Logo
image

কাজিৰঙাত গঁড়ৰ আক্ৰমণত বনকৰ্মী আহত

'আমাৰ অসম'ৰ কাজিৰঙাৰ প্ৰতিবেদক, ১৩ ফেব্ৰুৱাৰীঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়, হাতী,ম'হ আদিয়ে কিছুদিনৰ পৰা আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে। এজনৰ পিছত আন এজন বনকৰ্মী বন্যপ্ৰাণীৰ আক্ৰমণৰ মুখামুখী হ'বলগা হৈছে। মঙলবাৰে ৰাষ্ট্ৰীয় উদ্যানখনত এজন বনকৰ্মী গঁড়ৰ আক্ৰমণৰ সন্মুখীন হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আবেলি অৰণ্যৰ ভিতৰত কৰ্তব্য কৰি থকা অৱস্থাত গঁড়ৰ আক্ৰমণত এজন বনকৰ্মী গুৰুতৰভাৱে আহত হয়। 

জানিব পৰা মতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ অধীনত বকপৰা বন শিবিৰ এলেকাত বন বিভাগৰ এটা পোহনীয়া হাতীৰ ওপৰত উঠি অৰণ্যৰ মাজত টহল দি থকা অৱস্থাত হঠাৎ  পোৱালী থকা এজনী গঁড়ে আক্ৰমণ কৰাত হাতীৰ ওপৰৰ পৰা বনকৰ্মী পিংকু চন্দ্ৰ নাথ আৰু মাউতজন তলত পৰি যায়। তেনে অৱস্থাত হাতী মাউতজন অৰণ্যৰ মাজলৈ পলায়ন কৰি কোনোমতে প্ৰাণ ৰক্ষা কৰে যদিও বনকৰ্মী পিংকু চন্দ্ৰ নাথক মাক- পোৱালি গঁড়ে বুকু ,ভৰি,পিঠি আদিত আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। আহত বনকৰ্মীজনক পৰৱৰ্তী সময়ত অৰণ্যৰ মাজৰ পৰা উদ্ধাৰ কৰি কহঁৰা আদৰ্শ চিকিৎসালয়লৈ অনা হয়। 

কহঁৰা আদৰ্শ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী এপল' চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। উল্লেখ্য, গঁড়ৰ আক্ৰমণত আতংকিত হৈ বন বিভাগৰ পোহনীয়া হাতীটো গভীৰ অৰণ্যৰ মাজলৈ পলায়ন কৰে। বাতৰি লিখি থকা লৈকে হাতীটোক বিচাৰি পোৱা নাই বুলি জানিব পৰা গৈছে।