Logo
image

বাজেট আৰু নাৰী উন্নয়ন

সোমবাৰে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত বাজেট দাখিল কৰে৷ এইবাৰৰ বাজেটত মহিলাৰ বাবে কিছুমান আঁচনি গ্ৰহণ কৰি মহিলা সবলীকৰণৰ ক্ষেত্ৰতো আৰু এখোজ আগুৱাই যোৱা পৰিলক্ষিত হৈছে৷ দেশ তথা ৰাজ্যৰ অৰ্ধাকাশ মহিলাসকলক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰাৰ লগতে তেওঁলোকক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰোৱাৰ ক্ষেত্ৰতো বাজেটত ব্যৱস্থা লোৱা পৰিলক্ষিত হৈছে৷ নাৰীসকল শিক্ষা-দীক্ষাৰে আগবাঢ়ি আহিলেহে সমাজৰ উন্নয়ন ক্ষিপ্ৰ হ’ব৷ তদুপৰি শিক্ষাৰ অভাৱত আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ কন্যাই কম বয়সতে বিবাহপাশত আবদ্ধ হ’বলগীয়া হয়৷ বহু দুখীয়া পিতৃ-মাতৃয়ে কন্যা সন্তানক সোনকালে বিয়া দি দায়িত্বৰ পৰা হাত সাৰিব খোজে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ গ্ৰহণৰ পাছত নাৰী কল্যাণৰ কথা চিন্তা কৰিয়েই ৰাজ্যৰ পৰা বাল্যবিবাহ ৰোধ কৰাৰ উদ্দেশ্যে বাল্যবিবাহ কৰোৱাসকলক আটক কৰিছিল৷ এনে কাৰ্যৰ বাবে  হয়তো ৰাজ্যখনত বাল্যবিবাহ বহু পৰিমাণে কমিছে৷ উল্লেখ্য, কম বয়সত বিয়া হোৱাৰ বাবেই পিছপৰা কিছুমান অঞ্চলৰ পৰিয়ালত জনসংখ্যা অধিক৷ এইসকলে নামানে পৰিয়াল কল্যাণ আঁচনি৷ বহু দুখীয়া পিতৃ- মাতৃৰ বাবে সন্তান জন্ম পোৱাটো ঈশ্বৰৰ দান বুলি ভাবে৷ এনেবোৰ পৰিয়ালৰ কন্যা সন্তানে যদিহে শিক্ষা লাভৰ সুবিধা পায় আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ উপায় লাভ কৰে, তেন্তে ৰাজ্যৰ উন্নয়ন অৱধাৰিত৷ হয়তো এনেবোৰ কথাৰ প্ৰতি লক্ষ্য কৰিয়েই এইবাৰৰ বাজেটত  নাৰী সবলীকৰণৰ অৰ্থে ‘মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি’, ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি’ ‘অৰুণোদয়’ আদি আঁচনি গ্ৰহণ কৰিছে৷ ‘মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি’ৰ অধীনত ৰাজ্যখনৰ উচ্ছতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰত নামভৰ্তি কৰা দহ লাখ ছাত্ৰীক ক্ৰমে দহ হাজাৰ, ১২,৫০০ টকা আৰু পোন্ধৰ হাজাৰ টকাৰ বিত্তীয় সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে৷ এনে বিত্তীয় সাহায্য অবিবাহিত ছাত্ৰীয়েহে লাভ কৰিব৷ অৰ্থাৎ ইয়াৰ দ্বাৰা ছাত্ৰীক বিয়াৰ সিদ্ধান্ত নিজে লোৱাৰ সুবিধা কৰি দিয়াৰ লগতে সামাজিক ক্ষেত্ৰত আগবাঢ়ি যোৱাতো সহায় কৰিব৷ আনহাতে, আত্মসহায়ক গোটৰ জৰিয়তে মহিলাসকলক বিত্তীয় সাহায্য আগবঢ়াই স্বাৱলম্বী কৰিবলৈ লোৱা ব্যৱস্থাও নিশ্চয় মহিলা সবলীকৰণৰ ক্ষেত্ৰত সবল পদক্ষেপ৷ 
