Logo
image

কপূৰ্ৰী ঠাকুৰলৈ ভাৰতৰত্ন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জানুৱাৰীঃ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিশিষ্ট সমাজবাদী নেতা তথা জননায়কখ্যাত  কৰ্পূৰী ঠাকুৰলৈ মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্ছ অসামৰিক সন্মান ভাৰতৰত্ন আগবঢ়োৱা হৈছে৷ মঙলবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশ কৰা বিবৃতিত কৰ্পূৰী ঠাকুৰলৈ ভাৰত ৰত্ন সন্মান আগবঢ়োৱাৰ কথা ঘোষণা কৰা হৈছে৷ উল্লেখ্য, প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টীৰ দ্বাৰা ৰাজনৈতিক জীৱন আৰম্ভ কৰা কপূৰ্ৰী ঠাকুৰে ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি কাৰাবাসো খাটিছিল৷ ১৯৬৭-১৯৬৮ চনলৈ তেওঁ বিহাৰৰ শিক্ষামন্ত্ৰী আছিল, ১৯৬৭-১৯৬৮ চনলৈ তেওঁ বিহাৰৰ উপ-মুখ্যমন্ত্ৰী হৈছিল৷ ১৯৭০-৭১ চনলৈ আৰু ১৯৭৭-১৯৭৯ চনলৈ দুবাৰ তেওঁ বিহাৰৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ সময়তে কৰ্পূৰী ঠাকুৰে মুংগাৰিলাল কমিচনৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰি অ’বিচিৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছিল৷ উল্লেখ্য, বিহাৰৰ দলিত, অৱহেলিত তথা আন পিছপৰা শ্ৰেণীৰ কল্যাণৰ বাবে কপূৰ্ৰী ঠাকুৰে তেওঁৰ জীৱন উৎসৰ্গা কৰিছিল৷ ১৯৮৮ চনৰ ১৭ ফেব্ৰুৱাৰীত তেওঁৰ মৃত্যু হৈছিল৷ মৃত্যুৰ ৩৫ বছৰ পাছত আৰু শততম জন্মজয়ন্তীৰ ক্ষণত কপূৰ্ৰী ঠাকুৰলৈ এনেদৰে ভাৰতৰত্ন সন্মান আগবঢ়োৱা হৈছে৷ উল্লেখ্য, কপূৰ্ৰী ঠাকুৰক ভাৰতৰত্ন প্ৰদান কৰা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু জনতা দল ইউনাইটেডৰ এক দীঘলীয়া দাবী আছিল৷ লোকসভাৰ নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত এনেদৰে নীতিশ কুমাৰৰ দাবীয়ে ন্যায্যতা লাভ কৰাটোৱে বিহাৰৰ ৰাজনৈতিক সমীকৰণতো প্ৰভাৱ পেলাব পাৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কপূৰ্ৰী ঠাকুৰক সামাজিক ন্যায় আৰু সমতাৰ চেম্পিয়ন আখ্যা দিয়ে৷ আনহাতে, আজি প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰো ঘোষণা কৰা হৈছে৷ অসমৰ স্বয়ম মজুমদাৰ এইবাৰ সামাজিক সেৱাৰ শ্ৰেণীত বাল পুৰস্কাৰৰ বাবে বাচনিত উঠিছে৷