Logo
image

মিচিং যুৱ মহোৎসৱৰ পৰা ঘৰলৈ ওভতাৰ পথতে ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল ভাতৃ-ভগ্নীৰঃ মুঠ ৪জন নিহত

'আমাৰ অসম'ৰ ধেমাজিৰ প্ৰতিনিধি, ৮ ফেব্ৰুৱাৰীঃ ধেমাজি জিলাৰ চিলাপথাৰত বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দুই ভাতৃ-ভগ্নী থিতাতে নিহত হোৱাৰ বিপৰীতে আন দুজনৰ চিকিৎসালয়ত মৃত্যু হয়৷  

জানিব পৰা মতে বগীবিলৰ কাৰেং চাপৰিত অনুষ্ঠিত মিচিং যুৱ মহোৎসৱৰ পৰা আনন্দ উপভোগ কৰি ঘৰমুৱা হোৱা এখন বগা ৰঙৰ তীব্ৰ বেগী টাটা পান্স বাহনে ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আৰ্চিপথাৰৰ অংশত ৰৈ থকা জয়া চুংক্ৰাং আৰু আজা চুংক্ৰাঙক খুন্দিওৱাৰ ফলত থিতাতে মৃত্যু হয় দুই ভাতৃ-ভগ্নীৰ৷ বাহনখনে দুই যুৱক-যুৱতীক খুন্দিয়াই সন্মুখৰ দিশে আহি থকা তেলামলৈ যোৱা  AS06AA/8394FZ নম্বৰৰ মটৰচাইকেলখনক খুন্দা মাৰি প্ৰায় ১০০ মিটাৰ দূৰলৈ চোঁচৰাই নিয়ে ৷ ফলত গুৰুতৰভাৱে আহত দুয়ো বাইক আৰোহীক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে তেলামৰ দীনেশ পেগু আৰু ভৱকান্ত দলেক। 

এই ঘটনাই পুৱাতেই জোঁকাৰি গৈছে সমগ্ৰ চিলাপথাৰ অঞ্চল। মিচিং যুৱ মহোৎসৱৰ আনন্দ উল্লাসৰ মাজতে সংঘটিত হোৱা মৰ্মান্তিক পথ দুৰ্ঘটনাত এতিয়া শোকৰ ছা পৰিছে সমগ্ৰ অঞ্চলটোত। হিয়া ভগা কান্দোনে শোকাকুল পৰিৱেশ বিৰাজ কৰিছে প্ৰতিটো পৰিয়াল আৰু আত্মীয়-স্বজনৰ মাজত। ইতিমধ্যেই মৃতকৰ গৃহত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰিছে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সাধাৰণ সদস্য কনক দলেয়ে।