Logo
image

ৰাজ্যৰ ৰাজকোষলৈ ১০ মাহত ৩,৮১৬ কোটিঃ সুৰাৰ পৰা নিতৌ ১২.৫১ কোটি টকা ৰাজহ সংগ্ৰহ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৮ ফেব্ৰুৱাৰীঃ অসম চৰকাৰে ৰ লাখ ৩৬ হাজাৰ কোটি টকা ঋণত কক্‌বকাই থকাৰ আৰ্থিক দুৰৱস্থাৰ বাস্তৱ ছবিখন চলিত বিধানসভাৰ মজিয়াত উন্মোচন হোৱাৰ পাছতেই সৰ্বত্ৰ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ঋণত পোত যোৱা অসম চৰকাৰৰ ৰাজহ ঘাটি জোৰা মৰাৰ বাবে এইমুহূৰ্তত সুৰাপায়ীয়েই একমাত্ৰ আশা-ভৰষাৰ স্থলত পৰিণত হৈছে৷ শুনিলে আচৰিত যেন লাগিলেও অসমত সুৰাপায়ীৰ পৰা চৰকাৰে দৈনিক গড়ে ১২.৫১ কোটি টকা কৰ সংগ্ৰহ কৰে৷ ৰাজকোষলৈ সুৰাপায়ীৰ এই বৰঙণিত উৎফুল্লিত হৈ চৰকাৰে এতিয়া নতুনকৈ ২০৩খন সুৰা বিপণীৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবেও নিবিদা প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷ অসম বিধানসভাৰ মজিয়াত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে৷ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰকাশ কৰা অনুসৰি অসমত চলিত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ১০টা মাহত সুৰাৰ পৰা ৰাজহ সংগ্ৰহ কৰিছে সৰ্বমুঠ ৩৮১৬.১৮ কোটি টকা৷ অৰ্থাৎ সুৰাৰ পৰা নিতৌ ৰাজকোষলৈ ৰাজহ আহিছে ১২.৫১ কোটি টকাকৈ৷ ইয়াৰ ভিতৰত আবকাৰী ৰাজহ ২৪৫৯.০৪ কোটি টকা আৰু মূল্য সংযোজিত কৰ (ভেট) ১৩৫৭.১৪ কোটি টকা সংগ্ৰহ কৰিছে৷ বিধানসভাৰ তথ্য অনুসৰি বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ বিগত ৫ বছৰীয়া কাৰ্যকালত সুৰাৰ পৰাই সৰ্বমুঠ ১৬,৪২৮.৫১ কোটি টকা কৰ সংগ্ৰহ কৰিছে৷ বিভাগীয় মন্ত্ৰীজনে লগতে প্ৰকাশ কৰা অনুসৰি বৰ্তমান ৰজ্যত ১৭০৭খন বিদেশী সুৰাৰ বিপণী, ৯২৩খন বাৰ আৰু ৩৭৩খন দেশীয় সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ দিয়া হৈছে৷ ইয়াৰ উপৰি আবকাৰী বিভাগে নতুনকৈ ২০৩খন ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰৰ বাবে নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ নতুন ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰৰ বাবে নিবিদাৰ আহ্বান কৰাৰ ভিতৰত বজালীত ৫খন, বিশ্বনাথত ৯খন, বঙাইগাঁৱত ৬খন, কাছাৰত ৪খন, চিৰাঙত ৬খন, দৰঙত ৯খন, ধেমাজিত ৮খন, ধুবুৰীত ৯খন, ডিব্ৰুগড়ত ৩খন, হাইলাকান্দিত ২খন, হোজাইত ৩খন, যোৰহাটত ৩খন,  কামৰূপ মহানগৰত ২৯খন, কামৰূপত ৪খন, কাৰ্বি আংলঙত ১৭খন, লখিমপুৰত ২১খন, মৰিগাঁৱত ২খন, নগাঁৱত ৫খন, শিৱসাগৰত ৪খন, শোণিতপুৰত ১৬খন, তিনিচুকীয়াত ১৮খন, ওদালগুৰিত ২খন, পশ্চিম কাৰ্বি আংলঙত ৪খন, কোক্‌ৰাঝাৰত ১২খন, গোলাঘাটত ১খন আৰু ডিমা-হাচাওত এখন ৱাইন শ্বপ আছে৷