Logo
image

‘ইণ্ডিয়া’ত মহাসংকট

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৫ জানুৱাৰীঃ দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ এমাহতকৈ কম সময় বাকী থকা অৱস্থাত বিজেপি নেতৃত্বাধীন এনডিএক পৰাভূত কৰাৰ সংকল্প লৈ গঠিত হোৱা ‘ইণ্ডিয়া’ জোঁটত বৃহৎ ভাঙোন আৰম্ভ হৈছে৷ ‘ইণ্ডিয়া’ জোঁটৰ দ্বিতীয় বৃহৎ শক্তিশালী দল তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে লোকসভা নিৰ্বাচনত কাৰো সৈতে জোঁটত আৱদ্ধ হৈ নাথাকি একক শক্তিৰে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি মঙলবাৰে ঘোষণা কৰাত ‘ইণ্ডিয়া’ জোঁটত অকাল ভাঙোনৰ সূচনা হৈছে৷ বুধবাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৰ্ধমানত প্ৰশাসনিক বৈঠকত ভাগ ল’বলৈ যোৱাৰ পূৰ্বে অত্যন্ত ক্ষুব্ধ হৈ কয়– ‘বাংলাত কংগ্ৰেছৰ সৈতে তৃণমূল কংগ্ৰেছৰ কোনো সম্পৰ্ক নাই৷ কংগ্ৰেছৰ সৈতে নিৰ্বাচনত তৃণমূলে কোনো জোঁটত থাকি প্ৰতিদ্বন্দ্বিতা নকৰে৷ বাংলাত আমি অকলেই নিৰ্বাচনত যুঁজিম৷ আমি আঞ্চলিক দলবোৰে ভোটৰ পাছত কি সিদ্ধান্ত ল’ম সেয়া পাছত চূড়ান্ত কৰা হ’ব৷ মইতো তেওঁলোকক [কংগ্ৰেছক] আগতেই প্ৰস্তাৱ দিছিলোঁ ৩০০ আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে৷ বাকী আসনত আমি মিলি যুঁজিম৷ মোৰ প্ৰস্তাৱ প্ৰথমদিনাই প্ৰত্যাখ্যান কৰিছে৷ মোৰ সৈতে কাৰো কোনো আলোচনা হোৱা নাই৷ একেবাৰে মিছা কথা৷’

প্ৰকৃততে মঙলবাৰে গুৱাহাটীত ৰাহুল গান্ধীয়ে তেওঁৰ পদযাত্ৰাৰ মাজতে তৃণমূল কংগ্ৰেছৰ সৈতে আসন বুজাবুজি সন্দৰ্ভত আলোচনা চলি থকা বুলি কৈছিল৷ ৰাহুল গান্ধীৰ সেই বক্তব্য সন্দৰ্ভত বুধবাৰে মমতা বেনাৰ্জীক কৰা প্ৰশ্নৰ উত্তৰতে তেওঁ উষ্মাৰে ৰাহুল গান্ধীৰ বক্তব্য মিছা বুলি কোৱাৰ লগতে ‘ইণ্ডিয়া’ জোঁটত মহাসংকট সৃষ্টি কৰি কংগ্ৰেছৰ সৈতে জোঁট নাবান্ধে বুলি মন্তব্য কৰে৷ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ মাজতে ৰাহুল গান্ধীয়ে মঙলবাৰে গুৱাহাটীত কৈছিল– ‘আমাৰ মাজত আসন বুজাপৰাৰ প্ৰক্ৰিয়া চলি আছে৷ তাৰ ফলাফল ওলাব৷ এই সন্দৰ্ভত মই ইয়াত সবিশেষ নকওঁ৷ কিন্তু মমতাজীৰ সৈতে মোৰ ব্যক্তিগত আৰু দলীয় সম্পৰ্ক খুব ভাল৷ কিছু কিছু ক্ষেত্ৰত বিতৰ্ক হয়৷ কেতিয়াবা আমাৰ কোনোৱে অবাঞ্ছিত কথা কয়, কেতিয়াবা তেওঁলোকৰ৷ সেয়া অস্বাভাৱিক নহয়৷ কিন্তু সেইবোৰ আসন বুজাবুজিত বাধা হৈ নপৰিব৷’ উল্লেখ্য, মমতা বেনাৰ্জীৰ খঙৰ আৰু কাৰণ আছে৷ তেওঁৰ মতে ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ সন্দৰ্ভত কংগ্ৰেছে তৃণমূল কংগ্ৰেছৰ সৈতে কোনো আলোচনা কৰা নাই৷ মমতা বেনাৰ্জীয়ে কয়– ‘এই যে আমাৰ ৰাজ্যলৈ আহিছে, মোকতো এবাৰো কোৱা নাই৷’ উল্লেখ্য, ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই বৃহস্পতিবাৰে কোচবিহাৰ হৈ পশ্চিম বংগত প্ৰৱেশ কৰিব যদিও মমতা বেনাৰ্জীৰ ভাষ্যৰ পৰা স্পষ্ট যে কংগ্ৰেছে এই পদযাত্ৰাত তৃণমূল কংগ্ৰেছৰ সহযোগিতা বিচৰা নাই৷ এনে একাধিক কাৰণত ক্ষুব্ধ হৈয়েই মমতা বেনাৰ্জীয়ে বুধবাৰে জোঁটত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লয়৷ আসনৰ ক্ষেত্ৰত কংগ্ৰেছৰ অনমনীয় মনোভাৱ আৰু মইবৰ স্থিতিয়ে জোঁটৰ ভাঙোনত ইন্ধন যোগাইছে৷ প্ৰসংগতঃ, একেদিনাই আম আদমী পাৰ্টীয়েও পঞ্জাব আৰু দিল্লীত কংগ্ৰেছৰ সৈতে আসন বুজাবুজি নকৰে বুলি মন্তব্য কৰি ‘ইণ্ডিয়া’ জোঁটত দ্বিতীয়টো আঘাত হানিছে৷ তৃতীয়টো আঘাত আহিছে বিহাৰৰ পৰা৷ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কপূৰ্ৰী ঠাকুৰক মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদান কৰাত নীতিশ কুমাৰৰ জেডি[ইউ] দলে ধন্যবাদ জনোৱাত ক্ষুণ্ণ হৈছে চৰকাৰৰ সহযোগী দল আৰজেডি৷ আৰজেডিৰ মতে এই বঁটা ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত, যিক্ষেত্ৰত নীতিশ কুমাৰৰ দলে মোদী চৰকাৰক প্ৰশংসাক কৰা অনূচিত৷ সেয়ে ‘ইণ্ডিয়া’ জোঁটৰ উভয় দলৰ মাজত মনোমালিন্য আৰম্ভ হৈছে৷ এই পৰিস্থিতিত মমতা বেনাৰ্জী অবিহনে ‘ইণ্ডিয়া’ জোঁট কল্পনাই কৰিব নোৱাৰি বুলি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে মন্তব্য কৰিছে৷ জয়ৰাম ৰমেশৰ মতে মমতা বেনাৰ্জীৰ সম্পূৰ্ণ বক্তব্য নুশুনাকৈ ভিন ভিন ব্যাখ্যা কৰা হৈছে, যি সম্পূৰ্ণ সত্য নহয়৷ বিজেপিক পৰাস্ত কৰিবলৈ মমতা বেনাৰ্জী এখোজো পিছুৱাই নাযায় বুলি কৰা মন্তব্য মিডিয়াই প্ৰচাৰ নকৰা বুলিও জয়ৰাম ৰমেশে দাবী কৰে৷