Logo
image

‘এৰি অহা দিনৰ সুবাস’, ‘কাদম্বৰীৰ চকুলো’ উন্মোচন

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত ২৮ জানুৱাৰীত বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত উন্মোচন কৰা হয় প্ৰকাশ বৰুৱাৰ গ্ৰন্থ ‘এৰি অহা দিনৰ সুৱাস’, মিনতি বৰুৱাৰ দ্বিতীয়খন কাব্য গ্ৰন্থ ‘কাদম্বৰীৰ চকুলো’ লগতে শিল্পী ৰমেশ হাজৰিকাৰ সংগীত ব্যৱস্থাপনাত মিনতি বৰুৱাই কণ্ঠদান কৰা বনকোঁৱৰ আনন্দিৰাম দাসৰ এটি বনগীতৰ ভিডিঅ৷ ভিক্টৰ ৰাজকুমাৰে আঁত ধৰা এই অনুষ্ঠানটি শিশু সাহিত্য একাডেমী বঁটা প্ৰাপক হৰপ্ৰিয়া বাৰুকিয়ালে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে৷ লগতে নৱনীতাৰ তালুকদাৰ বৰুৱাৰ সংস্কৃত বন্দনা, স্মৃতি শইকীয়া কলিতা, ৰিম্পী বৰাৰ আৰু মিনতি বৰুৱাৰ প্ৰাৰ্থনাৰে আৰম্ভ হয় অনুষ্ঠানটিত লেখক অৰূপ চন্দ্ৰ গোস্বামী, গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক শিল্পী অৱনী ৰঞ্জন পাঠক, অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য ড॰ নিৰঞ্জন কলিতা দেৱ, যুৱতীৰ্থ অসমৰ সাধাৰণ সম্পাদক, অৱসৰ প্ৰাপ্ত জ্যেষ্ঠ ভূ-তত্ত্ব বিদ নিৰোৎপল গোস্বামী দেৱ, চেম্বাৰচ অফ কমাৰ্চ ভাৰতৰ সৰ্বভাৰতীয় উপ-সভাপতি প্ৰকাশ বৈদ, ইউনিভাৰচেল পাব্লিকেচনৰ স্বত্বাধিকাৰ ড॰ নিতুল নাথ আৰু এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে উত্তৰ প্ৰদেশ মুৰাদাবাদৰ বীৰ ভাষা সাহিত্য পীঠৰ অধ্যক্ষ ড॰ ৰামবীৰ সিং৷