এচিডিটি? এইবোৰ উপায়েৰে সকাহ পাওক
কৰ্ম ব্যস্ততা আৰু যি টি খাদ্য খোৱাৰ পাছত শাৰীৰিক বিসংগতি হোৱাটো স্বাভাৱিক৷ অত্যধিক মছলাযুক্ত আৰু অনিয়মীয়া খাদ্য খোৱাৰ ফলত বুকু জ্বলা-পোৰা হোৱা তথা এচিডিটি হয়৷ অৱশ্যে, এনে সমস্যাৰ পৰা সকাহ পোৱাৰ উপায়ো নথকা নহয়৷ উল্লেখ কৰা হ’ল তেনে কেইটামান উপায়–
- অতিৰিক্ত জ্বলা, তেল-মছলাযুক্ত তথা ভজা-পোৰা খাদ্য খোৱাৰ পৰা বিৰত থাকক৷
- অতিৰিক্ত খাদ্য কেতিয়াও নাখাব৷
- বেছি সময় ধৰি খাদ্য নোখোৱাকৈ নাথাকিব৷
- অসময়ত আৰু অনিয়মিতভাৱে খাদ্য খোৱাৰ পৰা বিৰত থাকক৷
- নিশাৰ খাদ্য সোনকালে খাওক৷
- খোৱাৰ লগে লগে শুই নপৰিব৷
- ধুমপান, মদ্যপান, কফি আৰু এছপিৰিন জাতীয় ঔষধ নাখাব৷
- মানসিক চাপ সদায় দূৰৈত ৰাখিব৷
- ধনীয়া কম পৰিমাণে খোৱাৰ অভ্যাস কৰক৷
- খোৱাৰ পাছত আধা চামুচকৈ মৌ খাব৷
- নিয়মীয়াকৈ নাৰিকলৰ পানী খোৱা অভ্যাস কৰক৷
- যিমান পাৰি মিচিৰিৰ চৰৱত খাব পাৰে৷
- খালী পেটত এমুঠিমান তিয়াই থোৱা কিছমিছ নিয়মীয়াকৈ খাব পাৰে৷
- ঠাণ্ডাপানীত অলপ গোলাপজল আৰু পদিনা মিহলি পানী খোৱাটো শৰীৰৰ পক্ষে খুবেই ভাল৷
- ডালিম, কল, আপেল, খিছমিছ, নাৰিকল আদি ফল নিয়মীয়াকৈ খাব পাৰে৷ ইয়াৰোপৰি আমলখি যিমান ইচ্ছা (গুড়ি, কেঁচা কিম্বা ৰস) খোৱা উচিত৷
- যষ্ঠীমধুৱে এচিডিটিৰ সমস্যা সহজে দূৰ কৰে৷
- এচিডিটিৰ পৰা ৰক্ষা পাবলৈ খালী পেটত সদায় ২০-২৫ মিলিগ্ৰাম এলোভেৰাৰ ৰস খাওঁক৷