Logo
image

কেঁচু খান্দোতে সাপ! হুটাৰযুক্ত বিলাসী গাড়ীত ভুৱা ভিআইপি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১১ ফেব্ৰুৱাৰীঃ সমাজৰ একাংশ প্ৰতিষ্ঠিত ব্যক্তিয়ে নাবালক সন্তানৰ হাতত গুজি দিছে বিলাসী বাহনৰ ছাবি৷ যাৰ বাবে স্কুল-কলেজত অধ্যয়নৰত এনে একাংশ ধনীৰ দুলালে বিলাসী বাহনেৰে ৰাজপথত চলাইছে সন্ত্ৰাস৷ যান-বাহন আৰক্ষী আৰু পৰিবহণ বিভাগৰ অকমন্যতাৰ সুযোগ লৈ ৰঙা-নীলা লাইট লগাই হুটাৰযুক্ত বাহনেৰে উদণ্ড সন্তানে হিট এণ্ড ৰানৰ ঘটনাও সংঘটিত কৰিছে৷ এইসকল তথাকথিত ভি আই পি-ভি ভি আই পি লোকৰ পথভ্ৰষ্ট সন্তানে আকৌ বাহনত নীতি বৰ্হিভূতভাৱে বাহনত Gov of Assam, Police লিখি লোৱাৰ লগতে অসম বিধানসভা, সচিবালয়ৰ প্ৰৱেশ পাছ লগাই ৰাখিছে৷ গণৰাজ্য দিৱসৰ সন্ধিয়া গুৱাহাটীৰ নালাপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা হিট এণ্ড ৰানৰ ঘটনাত জড়িত অৰিন কটকী নামৰ এজন কলেজীয়া ছাত্ৰক গ্ৰেপ্তাৰ কৰাৰ পাছতেই যেন কেঁচু খান্দোতে সাপ ওলোৱাৰ উপক্ৰম ঘটিছে৷ বন বিভাগৰ সহকাৰী বন সংৰক্ষক প্ৰাঞ্জল কটকীৰ ‘সুযোগ্য’ সন্তান অৰিন কটকীয়ে ২৬ জানুৱাৰীত নিজৰ এ এছ ০১ এফ এফ ০৫৫৫ নম্বৰৰ ক’লা ৰঙৰ স্ক’ৰপিঅ’ বাহনেৰে বন্ধুৰ সৈতে ছাইৰেন বজাই ৰাজপথত তীব্ৰ বেগত ষ্টাণ্ট কৰাৰ সময়ত নালাপাৰাত নৰবাহাদুৰ থাপা নামৰ এজন ব্যক্তিক খুন্দিয়াই থৈ উধাও হৈছিল৷ এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে নৰবাহাদুৰ থাপা নামৰ লোকজন৷ গুৱাহাটীৰ শান্তিপুৰস্থিত বন বিভাগৰ কাৰ্যালয়ৰ সহকাৰী বন সংৰক্ষক প্ৰাঞ্জল কটকীয়ে নিজৰ ২০ বছৰীয়া সন্তানৰ হাতত বিলাসী গাড়ীৰ চাবি এৰি দিয়াৰ পৰিণতিতেই এই দুৰ্ঘটনাটো সংঘটিত হয় যদিও দুৰ্ঘটনাৰ পাছতেই গাড়ীখন লুকুৱাইহে ৰাখিছিল কটকী পৰিয়ালে৷ বিলাসী বাহনখনৰ সন্মুখভাগ সম্পূৰ্ণ চূৰ্ণ বিচূৰ্ণ হৈ গৈছিল যদিও পিতৃ প্ৰাঞ্জল কটকীয়েও উচ্ছৃংখল পুত্ৰৰ অপৰাধৰ সন্দৰ্ভত এবাৰো আৰক্ষীক অৱগত কৰাৰ প্ৰয়োজনবোধ কৰা নাছিল৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখন ছয়মাইলৰ এটা গেৰেজত লুকুৱাই থৈছিল যদিও গণৰাজ্য দিৱসৰ দিনটোত দুৰ্ঘটনাস্থলীৰ পথেৰে ছাইৰেন বজাই সন্ত্ৰাস চলোৱা বাহনৰ এটা বিশাল কনভয়ৰ ভিডিঅ’ ভাইৰেল হোৱাত সেই ভিডিঅ’ৰ ভিত্তিতে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰাৰ লগতে অৰিন কটকীকো গ্ৰেপ্তাৰ কৰে৷ মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে ৬২/২০২৪ নম্বৰত আই পি চি ২০১/৩০৪/২৭৯/৩০৪(এ) ধাৰাত গোচৰ ৰুজু কৰি অৰিনক সোধা-পোছা কৰাৰ পাছতেই দুৰ্ঘটনাটো সংঘটিত কৰাৰ কথা স্বীকাৰ কৰাৰ লগতে ছাইৰেন গেঙৰ সন্ত্ৰাসৰ কথাও ফাদিল কৰিবলৈ বাধ্য হয়৷ অৰিন কটকীৰ স্বীকাৰোক্তিৰ ভিত্তিতেই মহানগৰ আৰক্ষীয়ে দুৰ্ঘটনাটো সংঘটিত কৰা বাহনখনৰ আন তিনি আৰোহী যুৱকৰ লগতে শুকুৰবাৰে নিশা ছাইৰেন গেঙৰ আন ৯ খনকৈ বিলাসী বাহন জব্দ কৰে৷ ছাইৰেন গেঙটোৰ বিলাসী বাহনকেইখন জব্দ কৰাৰ পাছতেই একাংশ তথাকথিত ভি আই পি-ভি ভি আই পিয়ে নাবালক সন্তানৰ হাতত গাড়ীৰ চাবি এৰি দিয়াৰ দৰে ভয়ংকৰ অপৰাধৰ তথ্য পোহৰলৈ আহিছে৷ আশ্চৰ্যকভাৱে আৰক্ষীয়ে জব্দ কৰা আটাইকেইখনতে বিলাসী বাহনতে ছাইৰেনৰ ৰঙা নীলা লাইট সংযোগ থকাৰ লগতে বিধানসভা আৰু সচিবালয়ৰ প্ৰৱেশ পাছ লগাই ৰখা দেখা যায়৷ আনকি কোনোবাখন বাহনত যদি Gov of Assam লিখা আছে, আন কোনোবাখন বাহনত আকৌ লিখা আছে Police৷ আৰক্ষীয়ে জব্দ কৰা এ এছ ০১ ডি এল ৩৯৮৬ নম্বৰ বিলাসী ইন’ভা বাহনখনৰ গৰাকী হৈছে ব্যৱসায়ী ৰনজিৎ দাস৷ ৰঞ্জিত দাসৰ স্নাতক দ্বিতীয় ষান্মাসিকত অধ্যয়নৰত ২০ বছৰীয়া পুত্ৰ দেৱৰ্ষী দাসে চলাই ইন’ভা বাহনখন৷ আনহাতে জব্দকৃত এ এছ ০১ এফ বি ৭০০৭ নম্বৰৰ দ্বিতীয়খন ইন’ভা বাহন গুৱাহাটীৰ হাবিবা নাজনিনৰ নামত পঞ্জীয়ন আছে৷ হাবিবা নাজনিন হৈছে নিয়োগ বিনিময় সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক হাফিজুৰ ৰহমানৰ পত্নী৷ আৰক্ষীৰ তদন্তত উন্মোচন হোৱা অনুসৰি হাফিজুৰ ৰহমানৰ পুত্ৰ কৃষি বিশ্ববিদ্যালয়ৰ¸ স্নাতক পাঠ্যক্ৰমৰ দ্বিতীয় ষান্মাসিকত অধ্যয়নৰত ২০ বছৰীয়া ৰাহত এ ৰহমানে চলাই উক্ত বাহনখন৷ জব্দকৃত এ এছ ০১ এফ কিউ ১৮৮২ নম্বৰৰ তৃতীয়খন ইন’ভা বাহনৰ গৰাকী হৈছে ব্যৱসায়ী অভিজিত বৰুৱা৷ অভিজিৎ বৰুৱাৰ নাবালক