Logo
image

নতুন নিযুক্তি বিধেয়কে মেধা, যোগ্যতাক অগ্ৰাধিকাৰ দিয়াত সফল হ’বনে?

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্ছতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ ঠিক পূৰ্বে অসম বিধানসভাত ‘দি আছাম পাব্লিক এগজামিনেচন [মিজাৰ্ছ ফৰ প্ৰিভেনছন অৱ আনফেয়াৰ মিনছ ইন ৰিক্ৰুইটমেণ্ট] বিল, ২০২৪ উত্থাপন কৰা হয়৷ লক্ষণীয়ভাৱে এইবাৰ দুয়োটা শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো চৰকাৰে এক কঠোৰ দৃষ্টিভংগী নিক্ষেপ কৰাৰ পৰিপ্ৰেক্ষিতত ছেবা আৰু উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদে বহু নতুন নীতি-নিয়ম প্ৰযোজ্য কৰিছে৷ সিদ্ধান্ত পৰীক্ষা, কলেজ-বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ পৰা নিযুক্তি পৰীক্ষালৈকে সকলোবোৰ পৰীক্ষা নীতি সংগতভাৱে অনুষ্ঠিত হ’লে যোগ্যজনে মেধাৰ ভিত্তিত ফলাফল লাভ কৰে৷ অসম চৰকাৰে নিযুক্তি আৰু অন্যান্য পৰীক্ষাসমূহ নিকা কৰাৰ বাবে লোৱা উদ্যোগ অসমৰ শৈক্ষিক জগতখনৰ বাবে এক যোগাত্মক খবৰ৷ উল্লেখ্য নিযুক্তি পৰীক্ষাৰ ক্ষেত্ৰত বিধানসভাত উত্থাপিত বিধেয়ক অনুসৰি নিযুক্তি পৰীক্ষাত নকল কৰা পৰীক্ষাৰ্থীক দহ বছৰ জে’ল, প্ৰশ্নকাকত ফাদিল কৰা ব্যক্তি অথবা অকতৃৰ্ত্বশীলভাৱে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায় কৰা ব্যক্তি কঠোৰ শাস্তিৰ সন্মুখীন হ’ব৷ তদুপৰি প্ৰশ্নকাকত ক্ৰয়-বিক্ৰয়, অকতৃৰ্ত্বশীলভাৱে প্ৰশ্নকাকত লগত ৰখা, প্ৰশ্নকাকত সমাধানৰ চেষ্টা কৰা, পৰীক্ষা কেন্দ্ৰ সঠিকভাৱে স্থাপন কৰা, ডিজিটেল ডিভাইচৰ ব্যৱহাৰ আদিত জড়িতসকলকো বিধেয়কখনৰ মতে কঠোৰ শাস্তি প্ৰদান কৰা হ’ব৷ পৰীক্ষা পৰিচালনা, ছপা, তদাৰকী, ক’ভিড, প্ৰচেছিং, মজুতকৰণ, পৰিবহণ, বিতৰণ, উত্তৰ বহী, অ’ এম আৰ শ্বিট সংগ্ৰহ, মূল্যায়ন, ফলাফললৈকে বিধেয়কখনে সকলো দিশ সামৰি লৈছে৷ সেই মৰ্মে এই বিধেয়ক আইনত পৰিণত হোৱাৰ লগে লগে এপিএছচিৰ সকলো পৰীক্ষা, টেট, ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি কমিটীৰ পৰীক্ষা, ৰাজ্য চৰকাৰে পুঁজি যোগান ধৰা বিশ্ববিদ্যালয়ৰ পৰীক্ষা, হাইস্কুল শিক্ষান্ত, উচ্ছতৰ মাধ্যমিক পৰীক্ষাকে ধৰি সকলো ধৰণৰ চৰকাৰ নিয়ন্ত্ৰিত পৰীক্ষাসমূহ ই সামৰি ল’ব৷ পৰীক্ষা পৰিচালনা প্ৰক্ৰিয়া অতি আসোঁৱাহপূৰ্ণ আৰু বহু পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত দুষ্টচক্ৰই দুৰ্নীতিক প্ৰশ্ৰয় দিয়াৰ বাবে বিগত কেইবাটাও দশকত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা এপিএছচিৰ নিযুক্তি পৰীক্ষালৈকে বহু অযোগ্য, নিম্ন মেধাৰ লোকে উত্তীৰ্ণ হৈছে৷ অসম চৰকাৰৰ কঠোৰ পদক্ষেপৰ বাবে ৰাকেশ পালৰ আমোলত নিযুক্তি হোৱা বহু প্ৰাৰ্থীয়ে চাকৰি হেৰুওৱাৰ লগতে জে’লৰ ভাত খাব লগাত পৰিছে৷ অৱশ্যে তাৰ পূৰ্বেও নিযুক্তিপ্ৰাপ্ত বহুজনে বক্ৰপথেৰে চাকৰি লৈ এতিয়া শীৰ্ষ পদত অধিষ্ঠিত হৈ প্ৰশাসন যন্ত্ৰৰ অংশীদাৰ হৈ আছে৷ দুৰ্নীতি-অনিয়মেৰে চাকৰি লাভ কৰা ব্যক্তিয়ে দক্ষ, নিকা প্ৰশাসন চলাব বুলি আশা কৰা ভুল৷ এনে দিশবোৰ ধাৰাবাহিকভাৱে চলি থকাৰ বাবে এজনৰ পাছত এজনকৈ এচিএছ বিষয়া, এপিএছ বিষয়াৰ লগতে অন্য বিভাগসমূহতো নিযুক্তি লাভ কৰা ব্যক্তিয়ে কোৰোণাৰে ধন চপাই আছে, জে’ললৈকো গৈ আছে৷ চৰকাৰে এনে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে একেৰাহে ব্যৱস্থা গ্ৰহণৰ পাছতো কোনেও কেৰেপ নকৰা বিষয়টোৱে ৰাজ্যখনৰ সামাজিক আৰু মানুহৰ মানসিক অৱক্ষয়কো প্ৰতিফলিত কৰিছে৷

