Logo
image

ৰাজনৈতিক দললৈ আয়োগৰ নিৰ্দেশঃ নিৰ্বাচনৰ কোনো কামতে শিশুক ব্যৱহাৰ নকৰিব

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৭ ফেব্ৰুৱাৰীঃ নিৰ্বাচন মানেই যেন ৰাজনৈতিক দল তথা প্ৰাৰ্থীৰ মৰণপণ যুঁজ৷ নিৰ্বাচনী যুঁজত জয়ী হোৱাৰ বাবে সকলো কৌশলেই গ্ৰহণ কৰে ৰাজনৈতিক দলসমূহে৷ ভোট যুদ্ধত ভোটাৰক আকৰ্ষণ কৰিব পৰা কোনো কাৰ্যৰ পৰাই বিৰত নাথাকে ৰাজনৈতিক দল তথা প্ৰাৰ্থীয়ে৷ সেয়েহে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰত শিশুৰ পৰা বৃদ্ধলৈ কাকো ব্যৱহাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে৷ কিন্তু ৰাজনৈতিক দল তথা প্ৰাৰ্থীৰ এনে পৰম্পৰাগত কৌশলত এইবাৰ বিধি পথালি দিছে দেশৰ নিৰ্বাচন আয়োগে৷ নিৰ্বাচনী প্ৰচাৰত এতিয়াৰে পৰা ৰাজনৈতিক দল তথা প্ৰাৰ্থীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব শিশু৷ সমাগত লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজাই দেশৰ নিৰ্বাচন আয়োগে প্ৰথমটো আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰিছে৷ নিৰ্বাচন আয়োগে এতিয়াৰে পৰা নিৰ্বাচনী প্ৰচাৰত কোনো শিশুক আহিলা হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব বুলি স্পৰ্শ কৰি দিছে৷ নিৰ্বাচন আয়োগে জাৰি কৰা এখন জাননীত কয় যে ৰাজনৈতিক দলসমূহে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে কোনো ধৰণে শিশুক ব্যৱহাৰ কৰিব নোৱাৰে৷  ৰাজনৈতিক দলৰ পোষ্টাৰ লগোৱা, প্ৰচাৰ পত্ৰিকা বিতৰণৰ পৰা আৰম্ভ কৰি শ্লোগান দিয়ালৈকে কোনো কাৰণতে শিশুক ব্যৱহাৰ কৰিব নোৱাৰিব৷ আনকি, ৰাজনৈতিক নেতাই নিৰ্বাচনী প্ৰচাৰৰ সময়ত কোলাত বা কোলাত শিশু কঢ়িয়াই নিব নোৱাৰে৷ শিশুক নিৰ্বাচনী ৰেলী বা বাহনত ৰাখিব নোৱাৰিব৷ কেৱল প্ৰচাৰ সভা বা সভাই নহয়, নিৰ্বাচন সম্পৰ্কীয় কবিতা, গীত, শ্লোগান বা ভাষণত শিশুৰ নাম উল্লেখ কৰিব নোৱাৰিব৷ কোনো শিশুকে ছবি বা ভিডিঅ’ত ৰাজনৈতিক দলৰ পতাকাবাহী হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব৷ অৱশ্যে ৰেলী, পদযাত্ৰাৰ সময়ত যদি কোনো শিশুৰ লগত পিতৃ-মাতৃ থাকে৷ তেন্তে এই নিয়ম প্ৰযোজ্য নহ’ব৷ তেনে ক্ষেত্ৰত অভিভাৱকসকল কোনো ধৰণে ৰাজনৈতিক প্ৰচাৰৰ অংশ হ’ব নালাগে৷  নিৰ্বাচনী যুদ্ধ আৰু প্ৰচাৰৰ পৰা শিশুসকলক আঁতৰাই ৰখাৰ উদ্দেশ্যৰে দেশৰ নিৰ্বাচন আয়োগে এই কঠোৰ নিৰ্দেশ জাৰি কৰিছে৷ ইয়াৰ অন্যথা শিশু শ্ৰম অধিনিয়ম-১৯৮৬১ বিধিৰ দ্বাৰ সংশ্লিষ্ট পক্ষক অভিযুক্ত কৰা হ’ব বুলিও নিৰ্বাচন আয়োগে সতৰ্ক কৰি দিছে৷