Logo
image

ডিজিপিৰ আহ্বানঃ হেলমেট অবিহনে বাইক নচলাব

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে ৰাজ্যজুৰি পালন কৰা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ, ২০২৪ৰ সামৰণি অনুষ্ঠানটি বুধবাৰে খানাপাৰাস্থিত প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয়৷ অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত আয়োজিত অনুষ্ঠানত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য মুখ্য অতিথি হিচাপে আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে৷ মন্ত্ৰী শুক্লবৈদ্যই পথ সুৰক্ষাৰ বাবে শেহতীয়াকৈ ৰাজ্যৰ সকলো বিধানসভা সমষ্টি স্পৰ্শ কৰি তেওঁ কৰা মটৰ চাইকেল শোভাযাত্ৰাৰ অভিজ্ঞতা বৰ্ণনা কৰে৷ পথ সুৰক্ষাৰ ক্ষেত্ৰত কেৱল আৰক্ষী বা পৰিবহণ বিভাগেই নহয় আবকাৰী, পথ নিৰ্মাণৰ লগত জড়িত বিভাগৰো দায়িত্ব আছে বুলি মন্ত্ৰীজনে মন্তব্য কৰে৷ অনুষ্ঠানত প্ৰদান কৰা ভাষণত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয়– পথ সুৰক্ষাৰ ক্ষেত্ৰত নিৰৱচ্ছিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিলেহে সফলতা পোৱা যাব৷ পথ সুৰক্ষাৰ সজাগতাৰ বাবে পৰিবহণ মন্ত্ৰীয়ে শেহতীয়াকৈ প্ৰায় ৬ হাজাৰ কিলোমিটাৰ হেলমেট পিন্ধি মটৰ চাইকেল চলোৱাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ দল-সংগঠনসমূহে মটৰ চাইকেল সমদল কৰাৰ সময়কে ধৰি বাইক চলোৱাৰ সময়ত সকলোকে হেলমেট পৰিধান কৰিবলৈ আহ্বান জনায়৷ পৰিবহণ বিভাগৰ অতিৰিক্ত সচিব তথা অসম চৰকাৰৰ পথ সুৰক্ষা সম্পৰ্কীয় লীড এজেন্সিৰ মুৰব্বী গৌৰৱ উপাধ্যায়ে ৰাজ্যৰ পথ সুৰক্ষা পৰিস্থিতি আৰু এইক্ষেত্ৰত অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত ব্যাখ্যা কৰে৷ অনুষ্ঠানত আই আই টি গুৱাহাটীৰ অধ্যাপক অখিলেশ কুমাৰ মৌৰ্য, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাথনি উন্নয়ন পৰিষদৰ শীৰ্ষ বিষয়া উপস্থিত থাকি বক্তব্য প্ৰদান কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে ৰাজ্য চৰকাৰৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ উদ্দেশ্য ব্যাখ্যা কৰি যান-বাহন ব্যৱহাৰকাৰী আৰু পৰিবহণ খণ্ডৰ লগত জড়িত সংস্থাসমূহক পথ দুৰ্ঘটনা হ্ৰাস আৰু যান-বাহন চলাওঁতে মানি চলিবলগীয়া নীতি-নিয়মসমূহক অগ্ৰাধিকাৰ দিবলৈ উৎসাহিত কৰাটোৱে পথ সুৰক্ষা মাহৰ উদ্দেশ্য বুলি কয়৷ এইবাৰৰ পথ সুৰক্ষা সজাগতাক সমাজৰ সৰ্বস্তৰলৈ আগবঢ়াই নিয়াৰ লক্ষৰে সমগ্ৰ দেশতে ১৫ জানুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ পথ সুৰক্ষা মাহ পালন কৰাৰ কথা সহকাৰী পৰিবহণ আয়ুক্তজনে উল্লেখ কৰে৷ জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে সভাত উপস্থিত থকাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়৷