Logo
image

‘আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মালৈ ‘সংবাদ শিৰোমণি বঁটা’

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১২ ফেব্ৰুৱাৰীঃ যুৱ সাংবাদিক সন্থা, অসমৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান দেওবাৰে গুৱাহাটীৰ অসম সাহিত্য সভা ভৱনৰ নেহা আগৰৱালা সোঁবৰণী সভাকক্ষত অনুষ্ঠিত হয়৷ সন্থাৰ মুখ্য উপদেষ্টা বুবুল হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক কাঞ্চনজ্যোতি গোহাইয়ে৷  পুৱা পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি চন্দন দাসে আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে সাধাৰণ সম্পাদক কাঞ্চনজ্যোতি গোহাঁইয়ে৷ তাৰ পাছত অনুষ্ঠিত বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট সাংবাদিক বৈকুণ্ঠনাথ গোস্বামীক ‘জীৱনজোৰা সাধনা বঁটা’, ‘আমাৰ অসম’ কাকতৰ কাৰ্যবাহী সম্পাদক, বিশিষ্ট গীতিকাৰ-সুৰকাৰ গৌতম শৰ্মাক ‘সংবাদ শিৰোমণি সন্মান’, ‘নিয়মীয়া বাৰ্তা’ কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক ৰূপাংকৰ ডেকাক ‘শ্ৰেষ্ঠ বাতৰি সম্পাদনা সন্মান’, ‘অসমীয়া প্ৰতিদিন’ৰ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱজ্যোতি পাঠকক ‘শ্ৰেষ্ঠ প্ৰিণ্ট মিডিয়া সন্মান’, ‘ডি ৱাই-৩৬৫’ৰ মৃদুস্মিতা ভূঞাক ‘শ্ৰেষ্ঠ ইলেক্ট্ৰনিক মিডিয়া সন্মান’, ‘প্ৰতিদিন টাইম’ৰ বাতৰি পৰিৱেশিকা জুবি শইকীয়াক ‘শ্ৰেষ্ঠ বাতৰি পৰিৱেশিকা সন্মান’ আৰু নিউজ লাইভৰ স্বপ্নশ্ৰী গোস্বামীক ‘শ্ৰেষ্ঠ ভিডিঅ’ সাংবাদিকতা সন্মান’ প্ৰদান কৰা হয়৷ বঁটাপ্ৰাপক সকলক ফুলাম গামোচা, স্মাৰক, ফুলাম জাপি, মান-পত্ৰ প্ৰদান কৰা হয়৷ ‘আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাক ‘সংবাদ শিৰোমণি বঁটা’ প্ৰদান কৰে ‘নিয়মীয়া বাৰ্তা’ কাকতৰ সম্পাদক নৰেশ কলিতাই৷ ‘জীৱনজোৰা সাধনা বঁটা’ গ্ৰহণ কৰি বিশিষ্ট সাংবাদিক বৈকুণ্ঠনাথ গোস্বামীয়ে কয়– ‘সাংবাদিকৰ বাবে ৱেজবোৰ্ডৰ দাবী কৰাৰ কোনো অৰ্থ নোহোৱা হৈছে এতিয়া৷ তুলনামুকলভাৱে শিক্ষিতৰ হাৰ যিমান বাঢ়িছে সেই অনুসৰি বাতৰি কাকতৰ প্ৰচলন বঢ়া নাই৷ নতুন প্ৰজন্মৰ বাতৰিকাকতৰ প্ৰতি আকৰ্ষণ কমি যোৱাটো উদ্বেগৰ বিষয়৷ এজন সাংবাদিকে ওৰে জীৱন মানসিকভাৱে সাংবাদিক হিচাপে থাকে৷ এতিয়া মহাসংকটৰ মাজেৰে প্ৰিণ্ট মিডিয়া আগবাঢ়িছে৷’ আনহাতে, ‘সংবাদ শিৰোমণি বঁটা’ গ্ৰহণ কৰি ‘আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক তথা আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী-গীতিকাৰ গৌতম শৰ্মাই কয়– ‘সাংবাদিক হিচাপে মই সুখী৷ এজন মানুহ ভাল হ’ব পাৰে কিন্তু সেইজন মানুহ জনপ্ৰিয় নহ’বও পাৰে৷ সাংবাদিক দক্ষ, সৎ আৰু সফল নহ’লে কনিষ্ঠসকলে সাধাৰণতে অনুসৰণ নকৰে৷ সততা, একাগ্ৰতা, দক্ষতা থাকিলেহে সাংবাদিকতাৰ ক্ষেত্ৰখন উন্নত হ’ব৷ অদক্ষতা আৰু দুৰ্নীতিগ্ৰস্ততা সাংবাদিকতাৰ হেঙাৰ৷ অসমীয়া ভাষা অবিহনে অসমীয়া কাকত, চেনেল চলি নাথাকিব৷ আমি অসমীয়া ভাষাটো জীয়াই ৰাখিব লাগিব৷ সততা আৰু দক্ষতাৰে কাম কৰিব লাগিব৷ ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰতি সকলোৱে দায়বদ্ধ হওক৷ সুস্থভাৱে সাংবাদিকতা বৰ্তি থাকক৷’ ‘নিয়মীয়া বাৰ্তা’ কাকতৰ সম্পাদক নৰেশ কলিতাই কয়–‘নতুন প্ৰজন্মৰ পঢ়ুৱৈৰ সৃষ্টিৰ ক্ষেত্ৰত সকলোৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ তথ্য প্ৰযুক্তিৰ দিশত সংবাদ মাধ্যম যথেষ্ট প্ৰসাৰিত হৈছে৷ ছপা মাধ্যমৰ গুৰুত্ব কমিছে বুলি নাভাবোঁ৷ বঁটাপ্ৰাপকসকলক শুভেচ্ছা জনালোঁ৷’ অনুষ্ঠানত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামীয়ে কয়– ‘সন্থাই পুনৰপদক্ষেপ লৈ আগবাঢ়ি অহা বাবে ধন্যবাদ জনালোঁ৷ অসমৰ বিভিন্ন ঠাইৰ পৰা আহি তেওঁলোকে সংগঠিত হৈছে৷ সাধাৰণতে কেৱল জ্যেষ্ঠজনকহে আগবঢ়াই নিয়া দেখা যায়৷ নতুন প্ৰজন্মৰ সাংবাদিকখিনিক আগবঢ়াই নিয়াত সহায় কৰিব লাগে৷ এই ক্ষেত্ৰত সন্থাই আগভাগ লোৱা উচিত৷’ অনুষ্ঠানত অন্যান্য বঁটা প্ৰাপকসকলে চমু বক্তব্য আগবঢ়োৱাৰ লগতে সন্থাক ধন্যবাদ জনায়৷ এই অনুষ্ঠানত নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতা, গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি সুস্মিতা গোস্বামী, সাধাৰণ সম্পাদক সঞ্জয় ৰায়, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সম্পাদক উদয়ণ কুমাৰ গগৈ, সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী ন্থাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক পিঞ্জুমনি শইকীয়া, বিশ্ব হিন্দু মহাসংঘৰ উত্তৰ পূৱৰ প্ৰভাৰী লীমা মহন্ত, জ্যেষ্ঠ ফটো সাংবাদিক মহেশ চৌধুৰী,  সাংবাদিক হেমন্ত বৰা, বনজিৎ ঠাকুৰীয়া, অনুপমা ডেকা, ৰঞ্জিত পাটগিৰীৰ লগতে কেইবাজনো উপস্থিত বিশিষ্ট ব্যক্তিক ফুলাম গামোছা, স্মাৰক, ফুলৰ থোপা আদিৰে সম্ভাষণ জনায়৷ অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই সন্থাৰ সভাপতি চন্দন দাসে৷ অনুষ্ঠানত আশ্বাস আয়ুষ্মানে গীত পৰিবেশন কৰে৷ অনুষ্ঠানত সন্থাৰ বহু সংখ্যক সদস্য উপস্থিত থাকে৷