Logo
image

সংকল্প একাষৰীয়া কৰি আজি ধুবুৰীলৈ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ মে’: ‘ৰঘুকুল ৰীত সদা চলী আয়ী, প্ৰাণ যায় পৰ বচন ন জায়’– এতিয়া সেই ৰাজা ৰামো নাই, মুখৰ বচনৰো অতীত কালৰ দৰে গেৰাণ্টী নাই৷ দিনচেৰেক পূৰ্বলৈকে ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নাযাও বুলি কৈ অহা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সংকল্প একাষৰীয়া কৰি বৃহস্পতিবাৰে ধুবুৰীত মাৰাথন প্ৰচাৰ চলাবলৈ যাব৷

মুখ্যমন্ত্ৰীয়ে মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ ক্ৰমে গৌৰীপুৰ, গোলাকগঞ্জ আৰু বিলাসীপাৰাত নিৰ্বাচনী প্ৰচাৰ চলাব৷ আজি দিনৰ ভাগত মুখ্যমন্ত্ৰীয়ে ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাই সন্ধিয়ালৈ গুৱাহাটীতো কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল’ব৷ লক্ষণীয় যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে এক সংবাদমেলত ঘোষণা কৰিছিল যে ধুবুৰীক বাদ দি তেওঁ বাকী ১৩টা সমষ্টিতহে নিৰ্বাচনী প্ৰচাৰ চলাব৷ ধুবুৰীত প্ৰচাৰ চলাবলৈ নাযাও বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কৈছিল– ‘ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গ’লে মোৰ প্ৰিন্সিপালটোৱেই বদলাই দিব লাগিব৷ তেতিয়া আৰু মই ৰাজনীতিত ইমানদিনে যিবোৰ কথা কৈ আছো গোটেইবিলাকেই বদলাই দিব লাগিব৷ ধুবুৰীত আমাৰ বিধানসভাতহে ভাল হ’ব৷ চাৰিটা ছিটত জিকিম৷ কিন্তু লোকসভাত হাৰিম৷ কংগ্ৰেছ-এআইইউডিএফক ধুবুৰী এৰি দিছোঁ৷ তেওঁলোকেই তাত কাজিয়া কৰি থাকক৷ মই যিহেতু ধুবুৰীত নায়েই গতিকে মালা পিন্ধাওক, সমালোচনা কৰক– তাত মোৰ কোনো আপত্তি নাই৷’ 

উল্লেখ্য, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছতে বিজেপিৰ বাবে সংখ্যালঘু ভোটাৰ হঠাৎ আপোন হৈ পৰাত মুখ্যমন্ত্ৰীয়ে নিজৰ মত সলনি কৰি কয় যে ধুবুৰী যিহেতু অসমৰে অংশ, গতিকে কিয় ধুবুৰীত নিৰ্বাচনী প্ৰচাৰত নাযাব৷ নিশ্চয় তেওঁ ধুবুৰীত প্ৰচাৰৰ বাবে যাব৷ অৱশেষত মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে ধুবুৰীত গৈ উপস্থিত হ’ব৷ ইফালে, বুধবাৰে বাগ্‌সাৰ নিকাচীত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে অসমীয়া বুলি মিত্ৰজোঁট ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দিবলৈ আহ্বান জনায়৷ মুখ্যমন্ত্ৰীয়ে কয়– ‘ইয়াত বহুত অসমীয়া ভাষী ৰাইজ আছে৷ অসমীয়া ভাষী ৰাইজে এটা কথা মনত ৰাখিব লাগিব যে বড়োলেণ্ডত আমি সকলো মিলি থাকিব লাগিব৷ বড়ো, অসমীয়া, নেপালী, হিন্দীভাষী– সকলো জাতি-উপজাতি লৈয়েই আমি চলিব লাগিব৷ সেইকাৰণে পুৰণা পৰিৱেশ পাহৰি নতুন পৰিৱেশ আমি নিৰ্মাণ কৰিব লাগিব৷ দিল্লীত মোদী, দিছপুৰত মই আৰু বিটিআৰত প্ৰমোদ বড়ো– আমি সকলো লগ লাগি বিটিএডিৰ সমস্যাবোৰ সমাধান কৰিম৷ নৱ শৰণীয়াই নিজকে অসমীয়া বুলি কয়৷ কেৱল তেওঁৱেই অসমীয়া নেকি, আমিও অসমীয়া৷ বিজেপিৰ প্ৰত্যেকজন মন্ত্ৰীয়েই অসমীয়া৷ নৱ শৰণীয়াই কোনো কাম কৰিব নোৱাৰে৷ কিয়নো দিল্লী-দিছপুৰত তেওঁৰ চৰকাৰ নাই৷ অকলে এমপি হৈ তেওঁ ইমানদিনে বিটিআৰত কি কৰিলে, মানুহে দেখিলে৷ সেই কাৰণে ভোটাৰ ৰাইজক মই বিজেপি-ইউপিপিএলৰ পক্ষত ভোট দিবলৈ আহ্বান জনাইছোঁ৷ আপোনালোকে মোদী ডাঙৰীয়া আৰু মোৰ হাত শক্তিশালী কৰক যাতে প্ৰমোদ বড়োৰ সৈতে লগলাগি ৰাইজৰ সমস্যাবিলাক সমাধান কৰিব পাৰোঁ৷