Logo
image

এইবোৰ কেন্সাৰৰ লক্ষণ হ’ব পাৰে, অৱহেলা নকৰিব

কেন্সাৰৰ নাম শুনিলেই সকলোৱেই আতংকিত হৈ পৰে৷ কেন্সাৰ এবিধ দীৰ্ঘস্থায়ী অসুস্থতা৷ বয়স, জিন আৰু জীৱনশৈলীৰ অভ্যাসৰ ওপৰত নিৰ্ভৰ কৰেকেন্সাৰৰ আশংকা৷ ব্ৰেষ্ট কেন্সাৰ, কলেষ্টেৰ’ল, হাওঁফাওঁ, ছাৰ্ভিকেল আৰু থায়ৰয়েড কেন্সাৰ মহিলাৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়৷ পুৰুষৰ ক্ষেত্ৰত হাওঁফাওঁ, প্ৰোষ্টেট, কলেষ্টেৰ’ল, পাকস্থলী আৰু লিভাৰ কেন্সাৰ বেছিকৈ হোৱা দেখা যায়৷ সকলোৰে ক্ষেত্ৰত কেন্সাৰৰ লক্ষণ গুৰুতৰ অৱস্থাত দেখা নিদিব পাৰে৷ কেতিয়াবা কেতিয়াবা এই গুৰুতৰ ৰোগবিধৰ লক্ষণ সমূহ সাধাৰণভাৱে দেখা দিয়ে৷ এনেকুৱা হ’লে বহুতেই ইয়াক অৱহেলা কৰে৷ কেন্সাৰৰ লক্ষণ দেখা দিলে ভুলতো অৱহেলা নকৰিব৷ অন্যথা হিতে বিপৰীত হ’ব৷ উল্লেখ কৰা হ’ল কেন্সাৰৰ কেইটামান প্ৰাথমিক লক্ষণ–
(১) পুৰুষৰ ক্ষেত্ৰত অণ্ডকোষৰ আকাৰ, বৰণৰ পৰিৱৰ্তন হ’লে লগে লগে চিকিৎসকৰ কাষ চাপক৷ অণ্ডকোষৰ আকাৰ বৃদ্ধি হ’লে সেয়া টেষ্টিকুলাৰ কেন্সাৰৰ লক্ষণ হ’ব পাৰে৷
(২) স্কিন কেন্সাৰ পুৰুষ-মহিলা উভয়ৰে ক্ষেত্ৰত হোৱা দেখা যায়৷ ছালৰ অস্বাভাৱিক বৰণ, ঘাঁৰ পৰা অত্যধিক ৰক্তপাত, আচিনা বেছিকৈ হ’লে চিকিৎসকৰ কাষ চাপক৷
(৩) প্ৰস্ৰাৱ কৰোঁতে সঘনাই অসুবিধা অনুভৱ কৰিলে সেয়া প্ৰষ্টেট কেন্সাৰৰ লক্ষণ হ’ব পাৰে৷ প্ৰস্ৰাৱ বা বীৰ্যৰ সৈতে ৰক্তপাত হ’লে বা বিষ অনুভৱ হ’লে সতৰ্ক হওক৷
(৪) সঘনাই কাহ হ’লে সাৱধান হওক৷ দীৰ্ঘস্থায়ী আৰু সঘনাই কাহ হোৱাটোক সাধাৰণভাৱে নল’ব৷ বিশেষকৈ ঠাণ্ডা বা এলাৰ্জিৰ কাৰণে হোৱা কাহ যদি তিনি সপ্তাহ বা তাতকৈ বেছিদিন হৈ থাকে, তেন্তে চিকিৎসকৰ কাষ চাপক৷ কিয়নো হাওঁফাওত এনে লক্ষণে  দেখা দিয়ে৷
(৫) ভিটামিনৰ অভাৱৰ কাৰণে মুখত ঘাঁ হ’ব পাৰে৷ কিন্তু এই সমস্যা যদি দীৰ্ঘস্থায়ী হয়, তেন্তে অৱহেলা নকৰিব৷ এনে লক্ষণ মুখত কেন্সাৰ হ’লে দেখা দিয়ে৷ বিশেষকৈ যিসকলে ধূমপান কৰে বা ধঁপাতৰ প্ৰতি অধিক আসক্ত তেওঁলোকৰ ক্ষেত্ৰত এনে সমস্যাই দেখা দিয়ে৷
(৬) ভাইৰাছজনিত ফ্লুৰ কাৰণে বহুতে ডিঙিত বিষ অনুভৱ কৰে৷ কিন্তু দীৰ্ঘদিন ধৰি ডিঙিত বিষ অনুভৱ কৰা বা খাদ্য গিলাত সমস্যা হ’লে চিকিৎসকৰ কাষ চাপক৷
(৭) শৌচৰ সৈতে তেজ নিৰ্গত হ’লে সাৱধান হওক৷ ক’লন কেন্সাৰৰ  ক্ষেত্ৰত এনে লক্ষণে দেখা দিয়ে৷
(৮) অত্যধিক ওজন কমাতো ভাল লক্ষণ নহয়৷ এনেকুৱা হ’লে চিকিৎসকৰ পৰামৰ্শ লওক৷
(৯) ভাগৰ লগাটো যিকোনো ৰোগৰ আগতীয়া লক্ষণ৷ সাধাৰণ চৰ্দি কাহ হ’লেও ভাগৰ লাগে৷ কিন্তু একেৰাহে যদি এমাহৰো অধিক দিন ভাগৰ লগা অনুভৱ কৰে বা শ্বাস কষ্টত ভোগে তেন্তে চিকিৎসকৰ কাষ চাপক৷ কিয়নো বিশেষজ্ঞসকলৰ মতে সঘনাই ভাগৰ লগাটো লিউকেমিয়া তথা লিম্ফ'মা কেন্সাৰৰ লক্ষণ হ’ব পাৰে৷