অৱশ্যে, নিৰ্বাচনৰ কথা মনত ৰাখি প্ৰস্তুত কৰা বাজেটখনত প্ৰায় বিছ লাখ নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনৰ নিবনুৱা সমস্যা সমাধানৰ সঠিক পৰিকল্পনা নাই৷ পৰ্যটন বিভাগৰ জৰিয়তে বহু লোকে সংস্থাপনৰ সুবিধা লাভৰ উপায় থকা সত্ত্বেও বাজেটত পৰ্যটনে বিশেষ গুৰুত্ব নাপালে৷ শিক্ষা, সমাজ কল্যাণ বিভাগ আৰু স্বাস্থ্য বিভাগত প্ৰায় ২ লাখ ৭০ হাজাৰ আঁচনিভুক্ত কৰ্মচাৰী আছে৷ অসমত ৰ লাখ ২২ হাজাৰ অংগনৱাড়ী কৰ্মী-সহায়িকা আছে৷ কেন্দ্ৰীয় চৰকাৰে এইসকলক মাহেকে ৪,৫০০ টকা মাননী দিয়ে৷ মাত্ৰ ৬টা কামৰ বাবে এই আঁচনি আৰম্ভ কৰিছিল৷ কিন্তু বৰ্তমান ৰাজ্য চৰকাৰে এইসকল কৰ্মীক ২৪টা অতিৰিক্ত কাম জাপি দিছে; অথচ মাননীৰ ক্ষেত্ৰত দেশৰ ভিতৰতে সকলোতকৈ কম৷ শিশু আৰু নাৰীৰ স্বাস্থ্যৰ বিকাশৰ বাবে এইসকল কৰ্মীয়ে মাহিলী মাত্ৰ কেন্দ্ৰীয় চৰকাৰৰ ৪,৫০০ আৰু ৰাজ্য চৰকাৰৰ অতিৰিক্ত ২,০০০সহ মুঠ ৬,৫০০ টকা আৰু সহায়িকাই কেন্দ্ৰীয় চৰকাৰৰ ২,২৫০ টকা আৰু ৰাজ্য চৰকাৰৰ ১,০০০ টকাসহ মুঠ ৩,২৫০ টকাত কাম কৰি আছে৷ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ শিশু আৰু নাৰী কল্যাণ বিভাগৰ অধীনত মাত্ৰ ছটা কামৰ বাবে নিয়োগ কৰিছিল যদিও বৰ্তমান চৰকাৰী আৰু বেচৰকাৰীভাৱে পোষণ উৎসৱ, চিকিৎসা, গৰ্ভৱতী মাতৃক আইৰন টেবলেট যোগান ধৰা, শিশুৰ পেলু টেবলেট যোগান ধৰা, ভোটাৰ তালিকাৰ সমস্ত কাম কৰা, গৰ্ভৱতী মাতৃ আৰু শিশুৰ বাবে গ্ৰহণ কৰা সকলো আঁচনিৰ প্ৰ-পত্ৰ পূৰণ কৰা, শিশুৰ ১৬ বছৰলৈকে ভেকচিন দিয়া আদি কাম কৰিব লগা হয়৷ কেন্দ্ৰীয় শ্ৰম আয়োগৰ মতে, এজন সক্ষম শ্ৰমিকৰ প্ৰতিদিনে হাজিৰা ৭০০ টকাকৈ, মাহেকত কমেও ২১ হাজাৰ টকা দিব লাগে৷ কিন্তু এইসকলে এই হাৰে মাননী লাভ কৰিছেনে? বিধানসভাত কেইবাজনো বিৰোধী বিধায়কে বিষয়টো উত্থাপন কৰাৰ পাছতো বাজেটত বিষয়টোৱে স্থান নাপালে৷ আনহাতে, কামৰ বোজা অধিক যদিও সেই অনুপাতে দেশৰ আন ৰাজ্যৰ তুলনাত অসমত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ মাননীৰ লগতে সা-সুবিধা কম৷ ৰাজ্যৰ ৰ লাখ ১৭ হাজাৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ মাননী বৃদ্ধিৰ বিষয়টোৱেও বাজেটত স্থান নাপালে৷ অৰ্থাৎ এই কামত নিয়োজিত সকলো নাৰীয়েই নহয়নে? এইবাৰৰ বাজেটে কিছু অংশক সকাহ দিব যদিও অৱহেলিত এচাম অৱহেলিত হৈয়েই থাকিব৷