Logo
image

ৰতন টাটাৰ নতুন সপোন

মুম্বাই, ৯ ফেব্ৰুৱাৰীঃ উদ্যোগপতি ৰতন টাটাৰ এটা দীৰ্ঘদিনীয়া সপোন বাস্তৱ হোৱাৰ পথত৷ অচিৰেই মুকলি হ’ব ৮৬ বছৰীয়া  উদ্যোগপতিগৰাকীৰ সপোনৰ ‘পেট প্ৰজেক্ট’৷ মুম্বাইত  টাটাই আৰম্ভ কৰিবলৈ লৈছে এখন বৃহৎ পশু চিকিৎসালয়৷ সকলো ঠিকে-ঠাকে চলিলে অহা মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা চিকিৎসালয়খনৰ সেৱা আৰম্ভ হ’ব৷ উল্লেখ্য যে ২.২ একৰ  ভূমিখণ্ডত প্ৰায় ১৬৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই বৃহৎ পশু চিকিৎসালয়খনত উপলব্ধ হ’ব কুকুৰ, মেকুৰী, শহাপহু আদিকে ধৰি পশু-পক্ষীৰ বাবে ২৪x৭ চিকিৎসা সেৱা৷ মুম্বাইৰ মহালক্ষ্মীত নিৰ্মাণ কৰা টাটা ট্ৰাষ্ট এনিমেল হাস্পতালখন মুকলি কৰাৰ পূৰ্বে উদ্যোগপতিগৰাকীয়ে সাংবাদিকৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া এই সপোন সন্দৰ্ভত মত বিনিময় কৰে৷ তেওঁ কয়– ‘সাধাৰণ বুলি ভবা জীৱ-জন্তুসমূহ পৰিয়ালৰ আন সদস্যতকৈ কোনোগুণে কম হ’ব নোৱাৰে৷ মই নিজেই কেইবাটাও পোহনীয়া প্ৰাণীৰ অভিভাৱকৰূপে এখন হাস্পতালৰ প্ৰয়োজন অনুভৱ কৰি আছিলো৷ সেয়ে মই ব্যক্তিগতভাৱে মুম্বাইত অত্যাধুনিক সা-সুবিধাযুক্ত এখন পশু চিকিৎসালয় আৰম্ভ কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছিলো৷ অৱশেষত দীৰ্ঘদিনীয়া সেই সপোন  বাস্তৱ হ’বলৈ ধৰা দেখি মই আজি সুখী৷’ সাংবাদিকৰ আগত ৰতন টাটাৰ ভাষ্য আছিল এয়া৷ উল্লেখ্য যে অত্যাধুনিক সা-সুবিধাযুক্ত পশু চিকিৎসালয় এখনৰ চিন্তা তেওঁৰ মনলৈ কেনেকৈ আহিল বুলি সাংবাদিকে সোধাত টাটাই কয়– মই মোৰ পোহনীয়া কুকুৰটোক লৈ সন্মুখীন হোৱা এটা পৰিস্থিতি জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম৷ এবাৰ মোৰ পোহনীয়া কুকুৰটোৰ জইণ্ট ৰিপ্লেচমেণ্ট কৰিব লগা হৈছিল৷ ইয়াৰ বাবে মই তাক আমেৰিকালৈ নিব লগা হৈছিল৷ কিন্তু এইক্ষেত্ৰত মই যি কঠিন পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হৈছিলো, সেয়া মই কেতিয়াও নাপাহৰো৷ দুৰ্ভাগ্য যে ইতিমধ্যে বহু সময় পাৰ হৈ গৈছিল৷ যাৰ বাবে মোৰ মৰমৰ কুকুৰটোৰ জইণ্ট এক বিশেষ পজিছনত  ৰাখিব লগা হ’ল৷ তেতিয়াই মই এখন বিশ্বস্তৰীয় পশু চিকিৎসালয়ৰ সপোন দেখিছিলোঁ৷ সেই সপোন আজি বাস্তৱ হোৱাৰ পথত৷ স্মৰ্তব্য যে ২০১২ চনৰ পৰা ৰতন টাটাৰ সপোনৰ পশু চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয়৷ সুদীৰ্ঘ ১২ বছৰ ধৰি চলা নিৰ্মাণ কাৰ্যৰ পাছত অৱশেষত চিকিৎসালয়খন সম্পূৰ্ণ হোৱাৰ পথত৷  জানিব পৰা মতে এই পশু চিকিৎসালয়খন হ’ব ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ পশু চিকিৎসালয়৷ ইয়াৰ পৰিচালনা খোদ ৰতন টাটাই নিজেই কৰিব৷