Logo
image

চি বি আইৰ প্ৰতিবেদন দাখিলঃ হত্যা বা আত্মহত্যা নহয়, দুৰ্ঘটনাতে মৃত্যু হৈছিল জোনমণিৰ

'আমাৰ অসম'ৰ নগাঁৱৰ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ফেব্ৰুৱাৰীঃ অন্ত পৰিল বহু চৰ্চা, উৎকণ্ঠা, জল্পনা-কল্পনাৰ। অৱশেষত নগাঁৱৰ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ চি বি আই তদন্তৰ প্ৰতিবেদন ওলাল। চিবিআইৰ তদন্তকাৰী বিষয়া মণিন্দৰ সিঙে মঙলবাৰে বিয়লি নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত দাখিল কৰে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ ৫৯ পৃষ্ঠাৰ প্ৰতিবেদন। আৰক্ষী বিষয়াগৰাকীৰ মৃত্যু কোনো হত্যা বা আত্মহত্যাৰ ঘটনা নহয়। প্ৰতিবেদনত জোনমণি ৰাভাৰ হত্যা অথবা আত্মহত্যাৰ বিষয়টো সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে। উক্ত প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি দুৰ্ঘটনাৰ ফলতেই মৃত্যু হৈছিল আৰক্ষী বিষয়া জোনমণি ৰাভাৰ। বিষয়াগৰাকীৰ মৃত্যু সম্পৰ্কত নগাঁৱত ৰুজু হৈ থকা তিনিওটা গোচৰৰে চিবিআয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছে।

উল্লেখ্য, অসম আৰক্ষীৰ  উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ২০২৩ চনৰ ১৬ মে’ৰ পুৱতি নিশা প্ৰায় ২বজাত কলিয়াবৰত এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া। ৰহস্যজনক পথ দুৰ্ঘটনাত জোনমণি ৰাভাৰ মৃত্যু হোৱা ঘটনাৰ প্ৰথমে তদন্ত কৰিছিল অসম আৰক্ষীৰ চি আই ডিয়ে। পৰৱৰ্তী সময়ত অসম আৰক্ষীয়ে তদন্তৰ দায়িত্ব দিছিল চি বি আইক। তাৎপৰ্য্যপূৰ্ণভাৱে জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভাই নগাঁও আৰক্ষীৰ পূৰ্বৰ অধীক্ষক লীনা দলে, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা,  পৰিদৰ্শক মনোজ ৰাজবংশী আৰু উপ-পৰিদৰ্শক আভাজ্যোতি ৰাভাৰ বিৰুদ্ধে অভিযোগ তুলিছিল যদিও চি বি আয়ে আটাইকেইগৰাকী বিষয়াকে দোষমুক্ত বুলি প্ৰতিবেদনত উল্লেখ কৰিছে। 

জোনমণিৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ সন্দৰ্ভত চি বি আয়ে ১১টা দফা প্ৰতিবেদনত উল্লেখ কৰিছে। অৱশ্যে লখিমপুৰৰ নকল সোণৰ ব্যৱসায়ৰ ওপৰত চি বি আয়ে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ কথাও চি বি আইৰ প্ৰতিবেদনত উল্লেখ কৰিছে। ৭ মাহ ধৰি নগাঁও আৱৰ্ত্ত ভৱনত অস্থায়ী কাৰ্যালয় পাতি কাম-কাজ চলোৱা চি বি আইৰ দলটোৱে মঙলবাৰে নগাঁৱৰ অস্থায়ী কাৰ্যালয় বন্ধ কৰি নতুন দিল্লীৰ মুখ্য কাৰ্যালয়লৈ উভতি যোৱাৰ কথাও জানিব পৰা গৈছে। নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰ বিষয়টো সংবাদ মাধ্যমক জনায় চি বি আইৰ উপ-অধীক্ষক তথা তদন্তকাৰী বিষয়া মণিন্দৰ সিঙে।