Logo
image

ৰামমন্দিৰলৈ কেনেকৈ যাব, কিদৰে কৰিব পঞ্জীয়ন?

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৪ জানুৱাৰীঃ সাধাৰণ দৰ্শনাৰ্থীয়ে পোনপটীয়াকৈ নিৰ্দিষ্ট দিনটোত খোলা ৰখা পথ আৰু প্ৰৱেশদ্বাৰেৰে শাৰীপাতি প্ৰৱেশ কৰি ৰাম মন্দিৰ দৰ্শন কৰিব পাৰিব যদিও আৰতিত ভাগ ল’বলৈ বিচৰা ভক্তই নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব৷ পঞ্জীয়ন হ’ব অনলাইনত৷ তাৰ বাবে প্ৰথমে ৰাম মন্দিৰৰ ৱেবছাইট rammandir-ayodhya.com খুলিব লাগিব৷ ৱেবছাইটত ভক্তই নিজৰ ম’বাইল নম্বৰ  ভৰ্তি কৰিলে এটা অ’টিপি পাব৷ সেই অ’টিপি ভৰ্তি কৰিলে ভক্তই ৱেবছাইটটোৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব, য’ত তেওঁ ‘মাই প্ৰ’ফাইল’ নামৰ এটা ভাগ দেখা পাব৷ তাতে আঁৰতিৰ বাবে নিজৰ পচন্দৰ আৰু খালী থকা সময় ‘বুক’ কৰিব লাগিব৷ ‘মাই প্ৰ’ফাইল’ত ভক্তই নিজৰ সবিশেষ যেনে– নাম, ঠিকনা ইত্যাদি ভৰ্তি কৰিব লাগিব৷ সকলো সম্পূৰ্ণ হোৱাৰ পাছত আৰতিৰ বাবে খালী সময় থাকিলে ভক্তৰ আবেদন ‘সফল’ বুলি ওলাব৷ তাৰ পাছত ভক্তই সেই তথ্য মন্দিৰ প্ৰাংগণৰ কাউণ্টাৰত দাখিল কৰি ‘পাছ’ সংগ্ৰহ কৰি মন্দিৰত প্ৰৱেশ কৰিব লাগিব৷ আৰতিৰ সময়– পুৱা ৬.৩০ জাগৰণ আৰতি, দুপৰীয়া ১২ বজাত ভোগ আৰতি, সন্ধ্যা ৭.৩০ বজাত সন্ধ্যাৰতি৷