Logo
image

হিমন্তবিশ্ব শৰ্মা কেবিনেটৰ প্ৰশংসনীয় পদক্ষেপঃঅসমত নিষিদ্ধ বাবাৰ দোকান, বেজৰ বেজালি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ ফেব্ৰুৱাৰীঃ সন্মোহনী চিকিৎসা পদ্ধতি, বেজালি আদিৰ বিৰুদ্ধে কঠোৰ হৈছে অসম চৰকাৰ৷ শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সন্দৰ্ভত এখন বিধেয়কত অনুমোদন জনায়৷ ‘আছাম হিলিং প্ৰিভেণ্টছন বিল’ শীৰ্ষক বিধেয়কখন আইনত পৰিণত হ’লে অসমত বন্ধ হ’ব ‘বাবা’ৰ দোকান, বেজালি৷ বন্ধ হ’ব ডাইনী সজাই নিৰীহ লোকক হত্যা-নিৰ্যাতন কৰাৰ ঘটনা৷ আইনখনত এনে কাৰ্যত জড়িত লোকৰ বিৰুদ্ধে জে’ল আৰু জৰিমনাৰ বিধান থাকিব৷ কেবিনেটৰ পাছত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে৷ শনিবাৰে কেবিনেটত ১২ ফেব্ৰুৱাৰীত দাখিল কৰিব লগা ২০২৩-২৪ বৰ্ষৰ বাজেটখনত অনুমোদন জনায়৷ তেওঁ সংবাদ মাধ্যমক জনোৱামতে ৰাজ্যৰ ডিব্ৰুগড়ৰ নামদাং সংৰক্ষিত বনাঞ্চলত এখন মুকলি চিৰিয়াখানা স্থাপনত অনুমোদন জনোৱা হয়৷ উক্ত চিৰিয়াখানাখন নিৰ্মাণ কৰিবলৈ ২৬৯ কোটি টকাৰ অনুমোদন জনায় কেবিনেটে৷ এই চিৰিয়াখানাখন নিৰ্মাণ সম্পূৰ্ণ হ’লে অসমত পৰ্যটন ক্ষেত্ৰই বিশেষ মাত্ৰা লাভ কৰিব বুলি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয়৷ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি অসম কেবিনেটে অসম মিনিউচিপাল এক্ট-১৯৫৬১ সংশোধনী বিধেয়কত অনুমোদন জনায়৷ আছাম আৰবান এডমিনিষ্টে˜টিভ ছাৰ্ভিচ, আছাম আৰবান ইঞ্জিনিয়াৰিং ছাৰ্ভিচ আৰু আছাম আৰবান ফাইনেঞ্চিয়েল ছাৰ্ভিচ– এই তিনিটা কেডাৰৰ দায়িত্বক লৈ উক্ত সংশোধনী বিধেয়কত অনুমোদন জনোৱা হয়৷ অসমৰ দহখন চহৰত একেলগে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনি ৰূপায়ণ কৰাৰ সিদ্ধান্তত অনুমোদন জনায় কেবিনেটে৷ মূলতঃ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, নগাঁও, গোলাঘাট, তেজপুৰ, উত্তৰ লখিমপুৰ, বঙাইগাঁও, শিলচৰ, কৰিমগঞ্জ, ধুবুৰী আৰু ডিফুৰ বাবে এনে আঁচনি লোৱাৰ সিদ্ধান্ত কৰা হয়৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সকলো আঁচনি একেলগে ৰূপায়ণ কৰা হ’ব চহৰকেইখনত৷ আজি কেবিনেটে ভিডিপিৰ সুবিধাৰ বাবে কেতবোৰ সিদ্ধান্তত অনুমোদন জনায়৷ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত মতে অসম সচিবালয়ত সেৱা আৰু সচিবালয় সহযোগী সেৱাৰ কিছুমান পদ বিলুপ্ত কৰাৰ উপৰি কিছুমান পদ নতুনকৈ সৃষ্টি কৰা হৈছে৷