Logo
image

অৰণ্য মানৱ যাদৱ পায়েঙলৈ 'সেউজ সম্রাট' বঁটা

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক ,৯ ফেব্ৰুৱাৰীঃ  অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় অষ্টম বার্ষিক প্রতিষ্ঠা দিৱসটো এইবেলি অহা ২০ আৰু ২১ ফেব্ৰুৱাৰীত  দুদিনীয়া বণাঢ্য কাৰ্য্যসূচীৰে গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ'ব। প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সংগঠনটোৱে অৰণ্য মানৱ পদ্মশ্রী যাদব পায়েঙক পৰিৱেশ আন্দোলনৰ জৰিয়তে ওৰেটো জীৱন অসমীয়া জাতিলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে জীৱনজোৰা সাধনাৰ স্বীকৃতি স্বৰূপে 'সেউজ সম্রাট' বঁটা আগবঢ়োৱা সিদ্ধান্ত লোৱা হৈছে। শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত ভাগ লৈ পৰিষদৰ সভাপতি ৰুবুল দাসে কয় যে ২১  ফেব্ৰুৱাৰীৰ সন্ধিয়া ৬ বজাত দীঘলীপুখুৰীপাৰৰ শান্তি উদ্যানত আয়োজন হ'ব লগা এক বর্ণাঢ্য অনুষ্ঠানত এই বঁটা অৰণ্য মানৱগৰাকীক আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হ'ব।  

বঁটা প্রদান অনুষ্ঠানটোলৈ অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়,  অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্রী ডঃ সূর্য্যকান্ত হাজৰিকা, অসমৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰ জ্যোতি মহন্ত, অসম জাতীয় বিদ্যালয়ৰ সচিব ডাঃ নাৰায়ণ শৰ্মাৰ দৰে বৰেণ্য ব্যক্তিসকলক আমন্ত্রণ জনোৱা হৈছে। অৰণ্য মানৱগৰাকীক প্রদান কৰিব বিচৰা উক্ত ৰাজ্যিক বঁটাটোত থাকিব এখন ফুলাম গামোচা, চেলেং চাদৰ, সম্বৰ্দ্ধনা পত্র, গ্রন্থৰ টোপোলা, এটা স্মাৰক, জাপি আৰু নগদ ১০ হাজাৰ টকা। 

আনহাতে, দিনৰ ১১ বজাৰ পৰা দীঘলীপুখুৰীৰ শান্তি উদ্যানৰ মুকলি মঞ্চত বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতি, গীত-নৃত্য আদি প্ৰদৰ্শিত হ'ব। অসমৰ প্রায় চল্লিশ লাখ অনুসূচিত জাতিৰ প্ৰধান সমস্যাবোৰৰ লগতে ছাত্ৰ-ছাত্ৰীৰ জলপানি নিয়মীয়াকৈ আদায় দিয়া, বিষয়া- কৰ্মচাৰীসকলৰ পদোন্নতিৰ ক্ষেত্ৰত সংৰক্ষণ আইন সঠিকভাবে প্রয়োগ কৰা, বেকলগ পদসমূহ পূৰণ কৰা, ভুৱা জাতিগত প্রমাণ পত্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা, অনুসূচিত জাতিক স্বায়ত্ব শাসন প্রদান কৰা আদি পৰিষদৰ দীৰ্ঘদিনীয়া দাবীসমূহ শীঘ্ৰে কাৰ্য্যকৰী কৰিবলৈ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মালৈ মুকলি আহ্বান জনাইছো বুলি ৰুবুল দাসে সদৰি কৰে। আনহাতে সংবাদ মেলত  পৰিষদৰ সাধাৰণ সম্পাদক জিতু কাকতি, সাংস্কৃতিক সম্পাদক প্রান্ত কুমাৰ দাস, প্ৰচাৰ সম্পাদক মাখন ডেকা, অমৃত ৰঞ্জন দাস, সাংগঠনিক সম্পাদক পংকজ কুমাৰ বনিয়া, কেন্দ্ৰীয় সদস্য সূৰ্য্য দাস আৰু মহানগৰ সমিতিৰ সম্পাদক সত্যব্রত নাৰায়ণ দাসো উপস্থিত থাকে।