Logo
image

কুচকাৱাজ আৰম্ভঃ শোণিতপুৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ'ব নেকি ভানু?

'আমাৰ অসম'ৰ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ৭ ফেব্ৰুৱাৰী: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পুনৰ ৰাজ্যৰ ৰাজনীতিত প্ৰাসংগিক হৈ উঠিছে ভাৰত চৰকাৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়াৰ নাম। অসম চৰকাৰৰ শীৰ্ষ আমোলা হিচাপে পৰিচয় থকাৰ লগতে এসময়ত শোণিতপুৰৰ উপায়ুক্ত হিচাপে বহু উন্নয়নমূলক কাম-কাজেৰে জনপ্ৰিয়তা অৰ্জন কৰি শেহতীয়াকৈ তেজপুৰতে নিজৰ স্থায়ী বাসগৃহ নিৰ্মাণ কৰি তেজপুৰতে অধিকাংশ সময় অতিবাহিত কৰা এম জি ভি ভানুৱে পুনৰ ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে।

বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি ৪ লাখ ৫০ হাজাৰ ভোট লাভ কৰিও বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হাতত পৰাজিত হৈছিল এম জি ভি কে ভানু৷ তাৰ পিছতে কংগ্ৰেছ দল ত্যাগ কৰি ৰাজনৈতিক পথাৰখনত তেওঁ নিস্ক্ৰিয় হৈ আছিল৷ শেহতীয়াকৈ শাসনাধিষ্ঠিত বিজেপি দলৰ পৰা শোণিতপুৰত প্ৰতিদ্বন্দিতা কৰাৰ ইংগিত দিলে ভানুৱে। 

এই সন্দৰ্ভত তেওঁ কয়, "বিজেপি চৰকাৰৰ সময়ত সমগ্ৰ দেশৰ লগতে ৰাজ্যখনত যথেষ্ট উন্নয়নমূলক কাম হৈছে। মই নিজেই যিহেতু সকলো সময়তে উন্নয়নৰ সপোন দেখা ব্যক্তি সেয়েহে সাম্প্ৰতিক সময়ত চৰকাৰত থাকি উন্নয়নমূলক কাম কৰিবলৈ হ'লে মোৰ বাহিৰেও আন যিকোনো লোকৰ বাবে বিজেপি দলৰ বিকল্প নাই৷" লগতে তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী মুখ্যমন্ত্ৰীৰ সৈতে কাম কৰাৰ সপোন আছে। অসমত থাকি ৰাজনীতি কৰিম বুলি তেজপুৰত নিজা ঘৰ বনোৱা নাছিলোঁ, পৰাজয় কৰাৰ পিছতহে নিজা বাসগৃহ নিৰ্মাণ কৰা হৈছে৷ লগতে তেওঁ তেজপুৰক আৰু অধিক উন্নত ঠাই হিচাপে গঢ়ি তোলাৰ সপোনৰ কথাও সদৰি কৰে।

উল্লেখ্য যে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব হিচাপে অৱসৰ গ্ৰহণ কৰা এসময়ৰ দক্ষ প্ৰশাসনিক বিষয়াগৰাকীয়ে শোণিতপুৰত উপায়ুক্ত হৈ থকাৰ সময়তে তেজপুৰকে ধৰি জিলাখনৰ বিভিন্ন ক্ষেত্ৰৰ লোকৰ সৈতে এক সৌহাদ্যমূলক সম্পৰ্ক গঢ়ি তুলিছিল৷ দলে যোগ্য বুলি বিবেচনা কৰিলে আগন্তুক লোকসভা নিৰ্বাচনত শোণিতপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ একপ্ৰকাৰে সাজু বুলি নিজৰ মনোভাৱ ব্যক্ত কৰে এম জি ভি কে ভানুৱে।