Logo
image

অসমলৈ আহিব মোদীঃ প্ৰধানমন্ত্ৰীৰ সভাত মানুহ গোটাবলৈ গুৱাহাটীৰ পৰা মঙলদৈলৈ হেলিকপ্টাৰেৰে গৈ দলীয় কৰ্মকৰ্তাক নিৰ্দেশ মন্ত্ৰী পীয়ূষ-জয়ন্ত

ডিজিটেল সংবাদ, মঙলদৈৰ প্ৰতিবেদকঃ ৩ ফেব্ৰুৱাৰী শনিবাৰে গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ শনিবাৰে গুৱাহাটীত নৈশ যাপন কৰি ৪ ফেব্ৰুৱাৰীত খানাপাৰত এখন জনসভাত সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে৷ ১১,৫৯৯ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে৷ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ভোটাৰৰ মন জয় কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদী অসমলৈ অহা বুলি চৰ্চা হৈছে। 

প্ৰধানমন্ত্ৰীৰ আগমণত গাত তৎ নাইকিয়া হৈ পৰিছে অসম চৰকাৰৰ মন্ত্ৰী সকলৰ। প্ৰধানমন্ত্ৰীৰ সভালৈ মানুহ গোটোৱাৰ উদ্দেশ্যে শুকুৰবাৰে গুৱাহাটীৰ পৰা মাত্ৰ ৭০ কিলোমিটাৰ নিলগৰ মঙলদৈত উপস্থিত হ'ল অসম চৰকাৰৰ দুগৰাকী প্ৰভাৱশালী মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু মন্ত্ৰী জয়ন্তমল্ল বৰুৱা৷ গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে মঙলদৈত উপস্থিত হয় মন্ত্ৰীদ্বয়৷৷ 

ইফালে দৰঙৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী গাড়ীৰে আহি মঙলদৈত উপস্থিত হয়। প্ৰধানমন্ত্ৰীৰ সভাত মানুহৰ উপস্থিতি বৃদ্ধি কৰিলৈ তিনিও মন্ত্ৰীয়ে মঙলদৈস্থ দৰং জিলা বিজেপিৰ কাৰ্যালয়ত কাৰ্যকৰ্তাসকলৰ লগত আলোচনাত মিলিত হয়। 

দৰং জিলাৰ পৰা দলৰ কৰ্মী, ৰাইজক গুৱাহাটীলৈ লৈ যোৱাৰ সন্দৰ্ভত বিশেষ আলোচনা কৰে মন্ত্ৰীকেইজনে। জিলাখনৰ পৰা ৭ হাজাৰ বিজেপি কৰ্মী, সমৰ্থকক গুৱাহাটীৰ সভালৈ নিয়াৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বিজেপিৰ কাৰ্যকৰ্তাই। প্ৰধানমন্ত্ৰী মোদীয়ে অসমত উপস্থিত হৈ ১১০০০ কোটিৰো অধিক টকাৰ উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিব বুলি সাংবাদিকক জনালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আনহাতে প্ৰধামন্ত্ৰীৰ সভাত অসমৰ সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে মন্ত্ৰী পীয়ূষ হাজৰিকাই।