ম’বাইলৰ বাহিৰেও চকুৰ ক্ষতি কৰা পাঁচটা কাৰণ
আমাৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ উপহাৰ হ’ল চকু৷ দুচকু মেলিয়েই আমি নানাৰঙী পৃথিৱীখন দেখিছোঁ৷ পৃথিৱীৰ বিচিত্ৰ ৰূপ দেখি আমি নয়ন সাৰ্থ কৰিছোঁ৷ সম্প্ৰতি আমাৰ জীৱনযাত্ৰাত এনে কিছুমান ভুল-ত্ৰুটি ৰৈ যায় যি আমাক দিনৌ ক্ষতি কৰে৷ ইয়াৰ ভিতৰত আছে চকুও৷
ক’ভিড কালত লকডাউনৰ সময়ত জীৱনযাত্ৰা স্তব্ধ হৈ পৰাত আমি কম্পিউটাৰৰ আশ্ৰয় লৈছিলোঁ৷ ম’বাইল-কম্পিউটাৰত চকু ৰাখিয়েই দিনটো কটাইছিলোঁ৷ দিনটোৰ অধিক সময় কম্পিউটাৰ বা ম’বাইলতে দৃষ্টি নিবন্ধ হৈ থকাত চকুযুৰিয়ে বহু কষ্ট পায়৷
- খাদ্যাভ্যাসৰ ভুল-ভ্ৰান্তি
তদুপৰি খাদ্যভ্যাসৰ ভুল-ভ্ৰান্তিৰ বাবে চকুৰ সমস্যাত ভুগিব লগা হয়৷ কাৰণ খাদ্য সামগ্ৰীৰ মাজত এনে কিছু মাইক্ৰ’নিউট্ৰিয়েণ্টছ থাকে যি চকু ভালে ৰাখে৷ কিন্তু আমি প্ৰণালীবদ্ধ খাদ্য খাই চকুৰ যত্ন নলওঁ৷ বিজ্ঞানে কৈছে– চকু ভালে ৰাখিবলৈ বিচাৰিলে ভিটামিন চি, জিংক, লুটেন, ওমেগা ফেটিএচিড থকা খাদ্য অধিক খাব লাগে৷ এই ক্ষেত্ৰত মৌচুমী, সতেজ শাক-পাচলি বেছিকৈ খাব লাগে৷ যি চকু ভালে ৰখাত সহায় কৰে৷
- প্ৰটেক্টিভ চশমা নিপিন্ধা
ঘৰৰ ভিতৰত থাকিলে আমাৰ দুচকু যিদৰে কম্পিউাৰতে নিবন্ধ হৈ থাকে, সেইদৰে বাহিৰ ওলালেই বহু প্ৰদূষণৰ মাজত আমি থাকিব লাগে৷ ইয়াৰ পৰা হাত সাৰিবলৈ চকুত প্ৰটেক্টিভ চশমা পিন্ধিব লাগে৷ এই ধৰণৰ চশমা পিন্ধিলে চকুত চাপ কম পৰে৷
- চকুক বিশ্ৰাম নিদিয়া
আমাৰ চকুৰ বিশ্ৰামৰ প্ৰয়োজন আছে৷ কাৰণ অনবৰতে কম্পিউটাৰ, ম’বাইল, টিভি চাই থাকিলে চকুত চাপ পৰে৷ যাৰ বাবে দুচকুত বিষ, জ্বালা ইত্যাদি সমস্যাই দেখা দিয়ে৷ গতিকে চকু বন্ধ ৰাখি বিশ্ৰাম কৰিবলৈ দিব লাগে৷
- নিয়মিত আই চেকআপ নকৰা
বছৰত অন্ততঃ এবাৰ চকু পৰীক্ষা কৰিব লাগে৷ কাৰণ চকুৰ অনেক সমস্যা আমি প্ৰাথমিকভাৱে বুজিব নোৱাৰোঁ৷ কিন্তু পৰীক্ষা কৰিলে সেই সমস্যাৰ উৎস উলিয়াব পাৰি৷ সেয়ে বছৰত এবাৰ হ’লে চকু পৰীক্ষা কৰাটো দৰকাৰ৷
- চকুৰ পানী শুকাই যোৱা
অত্যধিক ম’বাইল, কম্পিউটাৰ বা টিভি ওচৰত বহি থাকিলে যিদৰে চকুৰ সমস্যাৰ সৃষ্টি হয়, সেইদৰে চকুৰ পানী শুকাই গ’লেও চকুৰ ক্ষতি হ’ব পাৰে বুলি আশংকা কৰিছে বিশেষজ্ঞসকলে৷ যাৰ বাবে চকুত আঘাতো হ’ব পাৰে৷