Logo
image

ৰাহুলৰ সুৰক্ষাৰ বাবে জেডপ্লাছ দাবী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ জানুৱাৰীঃ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ নেতৃত্ব দিয়া অসমতে গৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আক্ৰমণৰ ভেটি দিয়া তৈয়াৰ হোৱাৰ পৰিপ্ৰেক্ষিততে তেওঁৰ জেডপ্লাছ ছিকিউৰিটী দাবী কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই৷ অসমৰ ৫খন জিলাত কংগ্ৰেছ নেতাজনক আক্ৰমণৰ দৰে  ঘটনাৰ উপক্ৰম হোৱাৰ সূত্ৰেই ৰাহুল গান্ধীক জেডপ্লাছ চিকিউৰিটীৰ দাবীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰিছে খাৰ্গেই৷ ১৮ জানুৱাৰীত শিৱসাগৰৰ আমগুৰিত, ১৯ জানুৱাৰীত লখিমপুৰত, ২১ জানুৱাৰীত শোণিতপুৰত সংঘটিত দুটা ঘটনা আৰু ২২ জানুৱাৰীত নগাঁও জিলাত একাংশ বিজেপি নেতাই বাধা প্ৰদান কৰা আৰু কংগ্ৰেছৰ নেতা-কৰ্মীক শাৰীৰিক নিৰ্যাতন চলোৱা ঘটনাৰ দৃষ্টি আকৰ্ষণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ উক্ত পত্ৰ প্ৰেৰণ কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিজনে৷ পত্ৰখনত তেওঁ কয়– ভাৰত জোড়ো ন্যায় যাত্ৰাত অসমৰ ৪ জিলাত সংঘটিত পাঁচটা ঘটনাই প্ৰমাণ কৰে যে ৰাহুল গান্ধীৰ জীৱনৰ বাবে ভাবুকি আহিছে৷ অসম আৰক্ষী পদ্ধতিগতভাৱে বিজেপি নেতা-কৰ্মীৰ নিৰ্দেশত উঠা-বহা কৰে৷ এনে পৰিস্থিতিতে ৰাহুল গান্ধীৰ জীৱনলৈ ভাবুকি আহিছে৷ তেওঁৰ সুৰক্ষাৰ বাবে জেডপ্লাছ চিকিউৰিটী অতি জৰুৰী হৈ পৰিছে৷

ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ তদন্ত কৰিব চি আই ডি-এছ আই টিয়ে

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু কৰা ৫৫/২৪ নম্বৰৰ বশিষ্ঠ থানাৰ গোচৰৰ তদন্ত কৰিব চি আইডিৰ এছআইটিয়ে৷ ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে টুইটযোগে এই কথা সদৰী কৰিছে৷ মঙলবাৰে গুৱাহাটীৰ খানাপাৰাত ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰাই আইন ভংগ কৰাৰ অভিযোগ তুলি নিজাববীয়া গোচৰ ৰুজু কৰিছিল মহানগৰ আৰক্ষীয়ে৷ ১২০[বি]/১৪৩/১৪৭/১৮৮/২৮৩/৩৫৩/৩৩২/৩৩৩/৪২৭ ধাৰাৰ অধীনত ৰুজু কৰা ৫৫/২৪ নম্বৰৰ গোচৰৰ তদন্তৰ বাবে চি আই ডিৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধানক নিৰ্দেশ দিয়া বুলি টুইটটোত প্ৰকাশ কৰা হৈছে৷

অসম অশান্ত কৰিবলৈ আহিছে ৰাহুলঃ হিমন্ত

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ নেতৃত্ব দি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিজেপি নেতৃত্বাধীন চৰকাৰৰ অন্যায়-অবিচাৰ সন্দৰ্ভত তীক্ষ্ণ সমালোচনা কৰাৰ পাছত ৰাহুল গান্ধীক আক্ৰমণ কৰি লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বুধবাৰে তেওঁ ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয়– অসমক ভাল নাপায় ৰাহুল গান্ধীয়ে৷ কেৱল অসমক অশান্ত কৰিবলৈ তেওঁ চলাইছে ন্যায় যাত্ৰা৷ অসমক ভাল পোৱা হ’লে তেওঁ বৰদোৱা-বৰপেটা সত্ৰত সোমালেহেঁতেন৷ তেওঁ বটদ্ৰৱা থানত সোমাবলৈ যিমান চেষ্টা কৰিলে বা ইচ্ছা প্ৰকাশ কৰিলে বৰপেটা সত্ৰত সোমাবলৈ সিমান ইচ্ছা প্ৰকাশ কৰা হ’লে ভাল পালোহেঁতেন৷ গুৱাহাটীৰ পৰা তেওঁ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ পাৰ হৈ গ’ল৷ তেওঁ সমাধিক্ষেত্ৰত কিন্তু এক মিনিট সময়ো নৰখিলে৷ সেই ৰাহুল গান্ধীয়ে হাজোৰ পোৱামক্কা, হয়গ্ৰীৱ মাধৱ মন্দিৰ পাৰ হৈ গ’ল৷ তেওঁ তাত এক মিনিট সময়ো নৰখিল৷ সেই ৰাহুল গান্ধীয়ে কামাখ্যা মন্দিৰ, বৰপেটা সত্ৰত এক মিনিট সময়ো নৰখিল৷ তেওঁৰ ন্যায় যাত্ৰাৰ অৰ্থ হৈছে তেওঁ অসমখনক অশান্ত কৰা, মিডিয়াৰ দৃষ্টি আকৰ্ষণ কৰা৷ যদি তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সন্মান কৰে তেনেহ’লে তেওঁ পাটবাউসীলৈ নিশ্চয় গ’লহেঁতেন৷ কিয়নো পাটবাউসীত আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ৷ তেওঁৰ যাত্ৰা আমি বিফল কৰিলোঁ৷ এতিয়া ধুবুৰীত যি কৰে কৰি থাকক৷

