Logo
image

অভিনেতা ৰাজীৱ ৰাজনীশ আৰু নাই

'আমাৰ অসম'ৰ মহানগৰ সংবাদ,৬ ফেব্ৰুৱাৰীঃ অসমীয়া চলচ্চিত্ৰ জগতৰ উদিয়মান অভিনেতা ৰাজীৱ ৰজনীশৰ মঙলবাৰে অকাল মৃত্যু ঘটে। 

'ৰামধেনু'ৰ পৰা 'ৰাঘৱ'লৈ অভিনয়েৰে দৰ্শকৰ মনত সাঁচ বহুৱাই অজান মুলুকলৈ আঁতৰি গ'ল অসমীয়া ছবিজগতৰ প্ৰতিভাৱান অভিনেতা ৰাজীৱ ৰাজনীশে (বাপন)। অভিনেতাজনে মহানগৰীৰ নেমকেয়াৰ হাস্পতালত মঙলবাৰে বিয়লি ৩.৩০ শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ্য যে ২৭ জানুৱাৰীত শ্বুটিং শেষ কৰি অভিনেতা ৰাজনীশে গুৱাহাটীৰ ভেটাপাৰাৰ ঘোঁৰামাৰাৰ বাসগৃহলৈ ওভতাৰ পথত বশিষ্ঠৰ সমীপত এক দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হয়৷ পৰৱৰ্তী সময়ত তেওঁক চিকিৎসালত ভৰ্তি কৰোৱা হয়। তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও পাছলৈ নেমকেয়াৰ  হাস্পতালত ভৰ্তি কৰোৱা৷ হাস্পতালৰ নিউৰ' আই চি ইউত বিগত প্ৰায় ৬ দিন চিকিৎসা কৰাৰ পাছত জীৱন-মৃত্যুৰে যুঁজি অৱশেষত তেওঁ নিয়তিৰ ওচৰত হাৰ মানিলে। চিকিৎসাধীন অৱস্থাতে অকাল মৃত্যুক সাৱটি লয় অভিনেতাগৰাকীয়ে।

বহু অসমীয়া ধাৰাবাহিক তথা চলচ্চিত্ৰত অভিনয় কৰিছিল ৰাজীৱ ৰাজনীশে। লগতে ভ্ৰাম্যমাণ জগততো নিজৰ বলিষ্ঠ অভিনয়েৰে অনুৰাগীৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল অভিনেতাজনে। বিশেষকৈ খলনায়কৰ চৰিত্ৰত কৰা দুৰ্দান্ত অভিনয়ৰ বাবে জনপ্ৰিয় আছিল ৰাজীৱ ৰাজনীশ। তেওঁ ৰত্নাকৰ, ৰাঘব চলচ্চিত্ৰত অভিনয় কৰাৰ লগতে জনপ্ৰিয় ধাৰাবাহিক 'বেহাৰবাৰী আউট  পোষ্ট'ত অভিনয় কৰিছিল। তেওঁ ভ্ৰাম্যমাণ জগতৰো সুদক্ষ অভিনেতা আছিল। ৰাজীৱ ৰাজনীশৰ জন্ম নগাঁৱৰ কৰৈয়নিত। জন্মস্থাত নানা সাংস্কৃতিক অনুষ্ঠানৰ সৈতে তেওঁ জড়িত হৈ আছিল। মৃত্যুৰ সময়ত তেওঁ পিতৃ পদৰাম গায়ন, মাতৃ অঞ্জলি গায়ন, পত্নী পল্লৱী ফুকনৰ লগতে এজনী কন্যা, পৰিয়ালৰ লোক আত্মীয় স্বজনক এৰি যায়। অভিনেতাজনৰ নশ্বৰ দেহ বুধবাৰে নিজ জন্মস্থানলৈ নিয়া হ'ব আৰু তাত শেষকৃত্য সম্পন্ন কৰা হ'ব। অভিনেতাগৰাকীৰ মৃত্যুয়ে শোকৰ ছাঁ পেলাইছে অসমীয়া চলচ্চিত্ৰ জগতত। এই শোকৰ খবৰত ম্ৰিয়মান হৈ পৰিছে তেওঁৰ অনুৰাগীসকলো।