পৰীক্ষা পদ্ধতিৰ আমূল পৰিৱৰ্তন ঘটাবৰ বাবে আইন প্ৰণয়ন কৰাৰ সময়ত চৰকাৰে এই ব্যৱস্থাটোৰে জড়িত সকলো অংশীদাৰৰ প্ৰশিক্ষণ, পৰীক্ষা পদ্ধতিৰ সংশোধন, মূল্যায়ন পদ্ধতি, ফলাফল ঘোষণা আদি সঠিকভাৱে ৰূপায়ণ কৰাটো প্ৰয়োজন৷ বিহাৰ পাব্লিক ছাৰ্ভিছ কমিছনে বিভিন্ন পদৰ বিষয়াৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত কৰি অলপতে প্ৰাৰ্থীৰ ৰোল নং, মাৰ্কছ, নাম, লিংগ, লাভ কৰা পদসহ একেদিনাই ৱেবছাইটত আপলোড কৰিলে৷ অসম লোকসেৱা আয়োগে ২০২২ চনৰ বাবে অনুষ্ঠিত কৰা এচিএছ, এপিএছকে ধৰি অন্যান্য সেৱাৰ বাবে সাক্ষাৎকাৰ ২০২৩ চনৰ ৩ ডিচেম্বৰত শেষ কৰি ২০২৪ চনৰ ১৭ জানুৱাৰীত মূল ফলাফলৰ তালিকা ঘোষণা কৰিলে৷ সাক্ষাৎকাৰ পৰীক্ষা শেষ হোৱা ১৪ দিনৰ পাছত ফলাফল ঘোষণাই বহু কথাকে সূচাব পাৰে৷ অথচ পূৰ্বৰ অসম লোকসেৱা আয়োগৰ চেয়াৰমেন ৰাজীৱ বৰাৰ সময়ত সাক্ষাৎকাৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ দুটা দিনৰ ভিতৰতে মূল ফলাফল ঘোষণা কৰাৰ লগতে প্ত দিনৰ ভিতৰত সকলো মৌখিক পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীয়ে লাভ কৰা নম্বৰ ঘোষণা কৰিছিল৷ কিন্তু ২০২২ চনৰ অসম লোকসেৱা আয়োগৰ ফলাফল ঘোষণাৰ প্ৰায় এমাহৰ পাছতো আয়োগে নম্বৰৰ তালিকা দিব পৰা নাই৷ এনেবোৰ কথাই অসম লোকসেৱা আয়োগৰ প্ৰতি অনাস্থাৰ ভাব সৃষ্টি কৰাৰ লগতে বৰ্তমানৰ চেয়াৰমেনৰ ভূমিকাত প্ৰশ্নৰ উদ্ৰেক কৰিছে৷ ৰাজ্য প্ৰশাসনৰ লগত জড়িত মূল পৰীক্ষাটোৰ ক্ষেত্ৰতে এনে হ’লে নতুন আইনে কি আমূল পৰিৱৰ্তন সাধিব সেয়া সময়েহে উত্তৰ দিব৷ পৰীক্ষাৰ ক্ষেত্ৰত নতুন আইন প্ৰযোজ্য কৰাৰ জৰিয়তে চৰকাৰে এই ক্ষেত্ৰত নিজৰ সদিচ্ছাৰ প্ৰমাণ কৰিছে যদিও সকলো নিযুক্তিৰ পৰীক্ষাত ৰাজনৈতিক হস্তক্ষেপ বা অন্যান্য লেনদেনৰ দিশটোক লৈ এতিয়াও প্ৰশ্নৰ অৱতাৰণা হৈ আছে৷ মেধা, যোগ্যতাই হওক মূল আধাৰ– এই ক্ষেত্ৰত চৰকাৰে সৰ্বাধিক গুৰুত্ব দিয়া উচিত৷