Logo
image

কঠাই চুলেগৈ ৬০ লাখ টকাপৰ্যন্তঃ গুৱাহাটীত কেইবাশগুণ বাঢ়িল চৰকাৰী মাটিৰ দাম

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১০ ফেব্ৰুৱাৰীঃ ৰাজ্যত এতিয়া বলিছে মিছন বসুন্ধৰাৰ বতাহ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনত মিছন বসুন্ধৰাৰ-২ৰ অধীনত খিলঞ্জীয়া লোকেহে ভূমিপট্টা লাভ কৰিব বুলিও ঘোষণা কৰিছে৷ অৱশ্যে চৰৰ অভিবাসী, মাৰোৱাৰী, বিহাৰী লোকে মিছন বসুন্ধৰাৰ সুবিধা লাভ নকৰাৰ কথাও স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীয়ে৷ তিনিটা প্ৰজন্ম একেৰাহে অসমত থকা খিলঞ্জীয়া লোকে ১৬ ফেব্ৰুৱাৰীৰ পৰা ভূমি পট্টন লাভ কৰিব বুলিও ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই৷ বসুন্ধৰা-২ৰ অধীনত ১৩ লাখ লোকে আবেদন কৰিছিল যদিও ইয়াৰে মাত্ৰ আঢ়ৈ লাখ লোককে পট্টা লাভ কৰিব৷ লক্ষণীয়ভাৱে বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে বসুন্ধৰাৰ অধীনত নাগৰিকে নূন্যতম ৫০ টকাৰ প্ৰিমিয়াম আদায় দিলেই ভূমি পট্টা লাভ কৰিব বুলি সদৰি কৰাই নহয়, উক্ত ৫০ টকা মাচুলো তিনিটা কিস্তিত আদায় দিব পৰা সুবিধাৰ কথাও জানিবলৈ দিছিল৷ মুখ্যমন্ত্ৰীয়ে বসুন্ধৰাৰ অধীনত ভূমিৰ এই মূল্যৰ কথা প্ৰকাশ কৰিলেও বাস্তৱক্ষেত্ৰত এতিয়া ভূমিৰ শ্ৰেণী বিভাজন কৰি ৰাজহ বিভাগে ধন সংগ্ৰহৰ পৰিকল্পনা কৰাৰ অভিযোগ উঠিছে৷ নিয়ম অনুসৰি মিছন বসুন্ধৰাৰ অধীনত চৰকাৰী ভূমি ভোগ দখল কৰি থকা ভূমিহীন লোকক সৰ্বোচ্ছ ১ কঠা ৫ লেচা ভূমিৰ পট্টা লাভ কৰিব যদিও ইয়াৰ বাবদ শ শ কোটি টকা ৰাজহ সংগ্ৰহ কৰাৰ বাবে সাজু হৈছে চৰকাৰে৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও নগৰীয়া শ্ৰেণীভুক্ত গুৱাহাটী মহানগৰীৰ চৰকাৰী ভূমি প্ৰিমিয়াম কেইবাশ গুণলৈ বৃদ্ধি পাইছে৷ গুৱাহাটী মহানগৰীত মিছন বসুন্ধৰাৰ অধীনত এজন ভূমিহীন লোকে সৰ্বাধিক ৭০ লাখ টকা পৰ্যন্ত প্ৰিমিয়াম ভৰিব লাগিব৷ অৰ্থাৎ কঠাই প্ৰতি প্ৰিমিয়াম ৬০ লাখ টকা পৰ্যন্ত স্পৰ্শ কৰিছে৷ বিশেষকৈ কামৰূপ মহানগৰ জিলাৰ দিছপুৰ, গুৱাহাটী, আজাৰা আৰু সোণাপুৰ ৰাজহ চক্ৰক মহানগৰীৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰি ভূমিৰ অধিক নিৰিখ নিৰ্ধাৰণ কৰিছে৷ যাৰ বাবে চৰকাৰী ভূমিত আৰ চি চি ঘৰ সাজি ভোগ দখল কৰি থকা আবেদনকাৰীৰ ভূমিৰ প্ৰিমিয়াম স্বাভাৱিকভাৱেই বৃদ্ধি পাইছে৷ গুৱাহাটী ৰাজহ চক্ৰৰ অধীনৰ উলুবাৰীৰ লাট নম্বৰ ৯ আৰু দাগ নম্বৰ ৯০৬ ৰ ১৪ লেচা ভূমি দখল কৰি থকা জনৈক বৈশ্য উপাধিৰ এগৰাকী ব্যক্তিক বসুন্ধৰা-২১ অধীনত ভূমি পট্টনৰ বাবে প্ৰিমিয়াম ৪২ লাখ টকা নিৰ্ধাৰণ কৰিছে৷ তদুপৰি একেটা দাগ আৰু লাটত ১ কঠা ভূমি দখল কৰি আন এজন আবেদনকাৰীৰ প্ৰিমিয়াম নিৰ্ধাৰণ কৰা হৈছে ৬০ লাখ টকা৷ চক্ৰ বিষয়াৰ কাৰ্যালয়ে ভূমি শ্ৰেণী অনুসৰি আৰ চি চি ঘৰ সাজি বসবাস কৰাৰ বাবেই প্ৰিমিয়াম অৰ্থাৎ মূল্য বৃদ্ধি পোৱা বুলি জানিবলৈ দিছে৷ মিছন বসুন্ধৰাৰ অধীনত আবেদনকাৰীয়ে প্ৰিমিয়ামৰ প্ৰথম কিস্তি হিচাপে ৩০ শতাংশ ধন পৰিশোধ কৰি বাকী অনাদায় প্ৰিমিয়াম ৫ বছৰৰ ভিতৰত আদায় দিব লাগিব বুলি চৰ্ত আৰোপ কৰা হৈছে৷ পূৰ্বতে প্ৰিমিয়ামৰ প্ৰথম কিস্তিৰ ধন আদায় দিয়াৰ সময় সীমা বিগত ৩১ ডিচেম্বৰ নিৰ্ধাৰণ কৰিছিল যদিও এতিয়া ইয়াৰ সময় ১৫ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিছে৷ ইফালে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ একাংশ কৰ্মচাৰী আৰু মণ্ডলে দখলীকৃত ভূমিত আৰ চি চি ঘৰ থকাৰ পাছতো কেচা ঘৰ থকা দেখুৱাই গোপন বুজাবুজিয়ে প্ৰিমিয়াম হ্ৰাস কৰাৰো অভিযোগ উঠিছে৷ নিয়ম অনুসৰি দখলীকৃত ভূমিত আৰ চি চি ঘৰ নিৰ্মাণ কৰিলে মাচুল অধিক হয় যদিও একাংশ অসাধু কৰ্মচাৰীয়ে কেচা ঘৰ থকা দেখুৱাই আবেদনকাৰীৰ পৰা মোটা অংকৰ কমিচন লৈ প্ৰিমিয়াম হ্ৰাস কৰি দুৰ্নীতিত লিপ্ত হৈছে৷ এনে কাৰ্যত আয়ুক্ত কাৰ্যালয়ৰ চৰকাৰী কৰ্মচাৰী জড়িত থকাৰ চৰ্চা লাভ কৰাত এই অনিয়মত বৃহৎ নেক্সছ জড়িত থকাটো নিশ্চিত হৈ পৰিছে৷ এনে জালিয়াতিৰ বাবে চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাবলগীয়া হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে৷