Logo
image

সাহিত্য সভাৰ বাকৰিত ‘কা’ৰ প্ৰতিবাদ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ ফেব্ৰুৱাৰীঃ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা কৰাৰ পাছতেই দেশজুৰি পুনৰ আন্দোলন আৰম্ভ হৈছে৷ কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে এসপ্তাহৰ ভিতৰত ‘কা’ কাৰ্যকৰী কৰা হ’ব বুলি ঘোষণা কৰাত অসমতো প্ৰতিবাদ আৰম্ভ হৈছে৷ ৰাজ্যৰ একাধিক দল-সংগঠনে ‘কা’ৰ বিৰুদ্ধে পুনৰ ৰাজপথত প্ৰতিবাদত নামি পৰিছে৷ অসমীয়া ভাষা-সংস্কৃতিৰ অন্যতম চালিক শক্তি স্বৰূপ সৰ্ববৃহৎ জাতীয় সংগঠন অসম সাহিত্য সভাৰ মঞ্চতো এইবাৰ ‘কা’ বিৰোধী প্ৰতিবাদৰ উকমুকণি দেখা গ’ল৷ বুধবাৰৰে পৰা মৰিগাঁৱৰ বাৰপুজীয়াৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশনস্থলীত বৃহস্পতিবাৰে দুজন যুৱকে ‘কা’ৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মুখা পিন্ধি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে যুৱকদ্বয়ে৷ নগাঁৱৰ দুই সামাজিক-সাংস্কৃতিক কৰ্মী দুলাল বৰা আৰু বিৰিঞ্চি বৰাই ‘কা’ৰ বিৰুদ্ধে এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷ দুয়োগৰাকী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মুখা পিন্ধি, তেওঁলোকৰ বেশভূশাৰে হাতত প্ৰতিবাদী শ্লোগান লিখা থকা বেনাৰ লৈ সাহিত্য সভাৰ মূল মঞ্চৰ সন্মুখত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ প্ৰতিবাদকাৰীদ্বয়ে প্ৰদৰ্শন কৰা বেনাৰত কৰা বলৱৎ কৰিলে অসমীয়া জাতি নাথাকে, জাতি নাথাকিলে ভাষাও নাথাকে, ভাষা নাথাকিলে অসম সাহিত্য সভাও নাথাকে বুলিও লিখা আছিল৷ এই অভিনৱ প্ৰতিবাদে অধিৱেশনথলীত সমৱেত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে অভ্যৰ্থনা সমিতিকো অশ্বস্তিৰ মুখলৈ ঠেলি দিয়ে৷ ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা যুৱকদ্বয় অসম সাহিত্য সভাৰ আজীৱন সদস্য বুলি জানিব পৰা গৈছে৷ উল্লেখ অসম সাহিত্য সভাই ইতিপূৰ্বে আনুষ্ঠানিকভাৱে ‘কা’ বিৰোধিতা কৰি আহিছে৷ অৱশ্যে সাহিত্য সভাৰ বৰ্তমানৰ নতুন কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰধান সম্পাদক ড॰ উপেন্দ্ৰ জিৎ শৰ্মাই দায়িত্বভাৰ লোৱাৰ প্ৰাকমুহূৰ্তত ‘কা’ আইন হোৱাৰ পাছত বিৰোধিতা কৰিব নোৱাৰো বুলিও ওলোটা খৰ মাৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল৷ অৱশ্যে প্ৰধান সম্পাদকজনে ‘কা’ সন্দৰ্ভত বিপৰীত স্থিতি ল’লেও বৃহস্পতিবাৰে অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনস্থলীত দুজনকৈ আজীৱন সদস্যই ‘কা’ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰা বিষয়টোৱে বিশেষ তাৎপৰ্যবহন কৰিছে৷ (ৰহাৰ প্ৰতিবেদকৰ সহযোগত)