Logo
image

সোণোৱালৰ নতুন দিল্লীৰ বাসভৱনত নিশা হিমন্তবিশ্ব শৰ্মা

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ৭ ফেব্ৰুৱাৰীঃ বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ অন্যতম সদস্য, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মঙলবাৰে নতুন দিল্লীত বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মা৷ মূলতঃ অসমত দলৰ প্ৰাৰ্থী বাছনিকলৈহে মুখ্যমন্ত্ৰীজন সোণোৱালৰ সৈতে আলোচনাত মিলিত হয়৷ উল্লেখ্য, দুপৰীয়া ২.৩০ বজাত দিল্লীত উপস্থিত হোৱাৰ পাছত মুখ্যমন্ত্ৰীজনে সন্ধিয়া জ্জ বজাৰ পৰা দিল্লীস্থ বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন মাৰাথন বৈঠকত মিলিত হয়৷ নিৰ্বাচনী প্ৰস্তুতিৰ উপৰি দলীয় প্ৰাৰ্থী বাছনিকলৈ হোৱা বৈঠকত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দলৰ সাংগঠিনক সাধাৰাণ সম্পাদক বি এল সন্তোষো উপস্থিত থকা বুলি জানিব পৰা গৈছে৷ দলীয় সূত্ৰত প্ৰকাশ পোৱা মতে, গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰামৰ্শ মৰ্মেই মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নিশাৰ ভাগতেই নতুন দিল্লীৰ ২৩ ছফদৰজংস্থিত সৰ্বানন্দ সোণোৱালৰ চৰকাৰী বাসভৱনত উপস্থিত হয়৷ কাৰণ দলৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ সদস্য হিচাপে সোণোৱালৰ পৰামৰ্শ অবিহনে ৰাজ্যত বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰাটো সম্ভৱ নহয়৷ আন এক সূত্ৰ অনুসৰি বিজেপিৰ মুখ্য কাৰ্যালয়ত হোৱা বৈঠকত মূলতঃ অসমত দলৰ প্ৰাৰ্থী বাছনিকলৈও দলৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে মুখ্যমন্ত্ৰীয়ে আজি আলোচনা কৰে৷ বিশেষকৈ অসম গণ পৰিষদক জয়ৰ সম্ভাৱনা থকা কোনটো সমষ্টি মিত্ৰদলটোক এৰি দিব পাৰি সেই বিষয়ত চূড়ান্ত সিদ্ধান্তত উপনীত হোৱাৰ বিষয়টো আলোচনাৰ অন্যতম এজেণ্ডাত থকা বুলি সূত্ৰটোয়ে জানিবলৈ দিয়ে৷ ইপিনে, মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা কাইলৈ পুৱাৰ ভাগতেই গুৱাহাটীলৈ ৰাওনা হ’ব বুলি জানিব পৰা গৈছে৷