Logo
image

ৰাজ্যত বিপজ্জনক ৰূপত বৃদ্ধি কেঞ্চাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ ফেব্ৰুৱাৰীঃ ‘ৰাজ্যত প্ৰতি বছৰে ৫০ হাজাৰ নতুন কৰ্কটৰোগী চিনাক্ত হৈছে৷ দৰং, কামৰূপ আৰু চিৰাং জিলাতে সৰ্বাধিক কৰ্কটৰোগী চিনাক্ত হৈছে৷’ –এই মন্তব্য ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ৷ সোমবাৰে বিধানসভাত চিডলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে ৰুল ৫৪ অনুসৰি উত্থাপন কৰা এক বিষয়ৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয়– ‘প্ৰায়বোৰ কৰ্কটৰোগীয়েই বহু পলমকৈ চিনাক্তকৰণ হৈছে৷ আগতীয়াকৈ চিনাক্ত কৰিব পাৰিলে কৰ্কটৰোগ নিৰাময় কৰিব পাৰি৷ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জৰিয়তে ৰ কোটি স্কিনিং কৰা হৈছে৷ দীপশিখা ফাউণ্ডেশ্বনৰ দৰে স্বেচ্ছাসেৱী সংগঠনেও ভাল কাম কৰি আছে৷ হাজাৰ হাজাৰ কৰ্কট ৰোগী চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ যাবলগীয়া হোৱা বুলি কোৱা কথাষাৰ সত্য নহয়৷ টাটা মেম’ৰিয়েললৈ যোৱা ৰোগীকো এতিয়া অসমলৈ ঘূৰাই পঠাইছে৷ ৰাজ্যৰ জ্জখন কেন্সাৰ হাস্পতালত পেট-চিটি, চাইক্লথনৰ দৰে অত্যাধুনিক সা-সুবিধা আছে৷ চিডলীত ১৯,৭০৫টা অ’ৰেল কেন্সাৰৰ কেচ ধৰা পৰিছে৷ খাদ্যভাষ, ধপাত সেৱন, জেনেটিক কাৰণ আদিয়েই হৈছে কেন্সাৰৰ মূল কাৰণ৷