিপণৰ বিষয়টো লৈ মই কেইবাবাৰো আলফাৰ মুখ্য সেনাধক্ষ পৰেশ বৰুৱাৰ সৈতে টেলিফোনযোগে কথা পাতিছো৷ সমান্তৰালভাৱে কুইপ্প’ৰ পৰিচালন কতৃৰ্পক্ষৰ সৈতেও আলোচনা কৰিছে৷ দুয়োপক্ষই বুজা-বুজিৰ চূড়ান্ত পৰ্যায়ত উপনীত হৈছে৷ অৱশ্যে আনুষ্ঠানিকভাৱে আলোচনাৰ বাবে মই কুইপ্প’ কতৃৰ্পক্ষক ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ মাতি পঠাইছো৷ তেওঁলোকৰ ঊধবৰ্তন কতৃৰ্পক্ষ আহি আলোচনাত মিলিত হ’ব৷ মই আশা ৰাখিছো ফেব্ৰুৱাৰী মাহতে সুকলমে দুয়োজন অপহূত বিষয়া ঘূৰি আহিব পাৰিব৷’ অৱশ্যে কৌশিক ফুকনে দুয়োপক্ষই মুক্তিপণৰ ক্ষেত্ৰত এটা সৰ্বসন্মত সিদ্ধান্তলৈ আহিছে বুলি জানিবলৈ দিলেও ইয়াৰ নিৰিখ ৰাজহুৱা কৰাৰ পৰা বিৰত থাকে৷ লক্ষণীয়ভাৱে বিশেষ এটা সূত্ৰই জানিবলৈ দিয়া মতে আলফাই পূৰ্বৰ ২০ কোটি টকা দাবী কৰিছিল যদিও কুইপ্প’ কতৃৰ্পক্ষই ১০ কোটি টকা দিবলৈ মান্তি হৈছে৷ আৰু আলফাৰ পৰাও এই নিৰিখত সেউজ সংকেত প্ৰদান কৰা বুলি জানিবলৈ দিছে৷