Logo
image

১৪৯ত সমাপ্ত বাংলাদেশৰ প্ৰথম ইনিংছ ভাৰতৰ সামগ্ৰিক অগ্ৰগতি ৩০৮ ৰান

চেন্নাই, ২১ ছেপ্টেম্বৰ: ভাৰতৰ বিৰুদ্ধে প্ৰথম টেষ্টত বাংলাদেশৰ বলাৰে নিজৰ দায়িত্ব ভালদৰেই পালন কৰিছে যদিও তাৰ বিপৰীতে ভাৰতীয় বলাৰৰ সন্মুখত সম্পূৰ্ণ নিৰস্ত্ৰ হৈ পৰিল দলটোৰ বেটাৰ৷ ভাৰতৰ প্ৰথম ইনিংছৰ স্ক’ৰ ৩৭৬ ৰানৰ প্ৰত্যুত্তৰত শুকুৰবাৰে প্ৰথম টেষ্টৰ দ্বিতীয়দিনা ৪৭.১ অভাৰত ১৪৯ ৰানতে সমাপ্ত হ’ল বাংলাদেশৰ প্ৰথম ইনিংছ৷ ২২৭ ৰানৰ প্ৰথম ইনিংছৰ অগ্ৰগতিৰে ভাৰতে দ্বিতীয় ইনিংছ আৰম্ভ কৰি দ্বিতীয় দিনৰ অন্তত তিনিটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছে ৮১ ৰান৷ দ্বিতীয় ইনিংছতো দীঘলীয়া ইনিংছ খেলাত ব্যৰ্থ হ’ল অধিনায়ক ৰোহিত শৰ্মাৰ (৫) লগতে বিৰাট কোহলি (২৭)৷ অৱশ্যে প্ৰথম ইনিংছত লাভ কৰা বৃহৎ অগ্ৰগতিৰ সূত্ৰে টীম ইণ্ডিয়া নিৰাপদ স্থিতিত বুলিয়েই ক’ব লাগিব৷ শুকুৰবাৰৰ দ্বিতীয় দিনৰ খেল সমাপ্ত হোৱাৰ সময়ত ৬৪টা বলত চাৰিটা ‘চাৰি’ৰে শুভমন গীল ৩৩ আৰু ঋষভ পণ্ট ১২ ৰানত অপৰাজিত থাকে৷ প্ৰথম ইনিংছত অৰ্ধশতক অৰ্জন কৰা অ’পেনাৰ যশস্বী জয়ছোৱালৰ বেটৰ পৰা দ্বিতীয় ইনিংছত আহে কেৱল ১০ ৰান৷ বাংলাদেশৰ তাস্কিন আহমেদ, নাহিদ ৰানা আৰু মেহদি হাছান মিৰাজে এটাকৈ উইকেট লাভ কৰে৷ সাতটা উইকেট সুৰক্ষিত থকা অৱস্থাত ভাৰতৰ সামগ্ৰিক অগ্ৰগতি ৩০৮ ৰান৷



চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামৰ ৰঙা মাটিৰ পিটচত ভাৰতীয় পেচ বলাৰো বাংলাদেশৰ বেটাৰৰ বাবে সমস্যা হৈ পৰিছিল৷ যশপ্ৰীত বুমৰা, মহম্মদ ছিৰাজ আৰু আকাশদীপৰ ত্ৰিমূৰ্তিয়ে বাংলাদেশৰ প্ৰথম ইনিংছৰ আঠটা উইকেট দখল কৰে৷ আন দুটা উইকেট যায় ৰবীন্দ্ৰ জাদেজাৰ হাতলৈ৷ বাংলাদেশৰ প্ৰথম ইনিংছত সৰ্বাধিক ৩২ ৰান আহিছিল অভিজ্ঞ শ্বাকিব আল হাছানৰ বেটৰ পৰা৷ তেওঁৰ ৬৪টা বলৰ ইনিংছত আছিল পাঁচটা ‘চাৰি’৷ মেহদি হাছান মিৰাজে  ৫২টা বলত ২৭ (অপঃ), লিটন দাসে ৪২টা বলত ২২, অধিনায়ক নাজমুল হুছেইন ছাণ্টোৱে ২০ ৰান সংগ্ৰহ কৰে৷ বুমৰাই ৫০ ৰানত দখল কৰে চাৰিটা উইকেট৷ আগদিনাৰ স্ক’ৰ ৩৩৯-৬ ৰ পৰা খেল আৰম্ভ কৰাৰ সময়ত সকলোৰে দৃষ্টি আছিল ৰবীন্দ্ৰ জাদেজাৰ ওপৰত৷ ৰবিচন্দ্ৰন অশ্বিনৰ দৰে জাদেজাও শতক সম্পূৰ্ণ কৰাত সফল হ’ব নেকি? কিন্তু সেয়া সম্ভৱ নহ’ল৷ প্ৰথম দিনৰ স্ক’ৰতে তেওঁ তাস্কিন আহমেদৰ চিকাৰ হয়৷ আনহাতে, জাদেজাৰ সৈতে সপ্তম উইকেটত ১৯৯ ৰান যোগ দিয়া অশ্বিন ১৩৩টা বলত দুটা ‘ছয়’, এঘাৰটা ‘চাৰি’ৰে ১১৩ ৰানত আউট হয়৷ বাংলাদেশৰ হাছান মেহমেুদে ৮৩ ৰানত পাঁচটা, তাস্কিন আহমেদে ৩৩ ৰানত তিনিটা আৰু নাহিদ ৰানা, মেহদি হাছান মিৰাজে এটাকৈ উইকেট লাভ কৰে৷