Logo
image

চেঞ্চুৰী মাৰিও ‘আউট’ ইমৰান

ইছলামাবাদ, ১২ ফেব্ৰুৱাৰীঃ পাকিস্তানৰ সদ্য সমাপ্ত সাধাৰণ নিৰ্বাচনৰ ৬০ ঘণ্টা পাৰ হোৱাৰ পাছত অৱশেষত দেওবাৰে সন্ধিয়াহে ভোট গণনাৰ সামৰণি পৰা বুলি ঘোষণা কৰে দেশখনৰ নিৰ্বাচন আয়োগে৷ পিছে, ভোট গণনা শেষ হ’লেও, পাকিস্তানৰ পৰৱৰ্তী চৰকাৰ কোনে গঠন কৰিব সেয়া এতিয়াও স্পষ্ট নহয়৷ কিয়নো পাকিস্তানৰ নেশ্যনেল এচেম্বলীত এইবাৰ মেজিক সংখ্যা কোনো এটা দলে লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ ২৬৪খন আসনৰ  ভোট গণনা সামৰণি পৰা বুলি আয়োগে ঘোষণা কৰাৰ পাছত পাক নেশ্যনেল এচেম্বলীত ত্ৰিশংকু সদন হোৱা পৰিলক্ষিত হৈছে৷ অৱশ্যে, এতিয়াও চাৰিখন প্ৰদেশৰ ভোট গণনা অব্যাহত আছে৷ এই চাৰিখন প্ৰদেশৰ প্ৰাথমিক ফলাফলত পঞ্জাৱ প্ৰদেশত নৱাজ শ্বৰীফৰ পাকিস্তান মুছলিম লীগ [এন] অৰ্থাৎ  পিএমএলএন আগবাঢ়ি থকা বুলি জানিব পৰা গৈছে৷ সেইদৰে খাইবাৰ পাখতুনখোৱা প্ৰদেশত ইমৰান খানৰ দলে অগ্ৰগতি লাভ কৰি আছে৷ সিন্ধ প্ৰদেশত আগবাঢ়ি আছে বিলাবল ভূট্টোৰ দল পিপিপি অৰ্থাৎ পাকিস্তান পিপুলছ পাৰ্টী৷ আনহাতে বালুচিস্তানত পি পি পি আৰু নৱাজ শ্বৰীফৰ দলৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা চলি থকা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে ভোট গণনাৰ আৰম্ভণিৰে পৰা কাৰাবন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ দল পিটিআই অৰ্থাৎ পাকিস্তান তেহৰিক-ই-ইনছাফ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী আৰু নৱাজ শ্বৰীফৰ দলৰ মাজত প্ৰতিদ্বন্দ্বিতা চলিব বুলি ধাৰণা কৰা হৈছিল৷ কিন্তু, ইয়াৰ বিপৰীতে প্ৰাক্তন বিদেশ মন্ত্ৰী তথা বেনজীৰ ভূট্টোৰ পুত্ৰ বিলাবল ভূট্টো জাৰদাৰীৰ দল পাকিস্তান পিপলছ পাৰ্টীৰ সৈতেহে প্ৰতিদ্বন্দ্বিতা হোৱা দেখা যায়৷ শেহতীয়া বাতৰি মতে ভোট গণনাৰ অন্তত ইমৰান খানৰ দল পি পি পি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীয়ে ১০২ খন আসনত জয়লাভ কৰে৷  ইয়াৰ বিপৰীতে পি এম এল এনে ৭৩ আৰু পিপিপিয়ে ৫৪ খন আসন লাভ কৰে৷ অন্যান্যৰ হাতলৈ যায় ৩৩ খন আসন৷ ইপিনে ইমৰান খানৰ দলে ‘চেঞ্চুৰি’ কোবাই ১০২খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠ হ’লেও চৰকাৰ গঠনৰ বাবে তেওঁলোকক আৰু ৩১খন আসনৰ প্ৰয়োজন৷ যিটো সম্ভৱেই নহয়৷  এনে অৱস্থাত বিলাবল ভূট্টোৰ দল পিপিপিৰ সৈতে হাত মিলাই নৱাজ শ্বৰীফে চৰকাৰ গঠন কৰাৰ বাবে আগবাঢ়িছে৷ কিন্তু ইয়াৰ পাছতো পাকিস্তানৰ ৰাজনৈতিক পৰ্যৱেক্ষকসকলৰ দাবী– ইছলামাবাদত চৰকাৰ কোনে গঠন কৰিব সেয়া ঠিৰাং কৰিব পাক সেনাইহে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে শনিবাৰে পাক সেনাপ্ৰধান আছিম মুনিৰে এক বিবৃতিযোগে  উল্লেখ কৰিছিল যে– ‘নিৰ্বাচন অকল জয়-পৰাজয় নিৰ্ধাৰণৰ প্ৰতিযোগিতা নহয়, বৰঞ্চ এয়া জনমত বাছনিৰ এক পৰীক্ষা৷ ৰাজনৈতিক নেতৃত্ব আৰু তেওঁলোকৰ কৰ্মীসকলে ক্ষুদ্ৰ স্বাৰ্থৰ ঊৰ্ধত থাকি কাম কৰিব লাগিব আৰু যৌথ প্ৰচেষ্টাৰ জৰিয়তে শাসন ক্ষমতা পৰিচালনা কৰি জনতাৰ সেৱা কৰিব লাগিব৷’ উক্ত বিবৃতিত ‘যৌথ প্ৰচেষ্টা’ বুলি উল্লেখ কৰি সেনাপ্ৰধান আছিম মুনিৰে পাকিস্তানত নৱাজ শ্বৰীফ আৰু বিলাবল ভূট্টোৰ মিত্ৰজোঁট চৰকাৰ গঠন সম্পৰ্কেই ইংগিত প্ৰদান কৰা বুলি ৰাজনৈতিক পৰ্যৱেক্ষক মহলে ধাৰণা কৰিছে৷ যদি সেয়াই হয়, তেন্তে সদ্যসমাপ্ত নিৰ্বাচনত চেঞ্চুৰি কোবালেও ইমৰান খানৰ সলনি পাকিস্তানত শ্বৰীফ-ভূট্টোৰ চৰকাৰ হোৱাটো নিশ্চিত৷