Logo
image

ধনী হৈ মানুহে গাড়ী কিনিছে, সেইবাবেই যান-জঁট! মন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ ফেব্ৰুৱাৰীঃ ‘গুৱাহাটীত যানজঁট  বৃদ্ধি পোৱাটো অৰ্থনৈতিক উন্নয়নৰ প্ৰতীক৷ মানুহ ধনী হোৱাৰ বাবেহে ঘৰত চাৰিচকীয়া, দুচকীয়া বাহন বৃদ্ধি পাইছে৷ আজি গুৱাহাটীত দৈনিক পাঁচ লাখ অধিক যান-বাহন চলে৷’ –এই মন্তব্য ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ৷ শুকুৰবাৰে বিধানসভাত তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ গুৱাহাটীৰ যানজঁট তথা যোৰহাটলৈ কেতবোৰ গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় স্থানান্তৰ সম্পৰ্কীয় এক প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী দাসে কয়– “গুৱাহাটীৰ যানজঁট ৰোধৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যথেষ্ট কাম কৰিছে৷ ডেৰ বছৰতে বহু কেইখন ফ্লাই অ’ভাৰৰ নিৰ্মাণ কৰা হৈছে৷ পূৰ্বতে খানাপাৰাৰ পৰা বিমানবন্দৰ পাওঁতে ডেৰঘণ্টা সময় লাগিছিল, এতিয়া মাত্ৰ ৪০ মিনিট সময় লাগে৷ চৰকাৰী কামৰ বাবে গুৱাহাটীলৈ অধিক মানুহ অহাৰ বাবে যে গুৱাহাটীত যানজঁটৰ সৃষ্টি হয় এনে নহয়৷ এতিয়া মানুহ চৰকাৰী কামত গুৱাহাটীলৈ অহাটো কমি গৈছে৷ যোৱা ৩৩ মাহত অসম সচিবালয়ত ই-অফিচৰ দ্বাৰা দুই লাখ এক হাজাৰ ফাইল নিষ্পত্তি হৈছে৷ জিলা সমূহৰো এক লাখ চল্লিশ হাজাৰ ফাইল ই-অফিচৰ মাধ্যমেৰে নিষ্পত্তি হৈছে৷ এনেদৰে সৰ্বমুঠ তিনি লাখ মানুহৰ ইন্ধন আমি ৰাহি কৰিব পাৰিছোঁ৷ জিলাসমূহত জিলা উপায়ুক্তৰ কাৰ্যালয়তে সকলো অফিচ সংলগ্ন হ’ব৷ বৰাক উপত্যকাত এটা মিনি সচিবালয়ৰ কাম-কাজ চলি আছে৷ ডিব্ৰুগড়ত এটা চিএমঅ’ অফিচ আৰু তেজপুৰত এটা ৰাজ্যপালৰ অফিচ নিৰ্মাণ হ’ব৷ যোৰহাটলৈ চৰকাৰী অফিচ স্থানান্তৰ কৰিলে ধুনীয়া যোৰহাট চহৰখনত যানজঁট বৃদ্ধি পাব৷ ইয়াৰ ফলত শৈক্ষিক চহৰখন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে মানুহৰ গালি খাব লাগিব৷’