Logo
image

অসমসহ উত্তৰ পূবত ভূমিকম্পৰ জোকাৰণি

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমকে ধৰি উত্তৰ পূব ভাৰতৰ কেইবাখনো ৰাজ্যত বুধবাৰে  নিশা এটা মৃদু প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়৷ গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি নিশা ৭ বাজি ২৩ মিনিট ১৪ ছেকেণ্ডত প্ৰায় ১৩ ছেকেণ্ডৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাবল্যৰ পৰিমাণ আছিল ৪.৭ কম্পনাংক। আনহাতে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল কামৰূপ জিলাৰ উত্তৰ পূব দিশত ১৯ কিলোমিটাৰ গভীৰতাত। অৱশ্যে ভূমিকম্পটো মৃদু প্ৰাবল্যৰ হোৱা বাবে ক'তো ক্ষয়-ক্ষতি হোৱাৰ বাতৰি অহা নাই । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা ১৫ আৰু ১৭ জানুৱাৰীত দুটা মৃদু আৰু মধ্যমীয়া প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল অসমসহ উত্তৰ পূব ভাৰতৰ কেইবাখনো ৰাজ্য।  উল্লেখ্য যে বিগত ২০২৩ বৰ্ষতো অসমকে ধৰি উত্তৰ পূব ভাৰতৰ কেইবাখনো ৰাজ্যত মৃদু আৰু মধ্যমীয়া প্ৰাবল্যৰ ১৫ টা ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল।