Logo
image

মোদীক উভতি ধৰিলে কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈয়েঃ হতাশা ঢাকিবলৈকে ডাঙৰ ডাঙৰ কথা কৈছে প্ৰধানমন্ত্ৰীয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ ফেব্ৰুৱাৰীঃ ‘অহংকাৰৰ বাবে ৰাৱণ পৰাজিত হৈছিল৷ অহংকাৰে ৰাৱণক অন্ধ কৰি তুলিছিল৷ ৰাহুল গান্ধীয়ে সদনত কৰা এই মন্তব্য আজিও মোৰ মনত পৰে৷’ –এই কটাক্ষ লোকসভাত কংগ্ৰেছৰ উপ-দলপতি গৌৰব গগৈৰ৷ উল্লেখ্য যে ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত সংসদত চলা ধন্যবাদসূচক প্ৰস্তাবৰ ওপৰত প্ৰায় ডেৰ ঘণ্টা ধৰি ভাষণ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে৷ মোদীৰ এই ভাষণক সোমবাৰে কটাক্ষ আৰু সমালোচনা কৰি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কয়– হতাশা ঢাকিবলৈ প্ৰধানমন্ত্ৰীয়ে ডাঙৰ ডাঙৰ কথা কৈছে৷ মল্লিকাৰ্জুন খাৰ্গেয়ে ৰাজ্যসভাত ইউ পি এ চৰকাৰৰ কাম-কাজৰ যিবিলাক কথা বৰ্ণনা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে সেইবোৰৰে প্ৰত্যুত্তৰ দিয়া যেন অনুভব হ’ল৷ পাৰ্থক্য এটাই যে মল্লিকাৰ্জুন খৰ্গেই নিজৰ আৰু ৰাজ্যসভাৰ মৰ্যাদা ৰক্ষা কৰি কথাবিলাক কৈছিল আৰু প্ৰধানমন্ত্ৰীয়ে তিক্ততাপূৰ্ণ আৰু অহংকাৰেৰে পৰিপূৰ্ণ কথা কৈছে৷ বৰ্তমানৰ মহাৰাজৰ চৰকাৰখনে মূল্যবৃদ্ধি বা মণিপুৰৰ ৰক্তত্ব পৰিস্থিতি চকুৰে দেখা নাই৷ তেওঁ অহংকাৰী হিচাপে কংগ্ৰেছক অভিযুক্ত কৰিছে আৰু তেওঁৰ পৰা আমি সেইটোৱে আশা কৰোঁ৷ আনহাতে শশী থাৰুৰে প্ৰধানমন্ত্ৰীৰ ভাষণক সমালোচনা কৰি কয়–বিৰোধীয়ে বিজেপি নেতাৰ বাগ্মিতাক সন্মান কৰে৷ কিন্তু প্ৰধানমন্ত্ৰীৰ বাগ্মিতা এইবাৰ একেবাৰে নিম্নস্তৰত দেখা গ’ল৷ এটা কথাকে প্ৰধানমন্ত্ৰীয়ে বাৰম্বাৰ উল্লেখ কৰিলে নিজৰ ভাষণত৷ তেওঁ ভাগৰুৱা যদিও মই নাজানো৷ আৰু যদি কিবা হৈছে সেইটো ক’ব নোৱাৰো৷ আমি তেওঁৰ পৰা বেছি আশা কৰি লাভ নাই কাৰণ এটা কথাই তেওঁ বাৰম্বাৰ কৈ আছিল৷ ৬০ বছৰ পূৰ্বে নেহৰুৰ মৃত্যু হৈছে৷ কিন্তু মোদীয়ে নেহৰুৰ কথাই কৈ থাকিল৷ প্ৰধানমন্ত্ৰীৰ হৈছে কি? মই ভাবো তেওঁক নতুন শক্তিৰ প্ৰয়োজন হৈছে৷