Logo
image

নিবনুৱা যুৱকৰ হাতত চান্দা বহী তুলি দিয়ক

মাননীয় প্ৰধানমন্ত্ৰীজী,

মই ‘টুলকিট’কলৈ অশান্তিত আছো৷ দেশৰ নিবনুৱা যুৱক-যুৱতীয়ে তেওঁলোকৰ আন্দোলনটোলৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ বাবে যি ‘টুলকিট’ তৈয়াৰ কৰিছে তাত তেওঁলোকে মোৰ ফোন নম্বৰটোও ভৰাই দিছে৷ তাত তেওঁলোকে মোৰ কেৰিয়াৰৰ কৃতিকলাপো অন্তৰ্ভুক্ত কৰিছে৷ এনেকুৱা এখন দেশত য’ত সাংবাদিকতাৰ পৰিসমাপ্তি ঘটিছে আৰু সেই দেশৰ এজন সাংবাদিকৰ ওপৰত এনে ধৰণে বোজা জাপি দিয়াটো উচিত হোৱা নাই৷ মই ভাৰতৰ নিবনুৱা যুৱক-যুৱতীসকলক কৈছো, এতিয়া মোৰ জোৱান বয়সো নাই আৰু মোৰ কোনো ক’বলগীয়া কাহিনীও নাই৷ তথাপি মোলৈ তেওঁলোকে হাজাৰ হাজাৰ মেছেজ পঠিয়াই আছে৷ তেওঁলোকৰ বেকাৰত্বৰ কাৰণ ৰবিশ কুমাৰ নহয় বুলি জানিও মোলৈ তেওঁলোকে এনেদৰে মেছেজ প্ৰেৰণ কৰি আছে৷ মই আপোনাৰ মন্ত্ৰীসভাৰ নিয়োগ মন্ত্ৰীও নহয়৷ আপোনাৰ দলৰ আইটি চেলৰ মুৰব্বীও নহয়৷ এই যুৱকসকলে বাৰে বাৰে বেকাৰত্বৰ কথা লিখি থকাত দেশৰ ছবিখন বেয়া হৈ পৰিছে৷ সমগ্ৰ বিশ্বই ভাবিছে, ভাৰতত মন্দিৰ নিৰ্মাণৰ কাম চলি আছে কিন্তু দেশখনৰ যুৱক-যুৱতীসকলে চাকৰি বিচাৰি ফুৰিছে৷ মই নিবিচাৰো যে এনেধৰণৰ কাৰ্যকলাপেৰে যুৱক-যুৱতীসকলে দেশৰ বদনাম কৰক৷

এইখন পত্ৰ এইবাবেই লিখা নাই যে আপুনি এই বিষয়ে জনাৰ লগে লগে সকলোকে একোটা চাকৰি দি দিব৷ আপুনি তেনেকুৱা কাম নকৰিলেও যুৱক-যুৱতীসকলৰ ভোট আপোনালৈকে যাব৷ আপোনাৰ যদি এয়া বিশ্বাস হোৱা নাই তেন্তে ধৰ্ণা প্ৰদৰ্শন কৰি থকা যুৱক-যুৱতীসকলৰ মাজত এটা সমীক্ষাও চলাই চাব পাৰে৷ মই জানিব পাৰিছো দেশত এতিয়া নিবনুৱা সমস্যা কোনো ইছ্যু হৈ থকা নাই৷ ৰাজনীতিত ধৰ্মক জড়িত কৰি পেলোৱাৰ বাবেই এয়া সম্ভৱ হৈছে৷ ৰাজনীতিত ধৰ্ম জড়িত কৰিব পৰাটো এটা কৌশল৷ সেই কৌশল প্ৰয়োগত আপুনি সফল হৈছে৷ মই ভাবিছো, এই যুৱক-যুৱতীসকলক যদি কৰ্মসংস্থাপনতকৈ অধিক কিবা লাগে সেয়া হৈছে ধৰ্মৰ গৌৰৱ ৰক্ষা কৰাৰ দায়িত্ব৷ তেওঁলোককো ধৰ্মৰ পৰিচয় লাগে৷ পশ্চিম বংগত আপুনি জয় শ্ৰীৰাম ধবনি দি ধৰ্ম ৰাজ্যবাসীৰ দেহে মনে ভৰাই দিছে৷ ইউপি, বিহাৰততো কথাই নাই৷ আপুনি সেই দুই ৰাজ্যৰ যুৱকসকলৰ হাতত মন্দিৰ নিৰ্মাণ কৰাৰ চান্দা বহী তুলি দিব পাৰে৷ যি যি স্থানত ৰোজগাৰৰ বাবে আন্দোলন চলি আছে, দেশৰ সেই সেই আন্দোলনস্থলীতো আপুনি সকলোৰে হাতত একোখনকৈ মন্দিৰ নিৰ্মাণৰ চান্দা বহী তুলি দিব পাৰে৷ তেতিয়া আপুনি দেখিব সমগ্ৰ দেশৰ যুৱক-যুৱতীসকল কামত লাগি যাব৷ তেওঁলোক আনন্দত আত্মহাৰা হৈ পৰিব৷ লাহে লাহে তেওঁলোকৰ পৰিয়ালৰ লোকসকলো এই কামত নামিব৷ সকলোৰে হাতে হাতে থাকিব মন্দিৰ নিৰ্মাণ কৰাৰ বাবে চান্দা তুলিবলগীয়া একোখনকৈ বহী৷ ইয়াৰ জৰিয়তেই ভাৰতৰ নিবনুৱা সমস্যা অতি সহজে সমাধান হ’ব৷ আপুনি যি ধাৰণা কৰি এই কৌশল গ্ৰহণ কৰিছে তাৰ কোনো তুলনা নাই৷ আপুনি সেই চান্দা বহীৰ জৰিয়তেই একেকোবেই দেশৰ পৰা বে-ৰোজগাৰ অদৃশ্য কৰি দিব পাৰিব৷ যুৱক-যুৱতীসকলে দেশৰ অলিয়ে গলিয়ে গৰ্বৰে সৈতে হাতত চান্দা বহী লৈ ঘূৰি ফুৰিব৷ যি চান্দা নিদিয়ে তেওঁলোকক এই যুৱক-যুৱতীসকলে উচিত শিক্ষা দিব৷ কিয়নো মন্দিৰ নিৰ্মাণেই হৈছে ৰাষ্ট্ৰ নিৰ্মাণৰ আন এক ৰূপ৷ এই ৰাষ্ট্ৰ নিৰ্মাণত নিয়োজিত যুৱক-যুৱতীসকলৰ কথা নুশুনিলে আপুনি প্ৰদৰ্শন কৰা পথ অমান্য কৰা হ’ব৷ সেয়েহে তেওঁলোকে চান্দা দিবলৈ অস্বীকাৰ কৰা সকলক শাস্তি প্ৰদান কৰিবই৷ কিয়নো ৰাষ্ট্ৰ নিৰ্মাণ হৈছে সকলোৰে কৰ্তব্য৷ যুৱক-যুৱতীসকলে এতিয়াৰ পৰা কোনো পৰীক্ষা দিব নালাগে৷ চান্দাৰ ধনেই তেওঁলোকৰ লক্ষ্য পৰিব লাগে৷ আপুনি চাই থাকক, আপুনি বিচৰাৰ দৰে সেয়া হ’বই৷

ইতি

ৰবিশ কুমাৰ

সাংবাদিক