ৰাহুল গান্ধীৰ গোচৰ চিআইডিলৈ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদকঃ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ তদন্ত কৰিব অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ চমুকৈ চি আই ডিয়ে৷  এই কথা সদৰী কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে৷ ইতিমধ্যে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ গোচৰ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ চমুকৈ চি আই ডিলৈ স্থানান্তৰ কৰা হৈছে৷ গুৱাহাটীৰ বশিষ্ঠ থানাত ৰুজু হোৱা ৫৫/২৪ নম্বৰৰ গোচৰটো উলুবাৰীৰ চি আই ডিৰ মুখ্য কাৰ্যালয়লৈ স্থানান্তৰ কৰা হৈছে৷ চি আই ডিৰ এডিজিপি মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠন কৰা হ’ব এছ আই টি৷ এই এছ আই টিৰ দলে তদন্ত কৰিব ভাৰত জোড়ো যাত্ৰাৰ গোচৰটো৷ ডিজিপি জি পি সিঙৰ প্ৰতক্ষ্য নিৰীক্ষণত ভাৰত জোড়ো ন্যায় যাত্ৰা গোচৰৰ তদন্ত কৰিব৷ উল্লেখ্য যে, আইন অমান্য কৰাৰ অভিযোগত আৰক্ষীৰ ৰোষত পৰিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীকে ধৰি দলটোৰ কেইবাজনো নেতা৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কে চি ভেনুগোপাল, কানহাইয়া কুমাৰ আৰু কিছু সংখ্যক নেতাৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু কৰিছে অসম আৰক্ষীয়ে৷ হিংসা, প্ৰৰোচনা, ৰাজহুৱা সম্পত্তি ধবংস আৰু আৰক্ষী জোৱানৰ ওপৰত আক্ৰমণৰ অভিযোগেৰে গোচৰ তৰিছে অসম আৰক্ষীয়ে৷ উল্লেখ্য যে, ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা অসমত প্ৰৱেশৰ পিচৰে পৰা নানান প্ৰত্যাহ্বানৰ সন্মুখীন হৈ অহা পৰিলক্ষিত হৈছিল৷ এই যাত্ৰাই মঙলবাৰে গুৱাহাটী প্ৰৱেশ কৰে আৰু চহৰখনত প্ৰৱেশত বাধা আৰোপ কৰি বেৰিকেড স্থাপন কৰিছিল অসম আৰক্ষীয়ে৷ এই পৰিপ্ৰেক্ষিতত মঙলবাৰে গুৱাহাটীৰ খানাপাৰাত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ৷ ভাৰত জোড়ো ন্যায় যাত্ৰা গুৱাহাটীত প্ৰৱেশ কৰাৰ সময়তে খানাপাৰাত বেৰিকেড ওফৰাই প্ৰতিবাদ সাব্যস্ত কৰিছিল কংগ্ৰেছ নেতা কৰ্মীয়ে৷ তাৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ তৰা হ’ব৷ লোকসভা নিৰ্বাচনৰ পিচতেই তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল৷ খানাপাৰাৰ উত্তপ্ত পৰিস্থিতিৰ পিছতে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে তেওঁ ইতিমধ্যেই আৰক্ষী সঞ্চালক প্ৰধানক ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে৷ কংগ্ৰেছে বেৰিকেড ভঙা কাৰ্যক নক্সাল কাৰ্যকলাপৰ লগত তুলনা কৰি আৰক্ষীক আক্ৰমণ কৰিবলৈ ৰাহুল গান্ধীয়ে উচতনি দিয়াৰ অভিযোগ উত্থাপন ককৰিছিল মুখ্যমন্ত্ৰীজনে৷ ইয়াৰ পিছতে বশিষ্ঠ আৰক্ষীয়ে হিংসাত্মক ঘটনা সংঘটিত কৰা, উচটনি দিয়া, ৰাজহুৱা সম্পত্তিৰ ক্ষতি সাধন কৰা আৰু আৰক্ষীক দুৰ্ব্যৱহাৰ কৰা কংগ্ৰেছৰ কৰ্মীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধী, কে চি বেণুগোপাল, কানহাইয়া কুমাৰ আৰু ভিন্ন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি  ১২০ [বি]/১৪৩/১৪৭/১৮৮/২৮৩/৩৫৩/৩৩২/৩৩৩/৪২৭ আৰু পি ডি পি পি আইনৰ আৰ ডব্লিউ ধাৰাৰ ৩ নং ধাৰাত আৰক্ষীয়ে  গোচৰ ৰুজু কৰিছে৷