পত্ৰ গুৱাহাটীৰ মৰ্ডান হাইস্কুলৰ ছাত্ৰ মৃগাক্ষ বৰুৱাই চলাইছিল উক্ত বাহনখন৷ জব্দকৃত এ এছ ০৩ এ বি ৪৭৭২ নম্বৰৰ স্ক’ৰপিঅ’ বাহনখন চলাইছিল আকৌ যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ জিষ্ণু দত্তই৷ জিষ্ণু দত্ত হৈছে অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া মৃদুল দত্তৰ সুসন্তান৷ একেদৰে বশিষ্ঠ আৰক্ষীয়ে এ এছ ০১ এফ এইচ ৪৭২৯ নম্বৰৰ আন এখন বিলাসী স্ক’ৰপিঅ’ বাহনো জব্দ কৰে৷ এই বাহনখন চলাইছিল স্নাতক দ্বিতীয় ষান্মাসিকত অধ্যয়নৰত অৰ্নিবান চক্ৰৱৰ্তীয়ে৷ অৰ্নিবান হৈছে চি আই ডিৰ পৰিদৰ্শক ৰাজপ্ৰতীম চক্ৰৱৰ্তীৰ পুত্ৰ৷ জব্দকৃত এ এছ ০১ এফ কিউ ১০০১ নম্বৰৰ থাৰ বাহনখন চলাইছিল ডাউন টাউন বিশ্ববিদ্যালয়ত স্নাতক পঢ়ি থকা সন্তুষ শৰ্মাই৷ সন্তুষ শৰ্মাও লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰ প্ৰশান্ত শৰ্মাৰ পুত্ৰ৷ গুৱাহাটীৰ চিটী কলেজৰ স্নাতক চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ ফাৰহাজ চৌধুৰীয়ে ব্যৱহাৰ কৰা এ এছ ০১ এফ ই ৮৮৮৮ নম্বৰ বিলাসী এলকাজাৰ বাহনখনো জব্দ কৰিছে মহানগৰ আৰক্ষীয়ে৷ ফাৰহাজ হৈছে ব্যৱসায়ী মশেৱ চৌধুৰীৰ পুত্ৰ৷ ঠিকাদাৰ অজিত দাসৰ নামত পঞ্জীয়ন থকা এ এছ ০১ ডি জে ২২৭৭ নম্বৰৰ এখন ফৰচুনা বাহনো জব্দ কৰিছে আৰক্ষীয়ে৷ আৰক্ষীৰ দাবী ছাইৰেন বজাই এই গাড়ীখন অজিত দাসৰ পুত্ৰ গুৱাহাটীৰ ছাই আৰ এন এছৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ জ্যোতিময় দাসে ব্যৱহাৰ কৰিছিল৷ জ্যোতিময়ে ব্যৱহাৰ কৰা পিতৃ অজিত দাসৰ নামত পঞ্জীয়নভুক্ত এ এছ ০১ ই এছ ৪৪৪৪ নম্বৰৰ আন এখন থাৰ বাহনো জব্দ কৰিছে বশিষ্ঠ আৰক্ষীয়ে৷ আৰক্ষীয়ে বাহনকেইখন পঞ্জীয়ন থকা পিতৃ-মাতৃৰ লগতে সন্তানকো থানালৈ তলব কৰিছে যদিও হিট এণ্ড ৰানৰ ঘটনাত এজন ব্যক্তিক ৰাজপথত মৃত্যু হোৱাৰ পাছতো মহানগৰ আৰক্ষীৰ দুৰ্বল স্থিতিত ২৪ ঘণ্টাৰ ভিতৰতে অভিযুক্ত বন বিষয়াৰ পুত্ৰ অৰিন কটকীয়ে জামিন লাভ কৰিবলৈ সক্ষম হ’ল৷ একেদৰে অৰিনৰ পিতৃ বন বিষয়া প্ৰাঞ্জল কটকীকো গ্ৰেপ্তাৰ কৰি ইতিমধ্যে ব্যক্তিগত জামিনত মুক্তি দিছে আৰক্ষীয়ে৷