ঊলৰ পোছাক পিন্ধি শোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক
শীতকালত ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ বহুতে ঊলৰ পোছাক পৰিধান কৰে৷ ঊলৰ ছুৱেটাৰ, মোজা আদি পৰিধান কৰি শুলে স্বাস্থ্যৰ বাবে আহিব পাৰে ভয়ংকৰ বিপদ৷
- ঊলৰ পোছাক পৰিধান কৰিলে শৰীৰৰ তাপমাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাব পাৰে৷ বিশেষকৈ হৃদযন্ত্ৰৰ কোনো সমস্যা থাকিলে এই ক্ষেত্ৰত বিপদ বাঢ়িব পাৰে৷
- ৰাতি শোৱাৰ সময়ত ছুৱেটাৰ পিন্ধি শুলে ছাল শুকান হৈ পৰে৷ তদুপৰি ছুৱেটাৰ আদি পৰিধান কৰি শুলে ৰক্ত সঞ্চালনত বাধাৰ সৃষ্টি হ’ব পাৰে৷
- সাধাৰণতে ছুৱেটাৰ আদি যি ধৰণৰ উপাদানেৰে তৈয়াৰ কৰা হয় তাৰ জৰিয়তে তাপমাত্ৰা ৰোধ কৰিব পৰা যায়৷ সাধাৰণ সূতাৰ পোছাকতকৈ ঊলৰ পোছাকে তাপমাত্ৰা ধৰি ৰাখে৷ যাৰ ফলত এনেধৰণৰ পোছাক পৰিধান কৰিলে শৰীৰ উষ্ণতা বৃদ্ধি পায়৷ অতিৰিক্ত এই উষ্ণতা ডায়েবেটিছ ৰোগীৰ বাবে বিপজ্জনক হৈ উঠিব পাৰে৷
- শোওতে ঊলৰ মোজা পিন্ধাটো ভাল অভ্যাস নহয়৷ ঊলে তাপমাত্ৰা ধৰি ৰাখিলেও ঘাম শোষণ কৰিব নোৱাৰে৷ যাৰ বাবে এনেধৰণৰ ঊলৰ মোজা পৰিধান কৰি শুলে ঘাম জমা হোৱাৰ সমস্যা সৃষ্টি হ’ব পাৰে৷ ইয়াৰ ফলত নানাধৰণৰ চৰ্মৰোগত ভোগাৰ আশংকা থাকে৷
- শিশুক সাধাৰণতে ঠাণ্ডা দিনত গৰম পোছাক পিন্ধাই শুবলৈ দিয়া হয়৷ এনে কৰিলে উপকাৰতকৈ অপকাৰহে হয় বেছি৷ গৰম পোছাক পৰিধান কৰি শোৱাৰ ফলত যি উষ্ণতাৰ সৃষ্টি হয় তাৰ বাবে শিশুটিৰ শৰীৰৰ পৰা ঘাম বাহিৰ হয়৷ সেই ঘাম ৰৈ যোৱাৰ ফলত বুকুত ঠাণ্ডা জমা হ’ব পাৰে৷ গতিকে ঊলৰ পোছাক পৰিধান কৰি শোৱাৰ অভ্যাস ত্যাগ কৰক৷