Logo
image

ড’পিঙৰ অভিযোগমুক্ত হ’ল হিমা দাস

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৫ অক্টোবৰঃ পুনৰ ট্ৰেকলৈ ঘূৰি আহিব ‘ধিং এক্সপ্ৰেছ’খ্যাত হিমা দাস৷ দেশৰ তাৰকা এথলীট হিমা দাসৰ বাবে এটা ভাল খবৰ৷ ড’পিঙৰ সকলো অভিযোগৰ পৰা মুক্ত ঘোষণা কৰা হৈছে হিমা দাসক৷ ৰাষ্ট্ৰীয় ড’পিং নিবাৰক সংস্থা চমুকৈ ‘নাডা’ৰ এণ্টি ড’পিং আপীল পেনেলে হিমা দাসক অভিযোগমুক্ত ঘোষণা কৰে৷ 



উল্লেখ্য, ২৪ বছৰীয়া এথলীট হিমা দাসক বিগত বৰ্ষৰ ছেপ্টেম্বৰত নিয়ম উলংঘন কৰাৰ অপৰাধত ২ বছৰৰ বাবে নিলম্বন কৰিছিল ৰাষ্ট্ৰীয় ড’পিং নিবাৰক সংস্থাই৷ ৰাষ্ট্ৰীয় ড’পিং নিবাৰক সংস্থাৰ নিয়ম অনুসৰি তাৰকা স্প্ৰিণ্টাৰ হিমা দাসে ১২ মাহত ৩বাৰকৈ নিজৰ অৱস্থান সম্পৰ্কীয় (Where about) তথ্য প্ৰদান কৰা নাছিল৷ যাৰ পৰিপ্ৰেক্ষিতত বিগত বৰ্ষৰ ছেপ্টেম্বৰত হিমা দাসক দুবছৰৰ বাবে সাময়িকভাৱে নিলম্বন কৰিছিল ড’পিং নিবাৰক সংস্থাই৷ 

অৱশ্যে এই নিলম্বনৰ বিৰুদ্ধে হিমা দাসে আপত্তি দৰ্শোৱাত চলিত বৰ্ষৰ এপ্ৰিলত ৰাষ্ট্ৰীয় ড’পিং নিবাৰক সংস্থাৰ অনুশাসন পেনেলে (এণ্টি ড’পিং ডিচিপ্লেনেৰী পেনেল চমুকৈ এডিডিপি) খেলুৱৈগৰাকীৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছিল৷ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাত হিমা দাসে বেংগালুৰুত অনুষ্ঠিত ইণ্ডিয়ান গ্ৰাঁপিত মহিলাৰ ২০০ মিটাৰ দৌৰত অংশ ল’বলৈ সক্ষম হৈছিল৷ অৱশ্যে ‘নাডা’ৰ অনুশাসন পেনেলে (এডিডিপি) হিমা দাসৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছিল যদিও এই অভিযোগটো ‘নাডা’ৰ এণ্টি ড’পিং আপীল পেনেলত বিচাৰাধীন হৈ আছিল৷ অৱশেষত বিগত ৪ ছেপ্টেম্বৰত ‘নাডা’ৰ এণ্টি ড’পিং আপীল পেনেলে (এডিএপি) পূৰ্বৰ অনুশাসন পেনেলৰ (এডিডিপি) ৰায় বাহাল ৰাখি হিমা দাসক ড’পিঙৰ সকলো অভিযোগৰ পৰা মুক্ত ঘোষণা কৰে৷ উল্লেখ্য, ৱৰ্ল্ড এণ্টি ড’পিং এজেঞ্চী (ডব্লিউএডিএ)ৰ নিয়ম অনুসৰি কোনো খেলুৱৈয়ে ১২ মাহত তিনিবাৰ যদি অৱস্থিতিৰ তথ্য দাখিল নকৰা বা ড’পিঙত ব্যৰ্থ হয়, তেনেহ’লে এই কাৰ্যক নিয়ম উলংঘা হিচাপে গণ্য কৰা হয়৷

এই অপৰাধৰ বাবে খেলুৱৈগৰাকীক সৰ্বাধিক দুবছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰাৰ বিধান আছে৷ ৰেজিষ্টাৰ টেষ্টিং পুলত অন্তৰ্ভুক্ত খেলুৱৈয়ে নিজৰ সম্পূৰ্ণ ঠিকনা বা কামৰ ঠিকনা সম্পূৰ্ণকৈ দিব লাগে৷ ইয়াৰ উপৰি প্ৰতিটো গতিবিধিৰ সময়সীমা তৈয়াৰ কৰিব লাগে৷ খেলুৱৈগৰাকীয়ে টেষ্টিঙৰ বাবে ৬০ মিনিটৰ সময় দিব লাগে৷ এই সময়ছোৱাত ড’প পৰীক্ষাকাৰী দলে নমুনা সংগ্ৰহ কৰে৷ যদি এই সময়ৰ নিয়ম পালন নকৰে, তেতিয়া নিয়ম উলংঘা কৰা বুলি ধৰা হয়৷