Logo
image

‘শ্ৰী ৰঘুপতি’ৰ পাছত এইবাৰ ‘অগ্নিবাণ’

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১৩ ফেব্ৰুৱাৰীঃ ব্লকবাষ্টাৰ অসমীয়া ছবি নিৰ্মাণেৰে কৰি অসমীয়া চলচ্ছিত্ৰ উদ্যোগত খ্যাতি অৰ্জন কৰা মণিৰত্ন এণ্টাৰটেইনমেণ্টে (শ্ৰী ৰঘুপতিৰ প্ৰযোজক) এইবাৰ আন এখন ব্যতিক্ৰমী ছবিৰে দৰ্শকৰ মাজত প্ৰৱেশৰ প্ৰস্তুতি চলাইছে৷ যুৱ পৰিচালক মৃন্ময় অৰুণ শইকীয়াৰ পৰিচালনাৰে আৰু যতীন বৰাৰ দৰে অভিনেতাৰ অভিনয়ৰে সমৃদ্ধ মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ আহিবলগীয়া ছবিখনৰ নাম হৈছে ‘অগ্নিবাণ’৷ ছবিখনৰ কাহিনীৰ আধাৰ হৈছে উত্তৰ-পূব ভাৰতত বিভীষিকা নমাই অনা মাদক দ্ৰৱ্যৰ সন্ত্ৰাস৷ ব্যয়বহুল এই অসমীয়া ছবিখনত যতীন বৰাৰ উপৰিও কমল লোচন, হিমাংশু প্ৰসাদ দাস, প্ৰীতি কংকনা, কংকনা চক্ৰৱৰ্তী (কলকাতা)ৰ দৰে অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে৷ ইয়াৰোপৰি এই ছবিখনত দেখা পোৱা যাব উত্তৰ-পূবৰ আন বহু কেইগৰাকী নবীন-প্ৰবীণ কলা-কুশলীকো৷ উত্তৰ-পূব ভাৰতক বিধবস্ত কৰি পেলোৱা মাদক সন্ত্ৰাসৰ অন্ধকাৰ দিশটোক এই ছবিখনৰ জৰিয়তে তুলি ধৰা হৈছে৷ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত ‘অগ্নিবাণ’ সম্পৰ্কে অভিনেতা যতীন বৰাই কয়– ‘অগ্নিবাণৰ দৰে এক গুৰুত্বপূৰ্ণ আৰু ব্যয়বহুল প্ৰকল্পৰ অংশ হ’বলৈ পাই মই অত্যন্ত সুখী অনুভৱ কৰিছোঁ৷ এই ছবিখনৰ কাহিনী আৰু আমাৰ উপস্থাপনশৈলী ছবিপ্ৰেমী দৰ্শকে ভাল পাব বুলি মই নিশ্চিত৷ আমি শীঘ্ৰে এই ছবিখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি ছবিপ্ৰেমীসকলক এখন ব্লকবাষ্টাৰ ছবি উপহাৰ দিম৷ ‘ সংবাদ মেলত প্ৰযোজক শৈলেন শৰ্মাই তেওঁৰ এই নতুন ছবিখনতো নিজৰ সৰ্বস্বউজাৰি দিছে বুলি কয়৷ ইফালে ছবিখন পৰিচালনা কৰা যুৱ পৰিচালক মৃন্ময় অৰুণ শইকীয়াই কয়, ‘অগ্নিবাণ’ কেৱল এখন ছবিয়েই নহয়, এয়া আমাৰ সমাজৰ এক আৰ্থ-ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতিফলনো৷’ এই নতুন অসমীয়া চলচ্ছিত্ৰখন দৰ্শকৰ বাবে এক অবিস্মৰণীয় অভিজ্ঞতা হ’ব বুলি আশা প্ৰকাশ ছবিখনৰ সহ প্ৰযোজক ময়ূৰাক্ষী শৰ্মা, অভিনেত্ৰী কংকনা চক্ৰৱৰ্তী, অভিনেত্ৰী প্ৰীতি কংকনা, অভিজিত শৰ্মা তথা কলা-কুশলীসকলে৷