
চুলি সৰা ৰোধ কৰিবলৈ এইখিনি কৰক
চুলি সৰা সমস্যাৰ সৃষ্টি হ’লে বহুতেই বজাৰত উপলব্ধ হোৱা বিভিন্ন ধৰণৰ দৰৱ, তেল আদি ব্যৱহাৰ কৰে৷ এনে কৰাৰ ফলত কেতিয়াবা চুলিৰ অনিষ্ট হোৱাৰ লগতে বিভিন্নধৰণৰ শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ সেয়েহে চুলি সৰা ৰোধ কৰিবলৈ কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি৷
◾চুলি সৰা ৰোধ কৰিবলৈ ‘ভিটামিন-ই’যুক্ত খাদ্য নিয়মীয়াকৈ খাব লাগে৷ ‘ভিটামিন-ই’এ ৰক্তসঞ্চালন স্বাভাৱিক কৰে৷
◾খাদ্যাভাসৰ পৰিৱৰ্তনৰ বাবেও কেতিয়াবা চুলি সৰিব পাৰে৷ বিশেষকৈ শৰীৰত প্ৰ’টিনৰ পৰিমাণ হ্ৰাস পালে এনে সমস্যাৰ সৃষ্টি হয়৷ সেয়েহে খাদ্য তালিকাত চৰ্বিযুক্ত মাছ- মাংস আদি ৰাখিব লাগে৷
◾নিয়মীয়াকৈ চুলি ধোৱাৰ ব্যৱস্থা কৰিব লাগে৷ চুলি পৰিষ্কাৰ কৰি ৰাখিলে যিকোনোধৰণৰ সংক্ৰমণৰ পৰা হাত সাৰি থাকিব পাৰি৷
◾গা-ধোৱাৰ পাছত চুলি শুকালেহে আঁচুৰিব লাগে৷ ভিজা চুলি আঁচুৰিলে চুলি সৰাৰ আশংকা বাঢ়ে৷
◾পিঁয়াজ, নহৰু, আদাৰ ৰসেৰে মূৰ ধুলে চুলি সৰা বন্ধ হয়৷
◾শৰীৰত পানীৰ পৰিমাণ হ্ৰাস পালেও কম সময়তে চুলি সৰিব পাৰে৷ সেয়েহে পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে৷