Logo
image

‘জাতিৰ মেৰুদণ্ড পোন কৰি ৰখাৰ বাবে ‘স্বদেশ পটভূমি’য়ে লোৱা পদক্ষেপ উল্লেখযোগ্য’: প্ৰয়াত যোগেশ শৰ্মাৰ জন্মদিনত ‘স্বদেশ পটভূমি’ৰ গল্পৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ বঁটা প্ৰদান

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১৩ ফেব্ৰুৱাৰীঃ গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰে অসমৰ অত্যাধুনিক ছপাশালৰ অন্যতম বাটকটীয়া প্ৰয়াত যোগেশ শৰ্মাৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ‘স্বদেশ পটভূমি’য়ে ৰাজ্যিক ভিত্তিত আয়োজন কৰা গল্পৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়৷ অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত যোগেশ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে শৰাইঘাট ফটো টাইপছৰ মহাপ্ৰবন্ধক তপন কুমাৰ গোস্বামীয়ে৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে বিশিষ্ট সাহিত্যিক, অভিধান প্ৰণেতা ড॰ দীনেশ চন্দ্ৰ গোস্বামী, বিশিষ্ট চিন্তাশীল লেখক ময়ূৰ বৰা, আমেৰিকা নিবাসী, বিশিষ্ট বিজ্ঞানী ড॰ বাবুল বৰা উপস্থিত থাকে৷ অনুষ্ঠানত  বিভিন্ন ক্ষেত্ৰৰ বহু সংখ্যক লোক উপস্থিত থাকে৷  অনুষ্ঠানত বিশিষ্ট অতিথিৰ ভাষণত ড॰ দীনেশ চন্দ্ৰ গোস্বামীয়ে কয়- যোগেশ শৰ্মাই প্ৰথমে ব্যৱসায়ত মনোনিৱেশ কৰিছিল৷ পাছত তেওঁ ছপাকল প্ৰতিষ্ঠা কৰি এজন উদ্যোগপতি ৰূপে চিনাকী দিবলৈ সক্ষম হয়৷ কিতাপ প্ৰকাশনৰ নতুন ধাৰণাৰে ২০১২ চনত কালজয়ী সাহিত্যৰ এশখন গ্ৰন্থ আমি তেওঁৰ প্ৰেৰণাতে অনুবাদ কৰি প্ৰকাশ কৰিছিলোঁ৷ তেওঁ দক্ষতা বুজি কাম কৰিছিল৷ অনুবাদ গ্ৰন্থ তেওঁ ভাল পাইছিল৷ তেওঁৰ মিতব্যয়িতা আৰু  ব্যৱসাযৰ দৃষ্টিকোণ লেখত ল’বলগীয়া আছিল৷ এতিয়া প্ৰিণ্টিঙৰ বাবে কলকাতা লৈ যাবলগীয়া নহয়৷ ভাষণ প্ৰসংগত ড॰ গোস্বামীয়ে অসমীয়া গল্পৰ বিষয়ত আলোকপাত কৰি কয় যে  অসমীয়া গল্পবোৰ কঠিন হৈ আহিছে৷ ‘স্বদেশ পটভূমি’ৰ জৰিয়তে সহজ-সৰল গল্প পঢ়িবলৈ পাম বুলি তেওঁ  আশা  প্ৰকাশ কৰে৷ গোস্বামীয়ে লগতে প্ৰয়াত শৰ্মাৰ ব্যক্তিত্বৰ নানা দিশ সম্পৰ্কেও আলোকপাত কৰে৷ অনুষ্ঠানত বিশিষ্ট চিন্তাশীল লেখক ময়ূৰ বৰাই কয়- জাতিৰ মেৰুদণ্ড পোন কৰি ৰখাৰ বাবে ‘স্বদেশ পটভূমি’য়ে লোৱা পদক্ষেপ উল্লেখযোগ্য৷ সঁচা কথাত অসমীয়াসকলৰ বাবে কিছুকথা নতুনকৈ কোৱাৰ প্ৰয়োজন আহি পৰিছে৷ অসমৰ বৰ্তমান পৰিস্থিতিত প্ৰকৃত ব্যক্তিক উপযুক্ত সন্মান দিয়া নহয়৷ নিৰাশাৰ মাজত কৰবাত আশাৰ বন্তি জ্বলোৱাৰ বাবে ইতিবাচক চিন্তা লৈ আগবাঢ়ি অহা বাবে ‘স্বদেশ পটভূমি’ৰ মুখ্য সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক ৰবীন ভূঞাক ধন্যবাদ জনালোঁ৷ আমি অসমৰ প্ৰকৃত নায়কসকলক কেতিয়া বুকুত বান্ধি ল’ম৷  তেওঁলোক ৰাজনৈতিক ছিটিকনিৰ পৰা মুক্ত৷ নতুন প্ৰজন্মৰ চিন্তাৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগে৷ সকলোৱে অসমীয়া ভাষা, সংস্কৃতি জীয়াই  ৰখাৰ বাবে চেষ্টা কৰিব লাগে৷  গল্পৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ বিজয়ীসকলক শুভেচ্ছা জনালোঁ৷’ অনুষ্ঠানত আমেৰিকা নিবাসী, বিশিষ্ট বিজ্ঞানী ড॰ বাবুল বৰাই ভাষণত কয়-মাজুলীত মোৰ পিতৃয়ে এশ বছৰ পূৰ্বে এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় খুলিছিল৷ আমেৰিকাতো মানুহৰ কিতাপৰ প্ৰতি ধাউতি আছে৷ ‘স্বদেশ পটভূমি’য়ে লোৱা এই পদক্ষেপ শলাগিবলগীয়া৷ ‘আমাৰ অসম’ৰ জ্যেষ্ঠ সাংবাদিক, ‘স্বদেশ পটভূমি’ৰ মুখ্য সম্পাদক ৰবীন ভূঞাই আদৰণি ভাষণ কয়-তিনি শতাধিক প্ৰতিযোগীয়ে এই গল্পৰ পাণ্ডুলিপি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে৷ তাৰ মাজৰ পৰা বিজয়ী হোৱাসকলক আজি বঁটা প্ৰদান কৰা হৈছে৷ তেওঁলোকক অনুপ্ৰেৰণা দিয়াই আমাৰ মূল উদ্দেশ্য৷ এই প্ৰতিযোগিতাত ড॰ বিদিশা মহন্তই প্ৰথম পুৰস্কাৰ লাভ কৰে৷ তেওঁক মান-পত্ৰ, কিতাপৰ টোপোলা আৰু ধৰ্মপ্ৰাণ ব্যক্তি হৰিপদ শইকীয়াৰ সোঁৱৰণত ড॰ শশীকান্ত শইকীয়াই নগদ  ১০ হাজাৰ টকা প্ৰদান কৰে৷ সেইদৰে ববিতা কলিতাই দ্বিতীয় পুৰস্কাৰ হিচাপে মান-পত্ৰ, কিতাপৰ টোপোলা আৰু তপন কুমাৰ শৰ্মাৰ সোঁৱৰণত  হিৰণ্য কুমাৰ শৰ্মাৰ পৰিয়ালে নগদ  ৮ হাজাৰ টকা প্ৰদান কৰে৷ আনহাতে জ্যোতিৰ্ময়ী কলিতা দাসে তৃতীয় পুৰস্কাৰ লাভ কৰে৷ তেওঁক মান-পত্ৰ, কিতাপৰ টোপোলা আৰু বিশিষ্ট শিক্ষাবিদ দেবেন্দ্ৰ চন্দ্ৰ নাথৰ সোঁৱৰণত ডাঃ ধীৰেন কুমাৰ নাথে ৫ হাজাৰ টকা আগবঢ়ায়৷ প্ৰতিযোগিতাত বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে মায়া শৰ্মা, ৰেণুপ্ৰভা হাজৰিকা, চিত্তৰঞ্জন ওজা, ভৰত ৰাজখোৱা, প্ৰতিভা ভগৱতী, মীৰা দত্ত, নিংকু নিশা নেওগ, ড॰ বন্দনা খাটনিয়াৰ, সুবৰ্ণ গগৈ, পম্পী বৰা বৈশ্য, প্ৰতিভা ভাগৱতী, মুনমী দত্ত হাজৰিকা, মামনি গোস্বামী শৰ্মাক বঁটা প্ৰদান কৰা হয়৷ অনুষ্ঠানত সৃজন প্ৰিয়ম ভূঞাই নৃত্য পৰিৱেশন কৰে৷ অনুষ্ঠানত তপন গোস্বামীয়ে শলাগৰ শৰাই আগবঢ়ায়৷ ‘স্বদেশ পটভূমি’ৰ সহকাৰী সম্পাদক সংগম দাসে আঁত ধৰা অনুষ্ঠানত বহুসংখ্যক লোক উপস্থিত থাকে৷