Logo
image

দীৰ্ঘদিন আনাদায় হৈ আছে পাকিস্তানৰ ক্ৰিকেটাৰৰ পাৰিশ্ৰমিক

পাকিস্তানৰ ক্ৰিকেটক যেন সমস্যাই লগ নেৰা হৈছে৷ বাংলাদেশৰ হাতত স্বদেশত টেষ্ট শৃংখলাত পৰাস্ত হোৱাৰ পাছত ৰাষ্ট্ৰীয় ক্ৰিকেট দলটোৰ লগতে পাকিস্তান ক্ৰিকেট ব’ৰ্ড ব্যাপক সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ শেহতীয়াভাৱে আটাইকেইটা সংস্কৰণতে ৰাষ্ট্ৰীয় দলৰ নেতৃত্বৰ পৰা অব্যাহতি লৈছে বাবৰ আজমে৷ বিভিন্ন বিষয় লৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ সৈতে ক্ৰিকেটাৰসকলৰ মাজৰ ব্যৱধানো বৃদ্ধি পাইছে৷ ইয়াৰ অন্যতম হৈছে  ক্ৰিকেটাৰসকলৰ পাৰিশ্ৰমিক৷ বিগত তিনি মাহধৰি প্ৰাপ্য পাৰিশ্ৰমিক আদায় দিয়া হোৱা নাই দেশখনৰ ক্ৰিকেটাৰক৷ পাৰিশ্ৰমিক অবিহনেই পাকিস্তানৰ ক্ৰিকেটাৰে ইউনাইটেড আৰৱ এমীৰেটছত চলি থকা মহিলা টুৱেণ্টী২০ ক্ৰিকেটত ভাগ লৈছে৷ মহিলা দলটোৰ চাৰি মাহৰ পাৰিশ্ৰমিক অনাদায় হৈ আছে৷  তাৰ লগতে ক্ৰিকেটাৰৰ মাহিলী ৰিটেইনাৰ, স্পনছ’ৰশ্বিপৰ অংশ আৰু কেন্দ্ৰীয় চুক্তিৰ ঘোষণাৰ ক্ষেত্ৰত দেখা দিয়া বিলম্বৰ বাবেও পাকিস্তান ক্ৰিকেটত অস্থিৰতা বৃদ্ধি পাইছে৷ তিনি মাহ পাৰিশ্ৰমিক নোপোৱা বাবে স্বাভাৱিকতে ক্ৰিকেটাৰসকল ক্ষুব্ধ৷ বকেয়া পাৰিশ্ৰমিকৰ লগতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ সৈতে হ’বলগীয়া নতুন চুক্তিৰ অপেক্ষাত আছে ক্ৰিকেটাৰসকল৷ বৰ্তমান পৰিস্থিতিত ক্ৰিকেটাৰসকলৰ মাজত দেখা গৈছে ভীষণ হতাশা৷



পাকিস্তান ক্ৰিকেট ব’ৰ্ড আৰু ক্ৰিকেটাৰসকলৰ মাজত হোৱা পূৰ্বৰ কেন্দ্ৰীয় চুক্তিত উল্লেখ কৰা হৈছিল পাৰিশ্ৰমিক বৃদ্ধিৰ লগতে আন বিভিন্ন সুবিধাৰ কথা৷ সেই অনুসৰি বাবৰ আজম, মহম্মদ ৰিজৱান, শ্বাহিন শ্বাহ আফ্ৰিদীৰ লগতে শীৰ্ষ শাৰীত থকা ক্ৰিকেটাৰে কৰৰ পৰিমাণ বাদ দি মাহিলী পাইছিল ৪০ ৰ পৰা ৫০ হাজাৰ পাকিস্তানী ৰুপী৷ তাৰ লগতে লগো স্পনছ’ৰশ্বিপৰ ধন আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ পৰা পোৱা ধনৰ তিনি শতাংশও লাভ কৰিছিল পাকিস্তানৰ ক্ৰিকেটাৰে৷ চলিত বৰ্ষত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ পৰা পাবলগীয়া ধনৰ অংশ হিচাপে প্ৰতিজন ক্ৰিকেটাৰে এক লাখ ৫৩ হাজাৰকৈ পাকিস্তানী ৰুপী পোৱাৰ কথা আছিল৷ কিন্তু সেই ধন আদায় নিদিয়া বাবে ক্ৰিকেটাৰসকলৰ মাজত দেখা দিছে ব্যাপক অসন্তুষ্টি৷ 

ইপিনে, পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মতে, পাকিস্তানত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ বাবে কৰাচী, লাহোৰ আৰু ৰাৱালপিণ্ডিৰ ষ্টেডিয়ামৰ মেৰামতিৰ বাবে বৃহৎ অংকৰ ধন খৰচ হৈছে৷ তাৰ লগতে ক্ৰিকেট সম্পৰ্কীয় আন খৰচো আছে৷ এইবোৰ কাৰণতে ক্ৰিকেটাৰক পাৰিশ্ৰমিক আদায় দিয়াত পলম হৈছে৷ ক্ৰিকেট ব’ৰ্ডে লগতে জনায় যে ক্ৰিকেটাৰসকলৰ সৈতে কেন্দ্ৰীয় চুক্তি সন্দৰ্ভত চিন্তা-চৰ্চা চলাই থকা হৈছে৷ নতুন চুক্তি ২০২৬ চন পৰ্যন্ত কাৰ্যকৰী কৰা হ’ব৷ আনহাতে, ক্ৰিকেটাৰসকলৰ পাৰিশ্ৰমিক চলিত মাহতে আদায় দিয়াৰ চেষ্টা কৰা হ’ব৷ নতুন কেন্দ্ৰীয় চুক্তিত শীৰ্ষ শাৰীৰ ক্ৰিকেটাৰৰ পাৰিশ্ৰমিক ২০ লাখ ৭০ হাজাৰ পাকিস্তানী ৰুপী পৰ্যন্ত বৃদ্ধি কৰাৰ কথা ভবা হৈছে৷ ‘এ’ৰ লগতে ‘বি’, ‘চি’ আৰু ‘ডি’ গ্ৰুপত থকা ক্ৰিকেটাৰৰ পাৰিশ্ৰমিকো বৃদ্ধি কৰা হ’ব৷