Logo
image

ডেৰ লাখৰ সমাৱেশ, ১ লাখ বন্তি, ৪ হাজাৰ বাইকেৰে মোদীক আদৰাৰ প্ৰস্তুতি বিজেপিৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ ফেব্ৰুৱাৰীঃ দুদিনীয়া ভ্ৰমণসূচীৰে অহা তিনি ফেব্ৰুৱাৰীত অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ সম্পূৰ্ণ চৰকাৰী যদিও বিজেপি দলে ইয়াক নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচীলৈ ৰূপান্তৰিত কৰাৰ বাবে উঠিপৰি লাগিছে৷ এতিয়া প্ৰধানমন্ত্ৰীক ব্যাপকভাৱে আদৰণি জনোৱাৰ বাবে দিনে-নিশাই ব্যস্ত হৈ পৰিছে বিজেপি দল আৰু চৰকাৰ৷ তিনি ফেব্ৰুৱাৰীৰ নিশা গুৱাহাটীত উপস্থিত হ’বলগীয়া প্ৰধানমন্ত্ৰী মোদীয়ে চাৰি ফেব্ৰুৱাৰীত খানাপাৰাৰ খণ্ড চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এখন বিশাল জনসভাত অংশ ল’ব৷ এই সভাৰ পৰাই প্ৰধানমন্ত্ৰীয়ে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে একাধিক প্ৰকল্প উদ্বোধন কৰিব৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিজেপি যুৱ মৰ্চাৰ প্ৰায় চাৰি হাজাৰ কৰ্মকৰ্তাই বাইক ৰেলি কৰি আহি গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ বাবে৷ যুৱ ভোটাৰক আকৰ্ষিত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে এই কাৰ্যসূচী৷ কলিয়াবৰ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, বিশ্বনাথ, বঙাইগাঁও, হোজাই আদি অঞ্চলৰ পৰা যুৱ মৰ্চাৰ কৰ্মকৰ্তাসকলে বাইক লৈ তিনি ফেব্ৰুৱাৰীৰ পুৱা গুৱাহাটী অভিমুখে ৰাওনা হ’ব৷ বিয়লি আহি তেওঁলোক গুৱাহাটীত উপস্থিত হ’ব৷ নিশা মুখ্যমন্ত্ৰীৰ উপস্থিতিত যুৱ আৰু মহিলা মৰ্চাৰ কৰ্মকৰ্তাসকলে এক লাখ বন্তি প্ৰজ্বলন কৰিব খানাপাৰা খেলপথাৰত মোদীক অসমলৈ আদৰণি জনোৱাৰ উদ্দেশ্যৰে৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নিজে এই কাৰ্যসূচীত উপস্থিত থাকে৷ চাৰি ফেব্ৰুৱাৰীত খানাপাৰাত প্ৰায় ডেৰ লাখ লোকৰ সমাৱেশ ঘটোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বিজেপি দল আৰু চৰকাৰে৷ ইয়াৰ বাবে দলৰ মিন্ত্ৰী, বিধায়ক আৰু সাংসদসকলক বিশেষভাৱে দায়িত্ব অৰ্পণ কৰা হৈছে৷ দুই মিত্ৰ দল অগপ আৰু ইউ পি পি এলেও এই ক্ষেত্ৰত বিজেপিক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব৷ প্ৰধানমন্ত্ৰী মোদীয়ে তিনি ফেব্ৰুৱাৰীৰ নিশা কইনাধৰাৰ এক নম্বৰ ৰাজ্যিক অতিথিশালাত কটাব৷ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰতিটো কাৰ্যসূচী নিখুত কৰি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে দলৰ মন্ত্ৰী, বিধায়ক, আমোলা-বিষয়াৰ সৈতে একাধিক বৈঠকত মিলিত হৈছে৷ অনুৰূপভাৱে মন্ত্ৰীসকলেও নিজৰ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ লক্ষ্যৰে যুদ্ধক্ষেত্ৰত নামি পৰিছে৷ উল্লেখ্য যে, তিনি ফেব্ৰুৱাৰীৰ নিশা প্ৰায় দহ বজাত প্ৰধানমন্ত্ৰীৰ বিশেষ বিমান বৰঝাৰ বিমান বন্দৰত অবতৰণ কৰাৰ কথা৷ বৰঝাৰৰ পৰা কইনাধৰালৈ আহোতে প্ৰধানমন্ত্ৰীক গুৱাহাটীৰ মাজেদি লৈ অনাৰ পৰিকল্পনা কৰিছে চৰকাৰে৷ গুৱাহাটীৰ উন্নয়ন যাতে প্ৰধানমন্ত্ৰীৰ নিজ চকুৰে চাব পাৰে তাৰ বাবে গ্ৰহণ কৰা হৈছে এই বিশেষ কৌশল৷ সেয়ে প্ৰধানমন্ত্ৰীৰ এই সমগ্ৰ পথ আলোকসজ্জাৰে সজ্জিত কৰি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰিছে চৰকাৰে৷ যাত্ৰাপথৰ দুয়োকাষে শ শ বিজেপি কৰ্মী থিয় হৈ প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ বৰঝাৰৰ পৰা জালুকবাৰী, মালিগাঁও, পানবজাৰ, উলুবাৰী হৈ জিএছ ৰোডেদি কইনাধৰালৈ লৈ যোৱা হ’ব প্ৰধানমন্ত্ৰীক৷ চাৰি ফেব্ৰুৱাৰীৰ বিয়লি প্ৰধানমন্ত্ৰী পুনৰ দিল্লী অভিমুখে ৰাওনা হ’ব৷


মৰিগাঁও জিলা প্ৰশাসনৰে আলোচনা মন্ত্ৰী ৰঞ্জিতৰ

‘আমাৰ অসম’ৰ মৰিগাঁৱৰ প্ৰতিনিধিঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা ইত্যাদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মৰিগাঁও জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত ভাগ লয়৷ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰস্তাৱিত অসম তথা গুৱাহাটী ভ্ৰমণৰ কাৰ্যসূচীত চুবুৰীয়া জিলা হিচাপে মৰিগাঁও জিলা প্ৰশাসনৰ কৰণীয় সন্দৰ্ভত আলোচনা কৰা হয়৷ মন্ত্ৰীজনে বিভিন্ন বিভাগক প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়চোৱাত প্ৰয়োজন অনুসৰি নিজৰ নিজৰ দায়িত্বসমূহ পালন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷ সভাত মন্ত্ৰী দাসে প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিভিন্ন বিষয় সন্দৰ্ভত পৰ্যালোচনা কৰে৷ তেওঁ বিশেষভাৱে প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত গৃহ নিৰ্মাণৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াজনক বিশেষভাৱে চকু দিবলৈ নিৰ্দেশ দিয়ে৷ তেওঁ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাম-কাজৰো বুজ লয়৷ মন্ত্ৰীজনে কিছুদিন পূৰ্বে পৰিদৰ্শন কৰা মায়ং আৰু ভূৰবন্ধা উন্নয়ন খণ্ডৰ অধীনত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ গৃহ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়৷ সভাত মৰিগাঁও সমষ্টিৰ বিধায়ক তথা ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰী, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া লক্ষ্মীনন্দন চহৰীয়া, অতিৰিক্ত জিলা আয়ুক্ত দু্যতিভা বৰা, ড॰ সংগীতা বৰঠাকুৰ, বিমান দাস আৰু প্ৰাঞ্জল কুমাৰ বৰুৱাৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী-বিষয়াসকল উপস্থিত আছিল৷