Logo
image

চীনৰ নহৰুৱে দখল কৰিছে অসমৰ বজাৰঃ নগাঁৱলৈ চোৰাংভাৱে সৰবৰাহ চীনা নহৰু

ডিজিটেল সংবাদ, নগাঁওঃ পিয়াঁজৰ কান্দোন শেষ হ'ল। এইবাৰ নহৰুৰ বাবে গ্ৰাহকৰ কান্দোন। কেইদিনমান আগলৈকে প্ৰতি কিলোত ৮০ টকা দৰত পিয়াঁজ কিনিবলগীয়া হোৱাত গ্ৰাহকৰ চকুপানী ওলাইছিল। এতিয়া পিয়াঁজৰ দামত স্থিৰতা আহিল। এইবাৰ নহৰুৱে কন্দোৱাইছে গ্ৰাহকক৷ কিয়নো ৪০০ টকাৰো অধিক হৈছেগৈ এক কিলো নহৰুৰ দাম। 

পাইকাৰী বজাৰত প্ৰতিকিলোত চাৰিশ টকা দৰত বিক্ৰী হৈছে নহৰু। খুচুৰা বজাৰত দাম ৪০০ৰো অধিক হৈছে৷ গতিকে সাধাৰণ গ্ৰাহকে কোনোমতে এশ গ্ৰাম পিয়াঁজ ক্ৰয় কৰিয়ে তৃপ্তি পলাব লগীয়া হৈছে। তাৰ মাজতে অন্য এক খবৰে চমক সৃষ্টি কৰিছে। প্লাষ্টিকৰ খেলনা, নানা ইলেকট্ৰনিক সামগ্ৰীৰ পিছত এইবাৰ শাক-পাচলিৰ বজাৰো চীনৰ দখলত৷ নগাঁৱৰ বজাৰত সুলভ হৈ পৰিছে চীনত উৎপাদিত নহৰু৷ আকৰ্ষণীয় ডাঙৰ আকাৰৰ নহৰুৱে নগাঁৱৰ বজাৰ দখল কৰিছে। 

পাইকাৰী বজাৰত এই নহৰুৰ মূল্য প্ৰতিকিলোত চাৰে তিনিশৰ পৰা চাৰিশ টকা। অভিযোগ উঠিছে যে কৰ ফাঁকিৰে বিক্ৰী হৈছে চীনৰ পৰা আমদানিকৃত নহৰু। এই বিষয়ে খবৰ নাই অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ। শনিবাৰে নগাঁৱৰ বজাৰত এদল সাংবাদিকে নিৰীক্ষণ কৰিবলৈ যাওতে ব্যৱসায়ীয়ে ততাতৈয়াকৈ চীনৰ পৰা সৰবৰাহ কৰা নহৰুৰ প্লাষ্টিকৰ বস্তাৰ ওপৰত থকা লেবেল ফালি পেলায়৷ সাংবাদিকৰ কেমেৰা দেখি বজাৰৰ পৰা পলায়ন কৰে পাইকাৰী ব্যৱসায়ীয়ে।